ETV Bharat / state

অখিল গগৈক লৈ গভীৰ ষড়যন্ত্ৰৰ অভিযোগ ৰাইজৰ দলৰ নেতা ভাস্কো ডি শইকীয়াৰ

অখিল গগৈৰ জনপ্রিয়তাত ভয় খাই চৰকাৰে নতুন ষড়যন্ত্র ৰচনা কৰিছে বুলি অভিযোগ তুলিছে ৰাইজৰ দলৰ শীৰ্ষ নেতা ভাস্কো ডি শইকীয়াই ৷ উল্লেখ্য যে, অখিল গগৈক চাবুৱা থানাৰ গােচৰত 'নিয়া'ৰ আদালত দোষমুক্ত ঘােষণা কৰাৰ পাছতেই চানমাৰি থানাৰ গােচৰ সন্দৰ্ভত চার্জ ফ্রেম’ৰ শুনানিৰ শেষ মূহূৰ্তত মঙলবাৰে ‘নিয়া'ই অখিল গগৈৰ বিৰুদ্ধে এখন অতিৰিক্ত অভিযােগনামা দাখিল কৰিছে।

author img

By

Published : Jun 29, 2021, 10:13 PM IST

Updated : Jun 30, 2021, 10:18 AM IST

akhil gogoi is again under a big conspiracy : raijor dol
অখিল গগৈক লৈ গভীৰ ষড়যন্ত্ৰৰ অভিযোগ ৰাইজৰ দলৰ নেতা ভাস্কোডি শইকীয়াৰ

গুৱাহাটী, ২৯ জুনঃ নিয়া(NIA)ৰ আদালতে ৪৫ বছৰীয়া বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ(Akhil Gogoi)ক চাবুৱা থানাত ৰুজু হৈ থকা গোচৰত দোষমুক্ত কৰে যদিও চান্দমাৰি থানাত থকা গোচৰৰ পৰা মুক্তি দিয়া নাই । নেতাগৰাকীৰ অধিবক্তা গৰাকীয়ে জানিবলৈ দিয়া অনুসৰি চান্দমাৰি থানাৰ গোচৰৰ শুনানি অহা ৩০ জুন (বুধবাৰে)ত নিয়া আদালত(NIA court)ত হ'ব । তাৰ প্ৰাকমূহুর্তত মংগলবাৰে মহানগৰীৰ মদঘৰীয়াস্থিত ৰাইজৰ দলৰ মুখ্য কাৰ্যালয় (Raijor dol head office)ত এক সংবাদমেল সম্বােধন কৰি ৰাইজৰ দলৰ নেতা ভাস্কো ডি শইকীয়াই (Bhasko D Saikia) কেবাটাও গুৰুত্বৰ অভিযোগ উত্থাপন কৰে ।

এই সংবাদমেল সম্বােধন কৰি নেতাগৰাকীয়ে কয় যে, অখিল গগৈৰ বিৰুদ্ধে পুনৰ ষড়যন্ত্র কৰিছে চৰকাৰ তথা নিয়াই । চার্জ ফ্রেম’ৰ শুনানি শেষ মূহূৰ্তত দাখিল কৰিছে ‘নিয়া'ৰ অতিৰিক্ত অভিযােগনামা । নাম-ঠিকনা গােপন ৰখা বেনামী সাক্ষীৰ সাক্ষাতৰ ভিত্তিত দাখিল কৰিছে অতিৰিক্ত অভিযােগনামা । অখিল গগৈৰ জনপ্রিয়তাত ভয় খাই চৰকাৰে নতুন ষড়যন্ত্র ৰচনা কৰিছে বুলি অভিযোগ তুলি তেওঁ কয় যে ‘নিয়া'ক ব্যৱহাৰ কৰি চৰকাৰে ৰচনা কৰিছে যড়যন্ত্র ।

আগন্তুক বিধানসভা উপ-নির্বাচন(upcoming by election)ৰ আগত যাতে অখিল গগৈ জে’লৰ পৰা বাহিৰ ওলাব নােৱাৰে তাৰ বাবে ষড়যন্ত্র আৰম্ভ কৰিছে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে । মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাক সপােনতাে অখিল গগৈৰ জনপ্রিয়তাৰ ভূতে খেদি আছে বুলি কটাক্ষ কৰিছে শইকীয়াই ৷

ইয়াৰ লগতে তেওঁ কয় যে, অখিল গগৈক চাবুৱা থানাৰ গােচৰত 'নিয়া'ৰ আদালত দোষমুক্ত ঘােষণা কৰাৰ পাছতেই বিজেপি চৰকাৰে পুনৰ ষড়যন্ত্র আৰম্ভ কৰিছে । চানমাৰি থানাৰ গােচৰটোৰ চার্জ ফ্রেম(Search frame)’ৰ শুনানি শেষ মূহূৰ্তত মঙলবাৰে ‘নিয়া'ই অখিল গগৈৰ বিৰুদ্ধে এখন অতিৰিক্ত অভিযােগনামা দাখিল কৰিছে । পূর্ব অভিযােগনামাৰ দৰে এই অভিযােগনামাতাে নাই কোনাে প্রত্যয়জনক সাক্ষ্যপ্রমাণ । পূর্বৰ অভিযােগনামাৰ দৰে মংগলবাৰে দাখিল কৰা অতিৰিক্ত অভিযােগনামাৰাে ভিত্তি নাম-ঠিকনা গােপনে ৰখা বেনামী সাক্ষী।

উল্লেখ্য যে, চানমাৰি থানাৰ গােচৰটোত অখিল গগৈৰ হৈ চার্জফ্রেমৰ যুক্তি প্রদর্শন ইতিমধ্যেই শেষ হৈছে । বুধবাৰে এই গােচৰটোত ‘নিয়া'ৰ যুক্তি প্রদর্শন আছে । কিন্তু তাৰ পূর্বে মংগলবাৰে পুনৰ দাখিল কৰা হ’ল ভুৱা সাক্ষ্যৰ ভিত্তিত অতিৰিক্ত অভিযােগনামা । সেয়েহে, ৰাইজৰ দলৰ শীৰ্ষ নেতা ভাস্কোডি শইকীয়াই স্পষ্ট কৰি কয় যে, সকলাে বিৰােধী ৰাজনৈতিক শক্তিৰ মাজত আত্মসমর্পণৰ মনােভাৱ দেখা গৈছে । এই মূহূৰ্তত অখিল গগৈয়ে আপােচবিহীনভাৱে বিজেপি বিৰােধিতাৰ পতাকাখন তুলি ধৰিছে ।

বিজেপি চৰকাৰখনে জানে যে, অখিল গগৈয়ে কেতিয়াও আত্মসমর্পণ নকৰে, আপোচ নকৰে । এই কথাতে ভয়ভীত হৈ অখিল গগৈ যাতে কোনােপধ্যে মুকলি আকাশৰ তললৈ ওলাই আহিব নােৱাৰে, তাৰবাবে ৰচনা কৰিছে ইটোৰ পাছত সিটো যড়যন্ত্র । কিন্তু এই ষড়যন্ত্রৰ জাল ফালি মুকলি আকাশৰ তললৈ আহিব বুলি কৈ ভাস্কোডি শইকীয়াই আশা প্ৰকাশ কৰে ।

লগতে পঢ়ক : প্ৰসংগ APSC কেলেংকাৰী: প্ৰাক্তন DIGৰ পুত্ৰ, সাংবাদিকৰ আত্মীয়ক তলব

Last Updated : Jun 30, 2021, 10:18 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.