ETV Bharat / state

শপত গ্ৰহণৰ বাবে অনুমতি লাভ অখিল গগৈৰ - NIAৰ আদালত

AKHIL GOGOI GOT PERMISSION FOR OATH TAKING
শপত গ্ৰহণৰ বাবে অনুমতি লাভ অখিল গগৈৰ
author img

By

Published : May 11, 2021, 6:12 PM IST

Updated : May 11, 2021, 8:14 PM IST

18:04 May 11

কাৰাগাৰৰ পৰা বিধানসভালৈ আহিব পাৰিব অখিল গগৈ । NIA ৰ আদালতে মঙলবাৰে কাৰাৰুদ্ধ নৱ নিৰ্বাচিত বিধায়ক অখিল গগৈক শপত গ্ৰহণৰ অনুমতি প্ৰদান কৰে ।

গুৱাহাটী,11 মে’: বহু জল্পনা-কল্পনাৰ অন্তত মঙলবাৰে NIA ৰ আদালতে শিৱসাগৰ বিধানসভা সমষ্টিৰ নৱ নিৰ্বাচিত বিধায়ক অখিল গগৈক বিধায়ক হিচাপে শপত গ্ৰহণ কৰাৰ অনুমতি প্ৰদান কৰিছে । ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ অধিবক্তাই বিধায়ক হিচাপে শপত গ্ৰহণৰ অনুমতি বিচাৰি NIA ৰ আদালতত এক লেখ আবেদন দাখিল কৰিছিল । উক্ত আবেদনৰ শুনানি গ্ৰহণ কৰি মঙলবাৰে NIA ৰ আদালতে কাৰাৰুদ্ধ নৱ নিৰ্বাচিত বিধায়ক অখিল গগৈক শপত গ্ৰহণৰ অনুমতি প্ৰদান কৰে ।

উল্লেখ্য যে, ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে কাৰাৰুদ্ধ অৱস্থাৰে শিৱসাগৰ বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি নিকটতম প্ৰাৰ্থী বিজেপিৰ সুৰভী ৰাজকুঁৱৰীক ১১,৭৮২ টা ভোটৰ ব্যৱধানত পৰাস্ত কৰি বিজয় লাভ কৰিবলৈ সক্ষম হৈছিল ।

লগতে পঢ়ক: প্ৰতিমাহে এখনকৈ সংবাদমেল সম্বোধন কৰিম: মুখ্যমন্ত্ৰী হিমন্ত

Last Updated : May 11, 2021, 8:14 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.