ETV Bharat / state

অইলৰ বিৰুদ্ধে প্ৰতিবাদ ঘোষণা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ

author img

By

Published : Mar 14, 2022, 7:08 PM IST

অইলৰ বিৰুদ্ধে সৰৱ অসম জাতীয়তাবাদী যুৱছাত্ৰ পৰিষদ (AJYPC against OIL)৷ বিতৰ্কিত জন এনাৰ্জিক অইলত নিষিদ্ধ কৰাৰ দাবীত আৰু অইলৰ শীৰ্ষ পদৰ নিযুক্তিত অসমীয়াক বঞ্চনা কৰাৰ বিৰুদ্ধে প্ৰতিবাদ ঘোষণা যুৱ ছাত্ৰ পৰিষদৰ । অহা ২৩ আৰু ২৮ মাৰ্চত অইলৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিব সংগঠনটোৱে ৷

AJYPC against OIL
AJYPC against OIL

গুৱাহাটী, ১৪ মার্চ: অহা ২৩ আৰু ২৮ মাৰ্চত অইলৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ঘোষণা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ (AJYCP announces protest against OIL)। বিতৰ্কিত জন এনাৰ্জিক অইলত নিষিদ্ধ কৰা আৰু অইলৰ শীৰ্ষ পদৰ নিযুক্তিত অসমীয়াক বঞ্চনা কৰাৰ বিৰুদ্ধে এই প্ৰতিবাদ যুৱ ছাত্ৰ পৰিষদৰ । সোমবাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ গুৱাহাটীৰ কেন্দ্ৰীয় কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি এই প্ৰতিবাদী কাৰ্যসূচীৰ কথা ঘোষণা কৰে পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমায়ে ।

শেহতীয়াভাৱে অইল ইণ্ডিয়াই কিছু তৈল ক্ষেত্র বাঘজান কাণ্ডৰ অন্যতম অভিযুক্ত জন এনার্জি নামৰ প্ৰতিষ্ঠানটোক নিবিদা যোগে গতাই দিয়াৰ প্ৰস্তুতি সম্পন্ন কৰিছে (OIL to handover oilfields to John energy)। অইল ইণ্ডিয়া লিমিটেডৰ এনে হঠকাৰী আৰু জনস্বাৰ্থ বিৰোধী সিদ্ধান্তক তীব্ৰ গৰিহণা জনাইছে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে । অইল ইণ্ডিয়া লিমিটেডে জন এনার্জি নামৰ বিতর্কিত কোম্পানীটোক পুনৰ অইলৰ নিবিদা দিয়া আৰু অইল ইণ্ডিয়া লিমিটেডৰ মুখ্য পৰিচালন সঞ্চালক পদত অসমীয়া লোকক বঞ্চনা কৰি বহিৰাগত লোকক নিযুক্তি দিয়া সন্দৰ্ভত যুৱ-ছাত্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এক সংবাদ মেলৰ আয়োজন কৰে (AJYCP on OIL's decision)।

অইলৰ বিৰুদ্ধে প্ৰতিবাদ ঘোষণা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ

সংবাদ মেলত পৰিষদৰ নেতা গৰাকীয়ে কয় যে, ভয়াৱহ বাঘজান কাণ্ডৰ মূল অভিযুক্ত জন এনাৰ্জিৰ সকলো চুক্তি আৰু নিবিদা বাতিল কৰিবলৈ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে বাঘজান ঘটনাৰ পিছৰে পৰা দাবী জনাই আহিছে (AJYCP demands not to handover oilfields to John energy)। কিন্তু দুর্ভাগ্যজনক বিষয় যে এতিয়ালৈকে অইল ইণ্ডিয়া কর্তৃপক্ষই বিষয়টোত কোনো গুৰুত্ব প্রদান নকৰি শেহতীয়াভাৱে পুনৰ জন এনার্জি নামৰ প্ৰতিষ্ঠানটোক কেইবাখনো তৈলক্ষেত্র গতাই দিয়াৰ প্ৰস্তুতি সম্পন্ন কৰিছে ।

উল্লেখযোগ্য যে, বিগত সময়ত জন এনাৰ্জিৰ নামৰ অইল ইণ্ডিয়া লিমিটেডৰ ঠিকা কৰা ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানটোৰ অদক্ষতা, হেমাহি আৰু বিফলতাৰ বাবে বাঘজানত ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত হৈছিল (Baghjan fire incident)। বিশ্বজুৰি চৰ্চা লাভ কৰা এই অগ্নিকাণ্ডৰ ফলত বহু হেজাৰ লোকৰ সম্পত্তি বিনষ্ট হোৱাৰ লগতে কেইবাজনো লোকে মৃত্যুক সাৱতি ল'ব লগা হৈছিল ।

সম্প্রতি অইল কৰ্তৃপক্ষই বিতর্কিত জন এনার্জি নামৰ প্ৰতিষ্ঠানটোক পুনৰ তৈলক্ষেত্র গতাই দিব বিচৰা কাৰ্যই অইল ইণ্ডিয়া লিমিটেডৰ অসমৰ ৰাইজৰ জীৱন সম্পত্তিৰ প্ৰতি দায়িত্বহীনতাক প্রতীয়মান কৰিছে বুলি উল্লেখ কৰে সংগঠনটোৱে । পলাশ চাংমায়ে সংবাদ মেলত স্পষ্ট কৰি দিয়ে যে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কোনো কাৰণত জন এনার্জিক অইলৰ কোনো কামত জড়িত কৰোৱাটো মানি নলয় ৷ লগতে জন এনাৰ্জিৰ সকলো নিবিদা বাতিল কৰিবলৈ সংবাদ মেল যোগে পুনৰ অইল ইণ্ডিয়া লিমিটেডক দাবী জনায় (AJYCP urges to cancel all tender of John energy)।

যদিহে পুনৰ জন এনার্জি নামৰ প্ৰতিষ্ঠানটোক অইল ইণ্ডিয়া লিমিটেডে তৈল ক্ষেত্ৰৰ নিবিদা প্ৰদান কৰে, তেনেহলে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে লগে লগে তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউত অইল ইণ্ডিয়া লিমিটেডৰ উৎপাদন, খনন আদি কার্য সম্পূৰ্ণৰূপে বন্ধ কৰিব বুলি সকিয়াই দিয়ে । ইয়াৰ পৰা উদ্ভৱ হ'বলগীয়া পৰিস্থিতি বাবে যুৱ- ছাত্ৰ পৰিষদ জগৰীয়া নহয় বুলি সংবাদ মেলত পৰিষদৰ নেতা গৰাকীয়ে স্পষ্ট কৰি দিয়ে ।

আনহাতে, অসমৰ অন্যতম ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান অইল ইণ্ডিয়া লিমিটেডে পূৰ্বৰ দৰে এইবোৰো অতি শেহতীয়াভাৱে পুনৰ অসম বিদ্বেষী নীতি গ্ৰহণ কৰি অইলৰ শীৰ্ষ পদত অর্থাৎ মুখ্য পৰিচালন সঞ্চালকৰ পদত বহিৰাগত লোকক নিযুক্তি দিছে । উল্লেখযোগ্য যে, অইল ইণ্ডিয়া কর্তৃপক্ষই পূর্বতেও বাৰে বাৰে অসমীয়া বিষয়াক বঞ্চিত কৰি অইলৰ শীর্ষ পদত বহিৰাগত লোকক নিযুক্তি দিয়াৰ বিৰোধিতা কৰি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে বহু প্রতিবাদী আন্দোলন কাৰ্যসূচী ৰূপায়ন কৰিছে ।

আনকি, অসম জীয়াৰী দ্বীপশিখা শইকীয়াক অতি ষড়যন্ত্রমূলকভাৱে বঞ্চনা কৰাৰ সময়তো অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে তাৰ তীব্র প্রতিবাদ সাব্যস্ত কৰিছিল । সংবাদ মেলত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অইল ইণ্ডিয়া কর্তৃপক্ষই বাঘজান কাণ্ডৰ একমাত্ৰ অভিযুক্ত জন এনার্জি নামৰ বিতর্কিত প্রতিষ্ঠানটোক পুনৰ অইলৰ নিবিদা দিয়া জনস্বার্থ বিৰোধী আৰু অইলত অসমীয়াক বঞ্চনা কৰাৰ অসম বিদ্বেষী নীতিৰ বিৰুদ্ধে প্রতিবাদী আন্দোলন কাৰ্যসূচী ঘোষণা কৰে ।

সেইমৰ্মে অহা ২৩ মার্চত অইল ইণ্ডিয়াৰ তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউৰ সকলোবোৰ OCS ৰ সন্মুখত পৰিষদে ধর্ণা দি প্ৰতিবাদ সাব্যস্ত কৰিব । তেনেদৰে ২৮ মার্চত অইল ইণ্ডিয়াৰ খনন আৰু উৎপাদন সম্পূৰ্ণৰূপে বন্ধ কৰি সৰ্বাত্মক বন্ধৰ কাৰ্যসূচী ৰূপায়ন কৰিব বুলি মন্তব্য কৰে ।

ইপিনে মাজুলীৰ দলং নিৰ্মাণকে ধৰি, চৰাইদেউ মেডিকেল কলেজ নিৰ্মাণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ বাবে বহু ঠাইত কেইবাটাও ব্লেক লিষ্টেড কোম্পানীয়ে দায়িত্ব লাভ কৰাৰো সংবাদমেলত অভিযোগ উত্থাপন কৰে সংগঠনটোৱে । কেন্দ্ৰই অসমক ডাষ্টবিন হিচাপে ব্যৱহাৰ কৰি প্ৰতিটো নিৰ্মাণ কাৰ্যতে ব্লেক লিষ্টেড কোম্পানী সমূহক দায়িত্ব প্ৰদান কৰিছে বুলি উল্লেখ কৰি এই সকলোবোৰ বিষয়ৰ এক উচিত তদন্তৰ দাবী জনায় সংগঠনটোৱে ।

লগতে পঢ়ক : বাজেট অধিৱেশনৰ প্ৰথম দিনাই সদনৰ পৰা বহিস্কাৰ অখিল গগৈক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.