ETV Bharat / state

অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ প্ৰৱৰ্তনৰ পোষকতা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ - খেলো ইণ্ডিয়া

আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাইয়ে এক সংবাদমেল সম্বোধন কৰি অসমৰ সাম্প্ৰতিক পৰিস্থিতিৰ বিষয়ে কেতবোৰ বিষয় উনুকিয়ায় ৷

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ
অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ
author img

By

Published : Jan 2, 2020, 6:25 PM IST

Updated : Jan 2, 2020, 7:00 PM IST

গুৱাহাটী, 2 জানুৱাৰীঃ আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাইয়ে এক সংবাদমেল সম্বোধন কৰে ৷ এই সংবাদ মেলৰ জৰিয়তে তেওঁ জনায় যে, অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ প্ৰৱৰ্তনৰ বাবে তেওঁলোকৰ সংগঠনটো ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব আৰু ইয়াৰ বাবে তেওঁলোকে যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিছে ৷

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সংবাদমেল

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বছৰৰ প্ৰথম দিনটোত দিয়া সংবাদ মেলত, 'মোক এঘৰীয়া নকৰিব' বুলি কোৱা কথাষাৰ লজ্জাজনক বুলি তীব্ৰ সমালোচনা কৰে সম্পাদক গৰাকীয়ে ৷ লগতে 10 জানুৱাৰী তাৰিখে অনুষ্ঠিত হ'বলগীয়া খেলো ইণ্ডিয়া কাৰ্যসূচীত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অসম আগমণৰ প্ৰসংগতো তেওঁ মন্তব্য কৰে, যদি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ আহে তেন্তে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ইয়াৰ বিৰোধিতা কৰিব ৷

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সংবাদমেল

ইয়াৰোপৰি গণতান্ত্ৰিক আন্দোলনৰ প্ৰতি চৰকাৰৰ শ্ৰদ্ধা থকা বুলি কোৱা সত্বেও এই আন্দোলনত ভাগ লোৱা একাংশ লোকক জেললৈ প্ৰেৰণ কৰাৰ প্ৰসংগ উত্থাপন কৰি কয়, তেওঁলোকে যিমানেই হিটলাৰী শাসন চলাব সিমানেই আন্দোলন কঠোৰ হ'ব ৷

লগতে পঢ়ক: লখিমপুৰত মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ

Intro:অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সংবাদমেল ।অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাই সংবাদমেল সম্বোধন কৰি জানিবলৈ দিয়ে যে অসমত আন্ত ৰাজ্যিক পাৰ্মিত প্ৰৱৰ্তন বাবে ন্যায়ালয়ৰ দ্বাৰস্থ হব সংগঠনটো। লগতে কা বিৰুদ্ধে ধাৰাবাহিক আন্দোলন ঘোষণা কৰিলে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে।
৮ জানুৱাৰীত ৰাজ্য জুৰি সকলো জিলা সমিতিয়ে উলিয়াব প্ৰতিবাদী সমদল।
11 জানুৱাৰীত ক'লা দিৱস পালন কৰিব সমগ্ৰ অসমত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সহযোগত অসমৰ ৰাইজে।
12 জানুৱাৰীত কা বিৰোধী আন্দোলনৰ শ্বহীদ সকলক সমূহীয়া শ্ৰদ্ধাঞ্জলি সৰ্ব ধৰ্ম সভা।
13 জানুৱাৰীত দিছপুৰ লাষ্টগেট ত গণ অৱস্থান কার্যসূচী ৰূপায়ন কৰিব অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ।

Body:অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে বছৰৰ প্ৰথম দিনটোত সংবাদমেল দিয়া কথা সন্দৰ্ভত প্ৰত্যুত্তৰ। এজন মুখ্যমন্ত্ৰী য়ে মোক এঘৰীয়া নকৰিব বুলি কোৱা কথা টো লজ্জাজনক বুলি তীব্ৰ সমালোচনা কৰে । বিদেশী আনি স্বদেশী কৰাৰ সন্দৰ্ভতো তীব্ৰ সমালোচনা পলাশ চাংমাৰ । পলাশ চাংমাৰ প্ৰত্যহ্বান যদি গাদীৰ লোভ নাই তেন্তে মন্ত্ৰীত্ব এৰি কা বিৰোধিতা কৰক মুখ্যমন্ত্ৰী গৰাকীয়ে। সোনোৱাল চৰকাৰে আবেগৰ ৰাজনীতি কৰিছে। পাঁচ জানুৱাৰীত উচ্চতম ন্যায়ালয়ত অসমত আন্ত ৰাষ্ট্রীয় পাৰ্মিত প্ৰৱৰ্তন বাবে ন্যায়ালয়ৰ কাষ চাপিব অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে।

Conclusion:লগতে এই চৰকাৰে গণতান্ত্ৰিক আন্দোলনৰ প্ৰতি সন্মান নথকাৰ সন্দৰ্ভত সমালোচনা পলাশ চাংমাৰ। গণতান্ত্ৰিক আন্দোলৰ অংশ কলা পতাকা প্ৰদৰ্শন কৰিছিল। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সদস্যই কিন্তু ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ তৰি বৰ্তমানেও কাৰাৰুদ্ধ কৰি ৰাখিছে সদস্য সকলক। সেই সকলক মুকলিৰ দাবী কৰি স্পষ্ট ভাষাত কয় যে যিমানে হিটলাৰী শাসন চলাব সিমান প্ৰতিবাদ হব।
Last Updated : Jan 2, 2020, 7:00 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.