গুৱাহাটী, ৫ ছেপ্টেম্বৰ : ত্ৰিপুৰাৰ ৰাজপৰিয়ালৰ অন্তিম গৰাকী ৰজা তথা সাম্প্ৰতিক সময়ত ক্ষুদ্ৰ ক্ষুদ্ৰ খিলঞ্জীয়া জাতিসত্বা সমূহৰ অস্তিত্ব ৰক্ষাৰ বাবে অহৰ্নিশে সংগ্ৰাম চলাই অহা প্ৰদ্যুৎ মাণিক্য দেৱবৰ্মন ৭ ছেপ্টেম্বৰত গুৱাহাটীলৈ আহিব । অসম জাতীয় পৰিষদৰ আমন্ত্ৰণ মৰ্মে গুৱাহাটীলৈ আহিবলগীয়া প্ৰদ্যুৎ মাণিক্য দেৱবৰ্মনে ৭ ছেপ্টেম্বৰৰ পুৱা ১০ বজাত বৰঝাৰ বিমান বন্দৰত উপস্থিত হোৱাৰ পিছতেই পোনে পোনে আহিব শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰলৈ ।
কলাক্ষেত্ৰত তেওঁ অসম জাতীয় পৰিষদৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক আৰু জিলা সমিতিসমূহৰ সভাপতি সকলৰ উপস্থিতিত ভাষণ প্ৰদান কৰিব । সেই অনুষ্ঠানৰ পিছতে সন্ধিয়া আঞ্চলিকতাবাদ আৰু জাতীয়তাবাদত বিশ্বাসী গুৱাহাটীৰ ৭০ গৰাকী আমন্ত্ৰিত বিশিষ্ট ব্যক্তিৰ সৈতে মত বিনিময় কৰাৰ লগতে এক চাহমেলতো ভাগ ল’ব ।
এই অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ একাংশ শিক্ষাৰ্থীও উপস্থিত থাকিব । ৭ ছেপ্টেম্বৰৰ নিশাটো গুৱাহাটীত কটাই পিছদিনা তেওঁ ৰাওনা হ’ব শ্বিলঙলৈ । উল্লেখযোগ্য যে, 'কা' বিৰোধী সংগ্ৰামখনত কেৱল ত্ৰিপুৰাতে নহয়, সমগ্ৰ দেশতে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল প্ৰদ্যুৎ মাণিক্য দেৱ বৰ্মনে ।
মনকৰিবলগীয়া যে, অসম জাতীয় পৰিষদে উত্তৰ-পূৱৰ সকলো খিলঞ্জীয়া সংগঠনক একলগ কৰি এক নতুন ৰাজনৈতিক মঞ্চ গঠনৰ বাবে পৰিকল্পনা কৰিছে । ইতিমধ্যে, দলটোৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে ইটিভি ভাৰতৰ সৈতে হোৱা এক বিশেষ সাক্ষাৎকাৰত এই কথা প্ৰকাশ কৰিছে । তেনে সময়তে প্ৰদ্যুৎ মাণিক্য দেৱবৰ্মনৰ দৰে নেতাৰ অসম আগমনে স্বাভাবিকতে গুৰুত্ব বহন কৰিছে ।
লগতে পঢ়ক : আলফা স্বাধীনৰ সভাপতিৰ দায়িত্বত পৰেশ অসম