ETV Bharat / state

AJP protest against Ajmal : আজমলক গ্ৰেপ্তাৰৰ দাবী জাতীয় সংখ্যালঘু শক্তিৰ

author img

By

Published : Dec 5, 2022, 9:06 PM IST

বদৰুদ্দিন আজমলৰ সাম্প্ৰদায়িক মন্তব্যক লৈ জ্বলিছে অসম (Badaruddin Ajmal controversy) । এ আই ইউ ডি এফ দলৰ হাতীগাঁৱৰ কাৰ্যালয়ৰ সন্মুখত অসম জাতীয় পৰিষদৰ ভাতৃ সংগঠন জাতীয় সংখ্যালঘু শক্তিয়ে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । আজমলক শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবী জনাই প্ৰতিবাদকাৰীসকলে ।

Protest
আজমলক গ্ৰেপ্তাৰৰ দাবী জাতীয় সংখ্যালঘু শক্তিৰ

গুৱাহাটী,৫ ডিচেম্বৰ : এ আই ইউ ডি এফ দলৰ সভাপতি তথা সাংসদ বদৰুদ্দিন আজমলৰ সাম্প্ৰদায়িক মন্তব্যই দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে (Badaruddin Ajmal controversy)। অসমৰ ভিন্ন প্ৰান্তত বিভিন্ন দল-সংগঠনে আজমলৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে (Protest against Badaruddin Ajmal)। ইয়াৰ মাজতে সোমবাৰে এ আই ইউ ডি এফ দলৰ হাতীগাঁৱৰ কাৰ্যালয়ৰ সন্মুখত অসম জাতীয় পৰিষদৰ ভাতৃ সংগঠন জাতীয় সংখ্যালঘু শক্তিয়ে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । প্ৰতিবাদকাৰীসকলে হাতে হাতে বেনাৰ, পোষ্টাৰ লৈ বদৰুদ্দিন আজমলক গ্ৰেপ্তাৰ কৰাৰ দাবী জনায় ।

প্ৰতিবাদকাৰীসকলে বদৰুদ্দিন আজমল বিৰোধী বিভিন্ন শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে (AJP protest in Guwahati)। প্ৰতিবাদকাৰীসকলে কোৱা মতে সাংসদগৰাকীৰ মন্তবাই দেশৰ সংবিধানক অপমান কৰিছে । যাৰ ফলত সমাজত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । ইয়াৰ দ্বাৰা হিন্দু-মুছলমানৰ মাজত সংঘৰ্ষ হোৱাৰো আশংকা ব্যক্ত কৰিছে সংগঠনটোৱে ।

আজমলৰ বিৰুদ্ধে তদন্ত কৰি আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈও প্ৰতিবাদকাৰীসকলে দাবী জনায় । অতি শীঘ্ৰে আজমলক গ্ৰেপ্তাৰ কৰাৰো দাবী জনাই অসম জাতীয় পৰিষদৰ ভাতৃ সংগঠন জাতীয় সংখ্যালঘু শক্তিয়ে । সমগ্ৰ বিষয়টোত অসমৰ মুখ্যমন্ত্ৰীৰ ভূমিকাক লৈও প্ৰশ্ন উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে (AJP slams Assam CM)। ইয়াৰ উপৰিও এ আই ইউ ডি এফ দলক বিজেপি চৰকাৰৰ বি টীম আখ্যা ।

অসমৰ আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তকো তীব্ৰ সমালোচনা কৰে অসম জাতীয় পৰিষদৰ কৰ্মীসকলে । মহিলা প্ৰতিবাদকাৰীসকলৰ মতে সাংসদগৰাকীৰ মন্তব্য সমগ্ৰ নাৰী সমাজক লজ্জানত কৰিছে । ইফালে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে সংবাদ মাধ্যমক জনায় যে অসম জাতীয় পৰিষদৰ বিভিন্ন জিলা সমিতি আৰু ভাতৃ সংগঠনে ৰাজ্যৰ বিভিন্ন ঠাইত আজমলৰ বিৰুদ্ধে এতিয়ালৈকে কমেও ১০ খন এজাহাৰ দাখিল কৰিছে ৷

উল্লেখ্য যে বদৰুদ্দিন আজমলে শুকুৰবাৰে কৈছিল যে মুছলমান পুৰুষসকলে ২১ বছৰ বয়সতে বিবাহ পাশত আৱদ্ধ হয় । আনহাতে হিন্দু পুৰুষসকলে কমেও ৩ গৰাকী মহিলাৰ সৈতে অবৈধ সম্পৰ্ক ৰাখিবলৈ ৪০ বছৰ বয়সলৈকে অবিবাহিত হৈ থাকে । হিন্দুসকলে ৪০ বছৰ বয়সৰ পাছত বিবাহ পাশত আৱদ্ধ হয় । মুছলমানৰ ছোৱালীয়ে ১৮ বছৰ আৰু ল'ৰাই ২২ বছৰ বয়সতে বিবাহপাশত আৱদ্ধ হৈ সন্তান জন্ম দিয়ে ৷ এইক্ষেত্ৰত হিন্দুসকলে মুছলমানৰ পৰা ফৰ্মূলা শিকাৰ উপদেশ দিলে বদৰুদ্দিন আজমলে (Badaruddin Ajmal population growth formula) ৷ অৱশ্যে পৰৱৰ্তী সময়ত তেওঁ এই সন্দৰ্ভত স্পষ্টীকৰণো দিছিল ।

লগতে পঢ়ক :Ajmal Controversy: আজমলৰ বিৰুদ্ধে প্ৰধানমন্ত্ৰী-ৰাষ্ট্ৰপতিক অভিযোগ দিব অসম জাতীয় পৰিষদে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.