ETV Bharat / state

পুঁজি বিচাৰি ৰাইজলৈ আহ্বান অসম জাতীয় পৰিষদৰ - AJP Press meet at Hotel prag cantinel of Guwahati

সংবাদমেলৰ জড়িয়তে দলৰ বিত্তীয় ব্যৱস্থা শক্তিশালী কৰিবৰ বাবে জনগণৰ পৰা পুঁজি বিচাৰি আহ্বান জনাইছে দলটোৰ সভাপতি লুৰিণ জ্যোতি গগৈয়ে ৷ লগতে জাতীয় পৰিষদৰ পৰা আগন্তুক বিধানসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াব বিচৰা আগ্ৰহী প্ৰাৰ্থী সকলক 25 ফেব্ৰুৱাৰীৰ ভিতৰত আবেদন জনাবলৈ আহ্বান জনাইছে লুৰিণজ্যোতিয়ে ৷

ajp-press-meet-at-hotel-prag-cantinel-of-guwahati
হোটেল প্ৰাগ কন্টিনেন্টেলত অসম জাতীয় পৰিষদৰ গুৰুত্বপূৰ্ণ সংবাদমেল
author img

By

Published : Feb 15, 2021, 7:23 PM IST

গুৱাহাটী,15 ফেব্ৰুৱাৰী: 2021 ৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাথো এটা মাহ বাকী ৷ নিৰ্বাচনৰ বাবে তৎপৰ হৈ পৰিছে ৰাজ্যৰ প্ৰতিটো ৰাজনৈতিক দল ৷ ৰাষ্ট্ৰীয় দল সমূহৰ সমান্তৰালকৈ নিৰ্বাচনলৈ কঁকালত টঙালি বান্ধিছে নৱ গঠিত আঞ্চলিক দল অসম জাতীয় পৰিষদে ৷

সোমবাৰে মহানগৰীৰ হোটেল প্ৰাগ কন্টিনেন্টেলত এখন গুৰুত্বপূৰ্ণ সংবাদমেলৰ আয়োজন কৰে অসম জাতীয় পৰিষদে ৷ সংবাদমেলৰ জৰিয়তে দলৰ বিত্তীয় ব্যৱস্থা শক্তিশালী কৰিবৰ বাবে জনগণৰ পৰা পুঁজি বিচাৰি আহ্বান জনাইছে দলটোৰ সভাপতি লুৰিণ জ্যোতি গগৈয়ে ৷

হোটেল প্ৰাগ কন্টিনেন্টেলত অসম জাতীয় পৰিষদৰ গুৰুত্বপূৰ্ণ সংবাদমেল

সংবাদমেলত নেতা গৰাকীয়ে ৰাইজৰ পৰা মাননি বিচাৰি উল্লেখ কৰে যে, জমা হোৱা সেই সকলো ধনৰাশিৰ তথ্য দলটোৰ ৱেবচাইটত প্ৰতি সপ্তাহে মুকলিকৈ প্ৰকাশ কৰা হ'ব ৷ লগতে দলটোক প্ৰয়োজনীয় পৰামৰ্শ দিবলৈ তথা অভাৱ অভিযোগ উত্থাপন কৰিবলৈ 18002702626 ট’ল ফ্ৰী নম্বৰত যোগাযোগ কৰাৰ আহ্বান জনাইছে লুৰিণ জ্যোতি গগৈয়ে ৷

লগতে নেতা গৰাকীয়ে উল্লেখ কৰে যে, যদি দলে 2021 ত দিছপুৰত চৰকাৰ গঠন কৰিবলৈ সক্ষম হয় তেন্তে এই ট’ল ফ্ৰী নম্বৰত ফোন কৰি সমস্যা জনালে সেইয়া সমাধান কৰা হ'ব ৷

লগতে সকলো জনসাধাৰণক 'জাতীয় সেৱক' হৈ অসমৰ প্ৰগতিত নিজৰ অৱদান আগবঢ়াবলৈ আহ্বান জনায় দলটোৱে মুকলি কৰিলে ৱেবচাইত ৷ sevak.assamjatiyaparishad.org এই ৱেবচাইটত নিজৰ মতামত দিবলৈ সোমবাৰে সংবাদমেলযোগে আহ্বান জনালে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে ৷

সমান্তৰালভাৱে জাতীয় পৰিষদৰ পৰা আগন্তুক বিধানসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াব বিচৰা আগ্ৰহী প্ৰাৰ্থী সকলক 25 ফেব্ৰুৱাৰীৰ ভিতৰত আবেদন জনাবলৈ আহ্বান জনাইছে লুৰিণজ্যোতিয়ে ৷ তাৰ বাবে প্ৰাৰ্থীসকলে জমা দিব লাগিব বিশ হাজাৰকৈ টকা ৷

লগতে পঢ়কঃ ৰাজ্যসভা নিৰ্বাচন: বিজেপিৰ প্ৰাৰ্থীৰূপে মনোনয়ন দাখিল বিশ্বজিৎ দৈমাৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.