ETV Bharat / state

'কা' আইন কৰ'ণাতকৈয়ো ভয়াবহ ভাইৰাছ: অদীপ কুমাৰ ফুকন - কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

অসম জাতীয় পৰিষদৰ সংবাদমেল ৷ বিজেপি চৰকাৰৰ বিৰুদ্ধে সংবাদমেল সম্বোধন নৱ গঠিত আঞ্চলিক দলটোৰ ৷ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক সমালোচনা দলটোৰ ৷

ajp-press-meet-at-ghy
'কা' আইন কৰ'ণাতকৈয়ো ভয়াবহ ভাইৰাছ: অদীপ কুমাৰ ফুকন
author img

By

Published : Feb 12, 2021, 8:28 PM IST

গুৱাহাটী, 12 ফেব্ৰুৱাৰী : অমিত শ্বাহৰ উপস্থিতিয়ে পুনৰ বিজেপি দলৰ অসম বিৰোধি স্থিতি স্পষ্ট কৰিলে । অসমবাসীক পুনৰ ভয়, শংকা আৰু সংকটৰ মাজলৈ নিয়াৰ যো-জা চলাইছে চৰকাৰে । অসমীয়া ভাষা-সংস্কৃতিক ধ্বংস কৰিব পৰা প্ৰসংগ মুকলিকৈ প্ৰকাশ কৰিছে অমিত শ্বাহে । 'কা' আইন কৰ'ণাতকৈয়ো ভয়াবহ ভাইৰাছ এই মন্তব্য অসম জাতীয় পৰিষদৰ উপ-সভাপতি অদীপ কুমাৰ ফুকনৰ ।

অদীপ কুমাৰ ফুকনৰ মন্তব্য

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ শেহতীয়া অসম ভ্ৰমণৰ সময়ছোৱাত কৰ'ণা প্ৰতিষেধক প্ৰদান অভিযান অন্ত পৰাৰ পিচতে 'কা' বলবৎ হ'ব বুলি কোৱা মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে 'অসম জাতীয় পৰিষদে' । কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীৰ এনে মন্তব্যক লৈ শুকুৰবাৰে দলটোৰ আমবাৰীস্থিত মুখ্য কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰিলে অদীপ কুমাৰ ফুকনে । ফুকনৰ মন্তব্য অনুসৰি, 'কা' বলবৎ হ'লে ঐকবদ্ধ সংগ্ৰাম বলবৎ হ'ব । উদ্যোগক্ষেত্ৰ বিকাশতকৈ উদ্যোগ ধ্বংসত আগভাগ লৈছে ৰাজ্যৰ উদ্যোগ মন্ত্ৰীয়ে ।

লগতে পঢ়ক : অসমত পেট্ৰ'ল-ডিজেলৰ মূল্য হ্ৰাস:বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.