ETV Bharat / state

Civil society meeting on Communal harmony: দেশত চলিছে বিভেদৰ ৰাজনীতি:হাফিজ ৰছিদ - Civil society meeting on Communal harmony

গুৱাহাটীত ৰাজ্যত সাম্প্ৰদায়িক বিভাজনৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে অজাপৰ নাগৰিক সভাত অংশগ্ৰহণ কেইবাগৰাকী বিশিষ্ট নাগৰিকৰ । সভাত বক্তাসকলৰ অসমত সাম্প্ৰদায়িক সম্প্ৰীতি অটুট ৰখাৰ আহ্বান ।

Civil society meeting in Guwahati
অসম জাতীয় পৰিষদৰ উদ্যোগত নাগিৰক সভা
author img

By

Published : Aug 5, 2023, 8:10 PM IST

অসম জাতীয় পৰিষদৰ উদ্যোগত নাগিৰক সভা

গুৱাহাটী, ৫ আগষ্ট: অসমত সাম্প্ৰদায়িক সম্প্ৰীতি অটুট ৰখাৰ উদ্দেশ্যে আৰু মণিপুৰৰ ঘটনা সন্দৰ্ভত অসম জাতীয় পৰিষদৰ উদ্যোগত শনিবাৰে গুৱাহাটীত এখন নাগৰিক সভা অনুষ্ঠিত হয় । এই সভাত সভাপতিত্ব কৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীনজ্যোতি গগৈয়ে । সভাপতিৰ ভাষণত লুৰীনজ্যোতি গগৈয়ে কয় যে মঙলদৈত বজৰং দলে মুকলিকৈ অস্ত্ৰ চালনাৰ প্ৰশিক্ষণ দিয়া ঘটনাৰ ক্ষেত্ৰত চৰকাৰ তথা আৰক্ষী বিভাগৰ পক্ষপাতমূলক আচৰণ আৰু স্বয়ং চৰকাৰী বৰমূৰীয়াসকলৰ দ্বাৰা ৰাজ্যত সাম্প্ৰদায়িক বিভাজনৰ ষড়যন্ত্ৰ চলা বিষয়সমূহে সকলোকে উদ্বিগ্ন কৰি তুলিছে ৷

তেওঁ কয় যে শাসক দলৰ একাংশ নেতাৰ দ্বাৰা সাম্প্ৰদায়িক উচটনিমূলক বক্তব্য প্ৰদান কৰা আৰু তাৰ প্ৰত্যুত্তৰ দিয়াৰ নামত আন একাংশই সাম্প্ৰদায়িক বক্তব্য প্ৰকাশৰ জৰিয়তে ৰাজ্যৰ সম্প্ৰীতিৰ আকাশখন ডাৱৰীয়া কৰি তোলাৰ বিষয়টো উদ্বেগজনক ৷ অসম জাতীয় পৰিষদৰ সভাপতি লুৰীনজ্যোতি গগৈয়ে পুনৰ কয় যে সাম্প্ৰদায়িকতাৰ উকমুকনিয়ে সমগ্ৰ সমাজ ব্যৱস্থাৰ প্ৰতি ভাঙোন আৰু প্ৰত্যাহ্বান কঢ়িয়াই আনিছে । এনে এক জটিল সন্ধিক্ষণত এই নাগৰিক সভা আহ্বান কৰা হৈছে । সাম্প্ৰদায়িকতাৰ বিষবাস্প সমগ্ৰ দেশতে বিয়পিব ধৰিছে। গতিকে এনে সময়ত মানুহৰ মাজত সমন্বয় আৰু সম্প্ৰতিৰ এনাজৰীডাল কটকটীয়া কৰি তুলিব লাগিব । এয়া সময়ৰ আহ্বান।

ইপিনে,সভাত বিশিষ্ট অধিবক্তা হাফিজ ৰছিদ চৌধুৰীয়ে কয় যে দেশত এতিয়া বিভেদৰ ৰাজনীতি চলি আছে । শাসনপক্ষই এই বিভেদৰ ৰাজনীতিত সাৰপানী যোগায় আছে । তেওঁ মনিপুৰৰ ঘটনাক উদ্বেগ প্ৰকাশ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰৰ দুৰ্বল ভূমিকাক সমালোচনা কৰে । বিভেদৰ ৰাজনীতিক বাধা দিবলৈ তেওঁ ৰাইজক আহ্বান জনায় ।

উক্ত সভাত অধ্যাপক অপূৰ্ব কুমাৰ বৰুৱাই মণিপুৰৰ ঘটনাৰ বাবে ৰজাঘৰীয়াক জগৰীয়া কৰি কয় যে মণিপুৰত শান্তি স্থাপন কৰাৰ বাবে বি জে পি চৰকাৰৰ কোনো গুৰুত্ব নাই । এই সভাত ভাষণ দি লেখিকা মাইনী মহন্তই কয় যে একাংশ ষড়যন্ত্ৰকাৰীয়ে সমাজখন অসুস্থ কৰি তুলিছে । ষড়যন্ত্ৰকাৰীসকলে যাতে ভৱিষ্যতে অসমত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি নকৰে তাৰ বাবে সকলোৱে সজাগ আৰু সচেতন হৈ থাকিব লাগিব ।

উক্ত সভাত বিশিষ্ট সাংবাদিক হাইদৰ হুছেইন, বিশিষ্ট নাগৰিক দেবেন তামুলী, বিশিষ্ট অধিবক্তা নেকিবুৰ জামান প্ৰমুখ্যে কেবাগৰাকীও গণ্য়মান্য ব্যক্তিয়ে অসমত সাম্প্ৰদায়িক সম্প্ৰীতি অটুট ৰখাৰ আহ্বান জনায় । সভাৰ শেষত অসমত সাম্প্ৰদায়িক সম্প্ৰীতি অটুট ৰখাৰ বাবে কাৰ্যপন্থা গ্ৰহণ কৰা, সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে যুঁজ দিয়া, মণিপুৰত শান্তি প্ৰতিষ্ঠা কৰাৰ আহ্বান জনাই কেবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয় ।

লগতে পঢ়ক:Car bid at ONGC:অ'এন জি চিত থলুৱাক প্ৰৱঞ্চনাৰ অভিযোগ অসমীয়া যুৱ মঞ্চৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.