ETV Bharat / state

হোটেল প্ৰাগ কন্টিনেন্টেলত অসম জাতীয় পৰিষদৰ কাৰ্যনিৰ্বাহক - কা বিৰোধী আন্দোলন আকৌ হ’ব

দেওবাৰৰ কাৰ্যনিৰ্বাহকত উপস্থিত থাকি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ বিৰুদ্ধে তীব্ৰ আক্ৰমণাত্মক হোৱা পৰিলক্ষিত হ’ল এ জে পি সভাপতি লুৰীণজ্যোতিক ৷ বিশেষকৈ শনিবাৰে আমিনগাঁৱৰ জনসভাত অংশ লৈ ভাষণ প্ৰসংগত গৃহমন্ত্ৰী অমিত শ্বাহে শ্বহীদৰ বিৰুদ্ধে কৰা তুচ্ছ তাচ্ছিল্য মন্তব্যৰ প্ৰতুত্তৰ দিয়ে লুৰীণজ্যোতি গগৈয়ে ৷

হোটেল প্ৰাগ কন্টিনেন্টেলত অসম জাতীয় পৰিষদৰ কাৰ্যনিৰ্বাহক

author img

By

Published : Dec 27, 2020, 8:19 PM IST

Updated : Dec 27, 2020, 9:24 PM IST

গুৱাহাটী,27 ডিচেম্বৰঃ অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় শীৰ্ষ নেতৃত্বৰ উপস্থিতিত দেওঁবাৰে হোটেল প্ৰাগ কণ্টিনেলত অসম জাতীয় পৰিষদৰ প্ৰথমখন কাৰ্য্যনিৰ্বাহক অনুষ্ঠিত হয় ৷ মূলতঃ ২১ ৰ নিৰ্বাচনী ৰণনীতি সম্পৰ্কে আলোচনা হয় অসম জাতীয় পৰিষদৰ দেওবাৰৰ কাৰ্য্যনিৰ্বাহকত ৷

হোটেল প্ৰাগ কন্টিনেন্টেলত অসম জাতীয় পৰিষদৰ কাৰ্যনিৰ্বাহক

দেওবাৰৰ কাৰ্যনিৰ্বাহকত উপস্থিত থাকে সভাপতি লুৰীণজ্যোতি গগৈ, সম্পাদক জগদীশ ভূঞা, কাৰ্যকৰী সভাপতি পবিন্দ্ৰ ডেকাৰ দলটোৰ আন আন শীৰ্ষ নেতৃত্ব ৷ দেওবাৰৰ কাৰ্যনিৰ্বাহকত উপস্থিত থাকি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ বিৰুদ্ধে তীব্ৰ আক্ৰমণাত্মক হোৱা পৰিলক্ষিত হ’ল এ জে পি সভাপতি লুৰীণজ্যোতিক ৷ বিশেষকৈ শনিবাৰে আমিনগাঁৱৰ জনসভাত অংশ লৈ ভাষণ প্ৰসংগত গৃহমন্ত্ৰী অমিত শ্বাহে শ্বহীদৰ বিৰুদ্ধে কৰা তুচ্ছ তাচ্ছিল্য মন্তব্যৰ প্ৰতুত্তৰ দি লুৰীণজ্যোতিয়ে কয়-“অমিত শ্বাহে শ্বহীদক অপমান কৰিছে ৷ দেশৰ স্বাধীনতা সংগ্ৰামী আন্দোলনকাৰী সকলক অপমান কৰা লগতে অসমীয়া জাতিক অপমান কৰিছে ৷ অমিত শ্বাহে আন্দোলন কৰি নেতা হৈ মুখ্যমন্ত্ৰী হোৱা সৰ্বানন্দ সোণোৱালকো অপমান কৰিছে ৷”

সমান্তৰালভাৱে দেওবাৰে হোটেল প্ৰাগ কন্টিনেন্টেলত অনুষ্ঠিত হোৱা কাৰ্যনিৰ্বাহকত অংশ লৈ ৬ নং দফা কাৰ্যকৰী কৰা প্ৰসংগলৈও তীব্ৰ সমালোচনা কৰে লুৰীণজ্যোতিয়ে ৷ লুৰীণজ্যোতিৰ মন্তব্য-“৬ নং দফাৰ প্ৰতিবেদন গ্ৰহন কৰিবলৈ সময় নাই অসমলৈ আহি মিটিং কৰিবলৈ অজস্ৰ সময়। মানে অসমীয়া জাতিৰ প্ৰতি যে দায়বদ্ধতা নাই আৰু কা আন্দোলন মষিমূৰ কৰিবলৈহে যে সকলো আছিল সেয়া প্ৰমান হ'ল ৷ কা বিৰোধী আন্দোলন আকৌ হ’ব বুলি ভাবি অসমৰ ৰাইজক ৰঙা চকু দেখুৱাব বিচাৰিছে অমিত শ্বাহে । কিন্তু অসমীয়াই ভয় নকৰে ৷

আনহাতে অগপ সভাপতি অতুল বৰাকো সমালোচনা কৰে লুৰীণজ্যোতিয়ে ৷ লুৰীণৰ মন্তব্য-“অসম গণ পৰিষদৰ সভাপতি অতুল বৰাই কংগ্ৰেছৰ পৃষ্ঠপোষকতাত আঞ্চলিক দল সমূহ গঠন হোৱা বুলি কোৱাত লুৰীণজ্যোতি গগৈ প্ৰতুত্তৰ অতুল বৰাৰটো এতিয়া কোনো কথা কোৱাৰ নৈতিক অধিকাৰ নাই। তেওঁ কি কৰিছে সকলোৱে দেখি আছে ৷”

লগতে পঢ়কঃ সৰ্বসন্মতিৰূপে জেডিইউৰ অধ্যক্ষ নিৰ্বাচিত আৰ চি পি সিংহ

Last Updated : Dec 27, 2020, 9:24 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.