ETV Bharat / state

Magician Sushmita Talukdar : যাদুশিল্পী সুস্মিতা তালুকদাৰলৈ এজেপিৰ ডেৰ লাখ টকাৰ আৰ্থিক সাহায্য - Susmita suffering from cancer

দুৰাৰোগ্য ৰোগত আক্ৰান্ত যাদু শিল্পী সুস্মিতা তালুকদাৰ ৷ নিজৰ দুহাতৰ যাদুৰে যাদুপ্ৰেমী দৰ্শকক মোহাচ্ছন্ন কৰা যাদুশিল্পী সুস্মিতাৰ বিপদৰ সময়ত সংগ দিছে অসম জাতীয় পৰিষদে ৷ শুকুৰবাৰে ৰোগাক্ৰান্ত যাদুশিল্পীগৰাকীক আৰ্থিক সাহাৰ্য প্ৰদান কৰে অসম জাতীয় পৰিষদে ৷

Magician Sushmita Talukdar diagnosed with cancer
দুৰাৰোগ্য ৰোগত আক্ৰান্ত যাদু শিল্পী সুস্মিতা তালুকদাৰ
author img

By ETV Bharat Assamese Team

Published : Nov 10, 2023, 2:55 PM IST

যাদুশিল্পী সুস্মিতা তালুকদাৰলৈ আৰ্থিক সাহায্য

গুৱাহাটী, ১০ নৱেম্বৰ : দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ থকা যাদু শিল্পী সুস্মিতা তালুকদাৰলৈ সহায়ৰ হাত আগবঢ়াইছে অসম জাতীয় পৰিষদ চমুকৈ এজেপিয়ে । সকলোৰে জ্ঞাত যে যাদু শিল্পী সুস্মিতা তালুকদাৰ দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ আছে আৰু অস্ত্ৰোপচাৰৰ বাবে বুজন পৰিমাণৰ অৰ্থৰ প্ৰয়োজন । যাদু শিল্পী সুস্মিতা তালুকদাৰে নিজৰ ৰোগৰ বিষয়ে অৱগত কৰি আৰ্থিক সাহায্য বিচাৰি সামাজিক মাধ্যমত অলপতে এটা ভিডিঅ’ পোষ্ট কৰিছিল ।

Magician Sushmita Talukdar diagnosed with cancer
দুৰাৰোগ্য ৰোগত আক্ৰান্ত যাদু শিল্পী সুস্মিতা তালুকদাৰ

আনহাতে, সংবাদ মাধ্যমতো সুস্মিতা তালুকদাৰৰ ৰোগ আৰু ব্যয়বহুল চিকিৎসাৰ বিষয়ে বাতৰি পৰিৱেশিত হৈছিল । তাৰ পাচতেই বিভিন্ন দল-সংগঠন তথ‍া ব্যক্তি বিশেষ সহায়ৰ বাবে আগবাঢ়ি আহিছিল । যাদু শিল্পীগৰাকীক সহায় কৰাৰ বাবে আগবাঢ়ি আহিছে এজেপি । আজি অৰ্থাৎ শুকুৰবাৰে এজেপিৰ এটা প্ৰতিনিধি দলে সুস্মিতা তালুকদাৰক সাক্ষাৎ কৰি ডেৰ লাখ টকাৰ আৰ্থিক সাহায্য আগবঢ়ায় ।

উল্লেখ্য যে দুৰাৰোগ্য ৰোগত আক্ৰান্ত যাদুৰাণী সুস্মিতা তালুকদাৰক ৰবটিক অস্ত্ৰোপচাৰৰ বাবে প্ৰয়োজন ৩৫ লক্ষাধিক টকাৰ । আজি সুস্মিতা তালুকদাৰৰ গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত বাসভৱনলৈ গৈ এজেপিয়ে সাহায্য আগবঢ়ায় । দলৰ হৈ সাধাৰণ সম্পাদক জগদীশ ভূঞাই সুস্মিতা তালুকদাৰক অৰ্পণ কৰে আৰ্থিক সাহায্য । তেওঁৰ সৈতে আছিল দুলু আহমেদ, অমৃত খাটনীয়াৰ, জিয়াউৰ ৰহমান আৰু ইফটিকাৰ হুছেইন ।

ইফালে দুদিন পূৰ্বে সাংসদ বদৰুদ্দিন আজমলেও যাদু শিল্পী সুস্মিতা তালুকদাৰলৈ সহায়ৰ হাত আগবঢ়ায় । আজমলে নিজেই সুস্মিতা তালুকদাৰৰ সৈতে ফোন যোগে যোগাযোগ কৰে । ইয়াৰ পাচত সুস্মিতা তালুকদাৰক হোজাইলৈ মাতি আনি আজমলৰ তিনি ভগ্নী সংগঠন আজমল ফাউণ্ডেছন, মাৰ্কাজুল মা আৰিফ আৰু হাম পাব্লিক ট্ৰাষ্টৰ পৰা চিকিৎসাৰ বাবে এক লাখ পঞ্চাশ হাজাৰ টকাৰ চেক প্ৰদান কৰে ৷ বিভিন্নজন সহায়ৰ বাবে আগবাঢ়ি অহাত বিশেষভাৱে সাহস পাইছে যাদু শিল্পীগৰাকীয়ে ।

লগতে পঢ়ক : Susmita suffering from cancer: দুৰাৰোগ্য ৰোগত আক্ৰান্ত যাদুশিল্পী সুস্মিতা, বিচাৰিছে আপোনাৰ অকণমান সহায়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.