গুৱাহাটী, ২২ আগষ্ট : বিজেপিৰ জন আশীৰ্বাদ যাত্ৰাৰ কালছোৱাত ব্যাপক হাৰত ক'ভিড প্ৰটক'ল ভংগ কৰাৰ অভিযোগ উত্থাপন কৰিছে অসম জাতীয় পৰিষদ চমুকৈ এজেপিয়ে । জন আশীৰ্বাদ যাত্ৰাৰ যোগেদি ক'ভিড প্ৰটক'ল ভংগ কৰাৰ অভিযোগ উত্থাপন কৰিছে অসম জাতীয় পৰিষদ চমুকৈ এজেপিয়ে ৷ একাধিক থানাত দলটোৱে দাখিল কৰিছে এজাহাৰ ।
গুৱাহাটীৰ দিছপুৰ থানাৰ উপৰি লতাশিল থানাত দেওবাৰে এজেপিয়ে ১২ জনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে । চৰকাৰে জাৰি কৰা ক'ভিড প্ৰটক'ল জন আশীৰ্বাদ যাত্রাৰ যোগেদি ভংগ কৰাৰ অভিযোগত এজেপিয়ে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্রী ৰামেশ্বৰ তেলী, সাংসদ কামাখ্যা প্ৰসাদ তাছা, সাংসদ তপন কুমাৰ গগৈ, সাংসদ দিলীপ শইকীয়া, সাংসদ পল্লৱ লোচন দাস, সাংসদ কুইন ওজা, মন্ত্রী বিমল বৰা, মন্ত্রী যোগেন মহন, ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা আৰু কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগুৰ বিৰুদ্ধে গোচৰ তৰিছে ।
এজাহাৰ যোগে এজেপিয়ে সংশ্লিষ্ট কেইজনৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ বাবে আৰক্ষীৰ প্ৰতি আহ্বান জনায় । জাতীয় পৰিষদৰ নেতাসকলে জনাই যে, আইন প্ৰণয়নৰ দায়িত্বত থকা ব্যক্তিসকলে ইচ্ছাকৃতভাৱে আইন উলংঘা কৰি দেশৰ আইন ব্যৱস্থাক ভেঙুচালি কৰি জনসাধাৰণৰ অনুভূতিত আঘাত দিছে ৷ এই গুৰুতৰ কাৰ্যৰ বিৰুদ্ধে দলে ইতিমধ্যে গুৱাহাটীৰ দিছপুৰ আৰু লতাশিলসহ কেইবাখনো থানাত এজাহাৰ দাখিল কৰিছে ৷
জন-আশীৰ্বাদ যাত্ৰাই স্পৰ্শ কৰা এলেকাৰ অন্য থানাসমূহতো দলে ক'ভিড প্ৰটক'ল ভংগ কৰাসকলৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিব । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্দেশত নৱনিযুক্ত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক সম্বৰ্ধনা জনাবৰ বাবে ৰাজ্যিক বিজেপিয়ে শনিবাৰৰ পৰা জন-আশীৰ্বাদ যাত্ৰা আৰম্ভ কৰিছে । শনিবাৰে পুৱা বৰঝাৰৰ বিমান বন্দৰত আৰম্ভ হৈ আজি দ্বিতীয় দিনা নগাঁৱত শেষ হোৱা এই যাত্ৰা কৰি সোণোৱাল ডিব্ৰুগড়লৈকে যাব ।
শনিবাৰে, বিমান বন্দৰৰ সম্বৰ্ধনা অনুষ্ঠান আৰু জন-আশীৰ্বাদ যাত্ৰাৰ অন্য কাৰ্যসূচীত ব্যাপক হাৰত ক'ভিড প্ৰটক'ল ভংগ কৰাৰ অভিযোগত দেওবাৰে জাতীয় পৰিষদে মুখ্যমন্ত্ৰীসহ বাৰজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে । আইন প্ৰয়োগকাৰীৰ দায়িত্বত থকা সত্বেও ক'ভিড প্ৰটক'ল ভংগ কৰা অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগুকো এজাহাৰত অভিযুক্ত কৰা হৈছে ।
দিছপুৰ থানাত দলৰ কেন্দ্ৰীয় সমিতিয়ে দাখিল কৰা এজাহাৰখনত দলৰ কেন্দ্ৰীয় সম্পাদক অমৃত খাটনিয়াৰ, প্ৰচাৰ সম্পাদক জিয়াউৰ ৰহমান আৰু যুটীয়া সম্পাদক গিৰীণ তালুকদাৰে স্বাক্ষৰ কৰে । এজাহাৰত কোৱা হৈছে যে, ক'ভিড নিয়ন্ত্ৰণৰ বাবে ৰাজ্য চৰকাৰে জাৰি কৰা মানক সঞ্চালন বিধি (এছ অ' পি)ৰ ৬নং ধাৰাৰ ২ নম্বৰত কোৱা হৈছে যে, কোনো ৰাজহুৱা অনুষ্ঠানত দুশতকৈ অধিক লোক সমবেত হ'ব নোৱাৰিব ৷
আনহাতে, ৪ নং ধাৰাৰ ৬ নম্বৰত কোৱা হৈছে যে গুৱাহাটী মহানগৰ জিলাৰ পৰা আৰু এই জিলালৈ বাহিৰৰ যাতায়ত বন্ধ থাকিব ৷ কিন্তু শনিবাৰে, বিমান বন্দৰৰ কাৰ্যসূচী আৰু অন্য প্ৰায় সকলো কাৰ্যসূচীত সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰা আৰু কামৰূপ মহানগৰ জিলাৰ বাহিৰৰ লোক আহি উক্ত কাৰ্যসূচীসমূহত ভাগ লৈ পুনৰ অন্য জিলালৈ যাতায়ত কৰাৰ ঘটনা সকলোৰে চকুৰ সন্মুখত ঘটিছে । এই কাৰ্যৰ জৰিয়তে ক'ভিড প্ৰটক'ল দেখ দেখকৈ উলংঘা কৰা হৈছে বুলি এজাহাৰত উল্লেখ কৰা হয় ।
ইয়াৰ বাবে অভিযুক্তসকলৰ ওপৰত ভাৰতীয় দণ্ড বিধিৰ ১৮৮, ২৬৯, ২৭০ আৰু ২৭১ ধাৰাৰ অধীনত গোচৰ চলাব লাগে বুলি এজাহাৰত উল্লেখ কৰা হয় । ইফালে দলৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই এক বিবৃতিত কয় যে, ৰাজ্য চৰকাৰে প্ৰণয়ন কৰা ক'ভিড প্ৰট’কল ৰাজ্য চৰকাৰৰ মুৰব্বীৰ নেতৃত্বতে ভংগ হোৱাটো কেৱল দুৰ্ভাগ্যজনকেই নহয়, অসমবাসী ৰাইজৰ প্ৰতি এক চৰম উপহাসো ।
মহামাৰী প্ৰতিৰোধৰ স্বাৰ্থত ৰাইজে ক'ভিড প্ৰটক'ল মানি আহিছে । এতিয়া সকলো উচ্চ পদস্ত চৰকাৰী বিষয়াববীয়াই একেলগে ক'ভিড প্ৰটক'ল ভংগ কৰাৰ পিছত ৰাইজক সেয়া মানিবলৈ বাধ্য কৰাৰ নৈতিক অধিকাৰ চৰকাৰ তথা আৰক্ষীয়ে হেৰুৱাই পেলাইছে আৰু সেয়ে তেওঁলোকে এতিয়া ক'ভিড প্ৰট’কল নমনা লোকৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰিব । স্বয়ং মুখ্যমন্ত্ৰীৰ নেতৃত্বত চৰকাৰী বৰমূৰীয়াসকলে ইচ্ছাকৃতভাৱে ক'ভিড প্ৰট’কল ভংগ কৰি ৰাইজলৈ কি বাৰ্তা দিলে বুলিও তেওঁলোকে প্ৰশ্ন কৰে ৷
এজেপিৰ নেতাদ্বয়ে চৰকাৰক প্ৰশ্ন কৰি কয় ক'ভিড প্ৰটক'ল অকল ৰাইজৰ বাবেহে নেকি ৷ চৰকাৰী পদত থকা ব্যক্তি বা শাসক দলৰ লোকৰ বাবে এইবোৰ নিয়ম বনোৱা হোৱা নাই নেকি ? বিজেপি দল আৰু ইয়াৰ চৰকাৰে বাৰে বাৰে এনেকৈ চৰকাৰী নিয়ম ভংক কৰি ৰাইজক উপহাস কৰা কাৰ্যৰ জৰিয়তে তেওঁলোকে আচলতে নৈৰাজ্যবাদক উৎসাহিত কৰিছে ।
লগতে পঢ়ক : অসম চৰকাৰৰ বিজ্ঞাপনত দাক্ষিণাত্যৰ সুৰ : আৰম্ভ হৈছে বিতৰ্ক