ETV Bharat / state

বদৰুদ্দিন আজমল চাহাবৰ মুখ্যমন্ত্ৰী হোৱাৰ কোনো লোভ নাই: আমিনুল ইছলাম - বদৰুদ্দিন আজমল

বুধবাৰে সদনৰ বাহিৰত সংবাদ মাধ্যমযোগে "বদৰুদ্দিন আজমল চাহাবৰ মুখ্যমন্ত্ৰী হোৱাৰ কোনো লোভ নাই" বুলি মন্তব্য কৰে ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামে ৷

আমিনুল ইছলাম
আমিনুল ইছলাম
author img

By

Published : Sep 2, 2020, 3:43 PM IST

গুৱাহাটী, 2 চেপ্তেম্বৰ: "বদৰুদ্দিন আজমল চাহাবৰ মুখ্যমন্ত্ৰী হোৱাৰ কোনো লোভ নাই ৷" বুধবাৰে সদনৰ বাহিৰত সংবাদ মাধ্যমযোগে এই বিষয়ে সদৰী কৰে ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামে ৷ অতি কম দিনৰ ভিতৰতে মুম্বাইৰ পৰা অসম আহি উপস্থিত হ'ব এআইইউিএফৰ সভাপতি বদৰুদ্দিন আজমল ৷ তাৰ পাচতেই মিত্ৰতা সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰিব এআইইউডিএফ দলে ৷ নিৰ্বাচন সন্দৰ্ভত সকলো ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হ'ব সভাপতি গৰাকী অসমলৈ অহাৰ পাচত ৷ এই বিষয়েও জানিবলৈ দিয়ে বিধায়ক গৰাকীয়ে ৷

বদৰুদ্দিন আজমল চাহাবৰ মুখ্যমন্ত্ৰী হোৱাৰ কোনো লোভ নাই: আমিনুল ইছলাম

"এআইইউডিএফৰ সৈতে মিত্ৰতা হ'লেই যেন অসমৰ সাংঘতিক কিবা এটা ক্ষতি হ'ব, এইয়া যেন অসম বিৰোধী ৷ আজমল মুখ্যমন্ত্ৰী হ'ব বুলি অপপ্ৰচাৰ চলাই উজনি অসমত সাম্প্ৰদায়িক বিভাজন কৰিব বিচৰা হৈছিল ৷ বিগত দুই-তিনিটা নিৰ্বাচনতো একাংশ ৰাজনৈতিক দলে এই কৌশলেই ব্যৱহাৰ কৰিলে ৷ এনে কৌশল অৱলম্বন কৰি একাংশ ৰাজনৈতিক দলে ৰাইজক, এআইইউডিএফৰ মিত্ৰতাক আঁকোৱালি নোলোৱাৰ পৰিৱেশ সৃষ্টি কৰিবলৈ কৰা চেষ্টা কেতিয়াও সফল নহয়" বুলি তেওঁ স্পষ্ট কৰি দিয়ে ৷

ইয়াৰোপৰি তেওঁ কয়, "আজমলো অসমৰ নাগৰিক, ভাৰতৰ নাগৰিক, অসম প্ৰেমী, অসমৰ সাহিত্যৰ বাবে কাম কৰে ৷ এআইইউডিএফ দল সদায় অসমীয়া জাতিৰ হকে আছে, অসমৰ জাতীয়তাবাদৰ লগত আছে ৷ গতিকে এআইইউডিএফৰ লগত অন্য দলে মিত্ৰতা কৰাতো কোনো ধৰণৰ আপত্তিজনক বিষয় হ'ব নোৱাৰে ৷ এই বিষয়টোৰে কেৱল এটা সাম্প্ৰদায়িক বিভাজনৰ সৃষ্টি কৰিব বিচাৰিছে ৷" অৱশেষত তেওঁ পুনৰ দোহাৰে যে, আজমল চাহাবে কেতিয়াও বিচৰা নাই যে তেওঁ মুখ্যমন্ত্ৰী হ'ব লাগে বা এআইইউডিএফে মুখ্যমন্ত্ৰী পাতিব লাগে বুলি কোনো দিন ৰাজনীতি কৰা নাই ৷ এআইইউডিএফৰ মিত্ৰজোটৰ পৰা যি গৰাকী নেতাই মুখ্যমন্ত্ৰী হয় তেওঁ অসম প্ৰেমী হওক, অসম বিৰোধী নহয় ৷

লগতে পঢ়ক: জনগোষ্ঠীয় ছাত্ৰ সংগঠনৰ সৈতে মুখ্যমন্ত্ৰী সোণোৱালৰ বৈঠক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.