ETV Bharat / state

থলুৱাৰ সুৰক্ষাৰ কাম চৰকাৰৰ দ্বাৰা হ’ব নালাগে: অজিত কুমাৰ ভূঞা

author img

By

Published : Apr 7, 2021, 3:53 PM IST

গুৱাহাটী প্ৰেছ ক্লাবত বুধবাৰে সংবাদমেল সম্বোধন সাংসদ অজিত কুমাৰ ভূঞাৰ ৷ নিৰ্বাচন সুকলমে চলাই নিয়াৰ বাবে অসমবাসীক ধন্যবাদ জনাই সাংসদ গৰাকীয়ে ৷ সংবাদমেলত ইভিএম ধৰা পৰাৰ ঘটনাত প্ৰতিক্ৰিয়া ব্যক্ত কৰি এইবাৰ অসমত কংগ্ৰেছ মহাজোঁটৰ চৰকাৰ গঠন হ’ব বুলি দাবী কৰে সাংসদ গৰাকীয়ে ৷

ajit-kumar-bhuyan-pressmeet
সাংসদ অজিত কুমাৰ ভূঞাৰ সংবাদমেল

গুৱাহাটী,7 এপ্ৰিল: বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এক সংবাদমেল সম্বোধন কৰি নিৰ্বাচন সুকলমে চলাই নিয়াৰ বাবে অসমবাসীক ধন্যবাদ জ্ঞাপন কৰে ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাই ৷ ইয়াৰ লগতে এইবাৰ অসমত কংগ্ৰেছ মহাজোঁটে সংখ্যা গৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিব বুলি দাবী কৰে সাংসদ ভূঞাই ৷

নিৰ্বাচনৰ সময়ত বহুকেইখন ব্যক্তিগত বাহনত ইভিএম ধৰা পৰা ঘটনাক লৈ উদ্বিগ্নতা প্ৰকাশ কৰি সাংসদ ভূঞাই কয় যে, ‘‘নিৰ্বাচন আয়োগে বহু সময়ত ল’বলগীয়া সিদ্ধান্ত ল'বলৈ সাহস নকৰে ৷ অভিযোগ সন্দৰ্ভত নিৰ্বাচন আয়োগে কঠোৰ স্থিতি গ্ৰহণ কৰা নাই ৷ নিজ দায়িত্ব আৰু কৰ্তব্য আয়োগে পালন কৰিব বুলি আমি আশাবাদী ৷ অসমৰ ৰাইজে ইভিএমৰ ক্ষেত্ৰত সতৰ্ক হ’ব লাগিব ৷ লগতে ষ্ট্ৰং ৰূমতো ৰাজনৈতিক দল আৰু ৰাইজে সতৰ্ক দৃষ্টি ৰাখিব লাগিব’’ ৷

সাংসদ অজিত কুমাৰ ভূঞাৰ সংবাদমেল

মহাজোঁটৰ চৰকাৰ গঠন হ’লে থলুৱাৰ স্বাৰ্থ কিদৰে সুৰক্ষা কৰিব পাৰি, সেয়া মহাজোঁটৰ চৰকাৰে কৰিব বুলি মন্তব্য কৰে সাংসদ অজিত ভূঞাই ৷ তেওঁ কয় যে, ‘‘অসম চুক্তিৰ 6 নং দফা কাৰ্যকৰীকৰণৰ বাবে মহাজোঁটৰ চৰকাৰৰ অংশীদাৰ হিচাপে গুৰুত্ব আৰোপ কৰিম ৷ নিৰ্বাচনত সাংবাদিকসকলে সুন্দৰ ভূমিকা পালন কৰিছে’’ ৷

এইবাৰ দিছপুৰত আঞ্চলিক গণ মৰ্চাৰ কাৰ্যবাহী সভাপতিয়ে জয়লাভ কৰাতো নিশ্চিত বুলি সংবাদমেলত দাবী কৰে সাংসদ ভূঞাই ৷ লগতে তেওঁ দাবী অনুসৰি, বোকাখাতত প্ৰণৱ দলে জয়লাভ কৰিব ৷ মহাজোঁটে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত 20 খন, দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত 21-22 খন, তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত 26-30 খন আসন লাভ কৰিব বুলি মন্তব্য কৰে সাংসদ গৰাকীয়ে ৷

লগতে পঢ়ক : কাকপথাৰত আলফাৰ ৪২তম প্ৰতিষ্ঠা দিৱস উদযাপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.