ETV Bharat / state

ব্লেক লিষ্টেড কৰা নহ'ল কিয় মন্ত্ৰীপত্নীৰ প্ৰতিষ্ঠানক: ভূঞাৰ প্ৰশ্ন

author img

By

Published : Jun 9, 2022, 10:11 PM IST

ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰৱ অজিত কুমাৰ ভূঞা ৷ পি পি ই কিট আৰু ছেনিটাইজাৰ কেলেংকাৰীৰ সন্দৰ্ভত বৃহস্পতিবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদমেল আয়োজন কৰি মুখ্যমন্ত্ৰী ড৹ শৰ্মাক কটু সমালোচনা কৰে অজিত কুমাৰ ভূঞাই (Ajit Kumar Bhuyan criticize Assam CM) ৷

Ajit Kumar Bhuyan press conference about PPE Kit Controversy
পি পি ই কিট আৰু ছেনিটাইজাৰ কেলেংকাৰীৰ সন্দৰ্ভত অজিত কুমাৰ ভূঞাৰ সংবাদমেল

গুৱাহাটী, 9 জুন : মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে উঠা পি পি ই কিট আৰু ছেনিটাইজাৰ কেলেংকাৰী (PPE Kit Controversy) সন্দৰ্ভত সাংসদ অজিত কুমাৰ ভূঞাই গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজন কৰে এক সংবাদমেল ৷ এই সংবাদমেলত অজিত কুমাৰ ভূঞাই মুখ্যমন্ত্ৰীগৰাকীয়ে আদালতৰ দ্বাৰস্থ হোৱাৰ বাবে ভয় কৰিছে বুলি মতপোষণ কৰে (Ajit Kumar Bhuyan criticize Assam CM)।

তেওঁ কয়, ‘‘মহামাৰীৰ কালচোৱাত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমে এক নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত পি পি ই কিট যোগানৰ বাবে ঠিকা দিছিল বৰ্তমানৰ মুখ্যমন্ত্ৰী তথা সেই সময়ৰ স্বাস্থ্যমন্ত্ৰীৰ পত্নীৰ মালিকানাধীন এটা ব্যৱসায়িক প্ৰতিষ্ঠানক । কিন্তু নিৰ্ধাৰিত সময়ৰ ভিতৰত প্ৰতিষ্ঠানটোৱে কিছু সংখ্যক পি পি ই কিট যোগান ধৰাৰ পিছত কাম সম্পূৰ্ণ কৰিব নোৱাৰিলে । পৰিণতিত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমে সেই ঠিকা বাতিল কৰিবলৈ বাধ্য হৈ পৰিল ।

ব্লেক লিষ্টেড কৰা নহ'ল কিয় মন্ত্ৰীপত্নীৰ প্ৰতিষ্ঠানক: ভূঞাৰ প্ৰশ্ন

তাৎপর্যপূর্ণ কথাটো হ'ল যে, ঠিকা বাতিল হোৱাৰ পিছত হঠাৎ মুখ্যমন্ত্ৰীৰ পত্নীৰ ঠিকাদাৰী প্ৰতিষ্ঠানটোৱে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমক অনুৰোধ জনালে যাতে তেওঁলোকে ইতিমধ্যে যোগান ধৰা পি পি ই কিটখিনিক প্ৰতিষ্ঠানটোৰ চি এছ আৰ আঁচনিৰ অধীনত ‘দান’ হিচাপে গণ্য কৰিব লাগে’’ ।

"এই পটভূমিতে ৰাইজৰ মনত আৰু বিশেষকৈ আমাৰ মনতো কিছুমান প্ৰশ্নই দোলা দিছেহি । বিভাগীয় মন্ত্ৰীৰ পত্নীৰ প্ৰতিষ্ঠান এটাক ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমে এনেদৰে ঠিকা আৱণ্টন দিয়াটো উচিত আছিলনে ? এগৰাকী মন্ত্ৰী বা মন্ত্ৰীৰ পৰিয়ালৰ সদস্যই চৰকাৰী ঠিকা-ঠুকলি কৰাত বাধা-নিষেধ থকাৰ পিছত এয়া নীতিগতভাৱে ভুল নাছিলনে ?’’ এইদৰে প্ৰশ্ন কৰে অজিত কুমাৰ ভূঞাই ৷

লগতে পঢ়ক : PPE Kit Controversy: তদন্তৰ দাবীত 'আপ'ৰ প্ৰতিবাদ

‘‘যিটো সময়ত ৰাজ্যত পি পি ই কিটৰ সাংঘাতিক অভাৱ আছিল, তেনে এটা সময়ত পি পি ই কিট যোগানৰ দায়িত্ব মূৰ পাতি লৈ পিছত তেনে দায়িত্বৰ পৰা মূৰ-পোলোকা মৰা প্ৰতিষ্ঠানটোৰ ক্ষেত্ৰত চৰকাৰে কি কৰা উচিত আছিল ? সাধাৰণ অৰ্থত ক'বলৈ হ'লে মন্ত্ৰী পত্নীৰ নহৈ অন্য কোনো সাধাৰণ ব্যক্তি-বিশেষৰ প্ৰতিষ্ঠান হ'লে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমে তেনে প্ৰতিষ্ঠানৰ বিৰুদ্ধে কি ব্যৱস্থা ল'লেহেঁতেন ?

ৰাজ্য চৰকাৰ আৰু জনসাধাৰণক প্ৰতাৰণা কৰাৰ অপৰাধত তেনে প্ৰতিষ্ঠানক তৎক্ষণাত ‘ব্লেক লিষ্টেড’ নকৰিলেহেঁতেন নে ? কিন্তু বৰ্তমানৰ মুখ্যমন্ত্ৰীৰ পত্নীৰ প্ৰতিষ্ঠানখন সেই অপৰাধত ‘ব্লেক লিষ্টেড’ নহ'ল ! ‘ব্লেক লিষ্টেড’ কৰাটো দূৰৈৰ কথা, যোগান ধৰা সামান্য পৰিমাণৰ পি পি ই কিটখিনিক চি এছ আৰ আঁচনিৰ অধীনত ‘দান' হিচাপে গ্ৰহণ কৰি চৰকাৰে আশিষধন্য কৰিলে মন্ত্ৰী-পত্নীক ! ইয়াতকৈ দেখদেখ স্বজন-তোষণৰ আৰু কি উদাহৰণৰ প্ৰয়োজন আছে ?’’ অজিত কুমাৰ ভূঞাৰ মন্তব্য ৷

অজিত কুমাৰ ভূঞাই আৰু কয়, "আমাৰ স্পষ্ট কথা-যদি সংবাদ গোষ্ঠী দুটাই ৰাজহুৱাকৈ তুলি ধৰা বৃহৎ দুৰ্নীতিৰ এই অভিযোগৰ সত্যতা নাই, যদি এই সকলো কথাই মিছা, তেন্তে মুখ্যমন্ত্ৰী ডাঙৰীয়াই সংবাদ গোষ্ঠী দুটাৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিব পাৰিলেহেঁতেন । আজিলৈকেতো তেনে কৰাৰ কোনো উম-ঘাম নাই’’ ৷

‘‘কিছুদিন পূৰ্বে নিজৰ পত্নীৰ নামত বে-আইনীভাৱে ভূমি আৱণ্টন দিয়াৰ বাতৰিটোক লৈ দেশজুৰি হুলস্থূল লাগোতেও মুখ্যমন্ত্ৰীগৰাকীয়ে মানহানি গোচৰ তৰিব বুলি হুংকাৰ দি পিছত চুপ মৰাৰ কথা আমাৰ সকলোৰে মনত আছে । আশ্চর্যজনক কথা যে এটাৰ পিছত আনটো কেলেংকাৰীত মুখ্যমন্ত্ৰীগৰাকীৰ নাম সাঙোৰ খাই পৰিছে ৷ অথচ তাৰ পিছতো তেওঁ ব্যৱস্থা গ্রহণ কৰিবলৈ ভয় খাইছে কিয় ? ৰহস্য ক'ত ?" সংবাদ মাধ্যমৰ আগত প্ৰশ্ন কৰে অজিত কুমাৰ ভূঞাই ৷

লগতে অজিত কুমাৰ ভূঞাই কয়, "মই এইখিনিতে এটা কথালৈ আঙুলিয়াই দিব খুজিছো-জনপ্ৰতিনিধিসকলৰ নিৰাপত্তা যিটো সময়ত কৰ্তন কৰা হৈছে, সেই সময়তো কিন্তু মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ঘনিষ্ঠ বণিয়া ধানুকাই এতিয়াও লাভ কৰি আছে বৃহৎ নিৰাপত্তা বেষ্টনী ! এজন বণিয়াৰ প্ৰতি এই প্ৰীতিৰ ৰহস্য কি ? মুখ্যমন্ত্ৰীয়ে স্বচ্ছতাৰে সকলো কথা মুকলি কৰা উচিত’’ ।

লগতে পঢ়ক : PPE Kit Controversy: চি বি আই তদন্ত বিচাৰিলে তৃণমূল কংগ্ৰেছে

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.