ETV Bharat / state

স্থানীয় ৰে'ল সেৱা আৰম্ভ কৰিবলৈ ৰেলমন্ত্ৰীলৈ সাংসদ অজিত কুমাৰ ভূঞাৰ পত্ৰ প্ৰেৰণ - ব্যৱসায়

কেন্দ্ৰীয় ৰে'লমন্ত্ৰীলৈ সাংসদ অজিত কুমাৰ ভূঞাৰ পত্ৰ প্ৰেৰণ ৷ স্থানীয় ৰে'ল সেৱা আৰম্ভ কৰিবলৈ আহ্বান জনাই পত্ৰ প্ৰেৰণ সাংসদ গৰাকীৰ ৷

ajit-kumar-bhuyan-letter-send-central-rail-minister
স্থানীয় ৰে'ল সেৱা আৰম্ভ কৰিবলৈ ৰেলমন্ত্ৰীলৈ সাংসদ অজিত কুমাৰ ভূঞাৰ পত্ৰ প্ৰেৰণ
author img

By

Published : Dec 9, 2020, 9:14 PM IST

গুৱাহাটী, 9 ডিচেম্বৰ : অসমত শীঘ্ৰে স্থানীয় ৰে'ল চলাচল সেৱা পুনৰ আৰম্ভ কৰাৰ দাবী জনাইছে ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাই । ইতিমধ্যে, ৰে'ল মন্ত্ৰী পীয়ুষ গোয়েললৈ সাংসদ অজিত কুমাৰ ভূঞাই প্ৰেৰণ কৰিছে পত্ৰ ৷ সাংসদ গৰাকীয়ে পত্ৰখনত উল্লেখ কৰা অনুসৰি, ক'ভিডৰ পৰিপ্ৰেক্ষিতত চৰকাৰে দেশত ৰে'ল সেৱা বন্ধ কৰিছিল যদিও পৰৱৰ্তী সময়ত পৰিস্থিতি উন্নত হোৱাত পৰ্যায় ক্ৰমে ৰে'ল সেৱা পুনৰ আৰম্ভ কৰা হয় ।

ইতিমধ্যে, বহু ৰাজ্যত স্থানীয় ৰে'ল সেৱা পুনৰ আৰম্ভ কৰা হৈছে । কিন্তু অসমৰ ক্ষেত্ৰত স্থানীয় ৰে'ল সেৱা এতিয়াও আৰম্ভ কৰা হোৱা নাই গতিকে শীঘ্ৰে অসমত স্থানীয় ৰে'ল সেৱা আৰম্ভ কৰিবলৈ দাবী জনাইছে সাংসদ গৰাকীয়ে ।

ajit-kumar-bhuyan-letter-send-central-rail-minister
কেন্দ্ৰীয় ৰে'লমন্ত্ৰীলৈ প্ৰেৰণ কৰা পত্ৰখন

লগতে পঢ়ক : নগাৰ আগ্ৰাসনৰ বিৰোধিতাৰে ধোদৰ আলি অৱৰোধ

তেওঁ আকৌ পত্ৰখনত উল্লেখ কৰা অনুসৰি, অসমত যিহেতু দৈনন্দিন অসংখ্য লোকে স্থানীয় ৰে'ল সেৱাৰ জৰিয়তে চাকৰি, ব্যৱসায় আদি চলাই আহিছে তেনেক্ষেত্ৰত সেই সকল লোক যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে । সেয়েহে যথাসম্ভৱ শীঘ্ৰে অসমত স্থানীয় ৰে'ল চলাচল আৰম্ভ কৰিবলৈ ৰে'ল মন্ত্ৰী গৰাকীক আহ্বান জনাইছে সাংসদ গৰাকীয়ে ।

লগতে পঢ়ক : খুমটাইৰ পথাৰত ধান দোৱাত ব্যস্ত প্ৰাক্তন মন্ত্ৰী বিস্মিতা গ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.