ETV Bharat / state

অসমক ক’লা চাহাব সৃষ্টিৰ কাৰখানাত পৰিণত কৰিব খুজিছে চৰকাৰে - ৰাষ্ট্ৰীয় শিক্ষানীতি 2020

অসমীয়া জাতিৰ ভাষা কৃষ্টি সংস্কৃতি সকলো ধ্বংস কৰি অসমখনক ক’লা চাহাব সৃষ্টিৰ কাৰখানাত পৰিণত কৰিব খুজিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ একপক্ষীয়ভাৱে মুখ্যমন্ত্ৰীগৰাকীয়ে মাধ্যমিক শিক্ষাৰ সন্দৰ্ভত সিদ্ধান্ত লৈছে ৷ সংবাদমেল আয়োজন কৰি এই মন্তব্য কৰে সাংসদ অজিত কুমাৰ ভূঞাই (Ajit Kumar Bhuyan criticized Assam CM) ।

Ajit Kumar Bhuyan criticized Assam CM
বিজেপিৰ মূল শত্ৰু হিমন্ত বিশ্ব শৰ্মা মন্তব্য অজিত কুমাৰ ভূঞা
author img

By

Published : Aug 30, 2022, 5:31 PM IST

গুৱাহাটী, 30 আগষ্ট : অসমৰ সৰ্বকালৰ অহংকাৰী, স্বৈৰাচাৰী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মা ৷ তেওঁ অসমীয়া জাতিৰ ভাষা-কৃষ্টি-সংস্কৃতি সকলো ধ্বংস কৰি অসমখনক ক’লা চাহাব সৃষ্টিৰ কাৰখানাত পৰিণত কৰিব খুজিছে ৷ মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদমেল আয়োজন কৰি এই মন্তব্য কৰে ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাই (Ajit Kumar Bhuyan criticized Assam CM) ।

বিজেপিৰ মূল শত্ৰু হিমন্ত বিশ্ব শৰ্মা মন্তব্য অজিত কুমাৰ ভূঞা

সংবাদমেলতে ভূঞাই কয় যে, হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে নতুন শিক্ষা ব্যৱস্থা (New education system) আনি জাতি বিৰোধী আৰু বেপাৰী সুলভ মনোভাৱৰ পৰিচয় দিছে । আনকি বিভিন্ন অজুহাত দেখুৱাই বৃহৎ সংখ্যক মাতৃভাষা মাধ্যমৰ বিদ্যালয় চামিলকৰণৰ নামত চিৰদিনলৈ বন্ধ কৰি দিয়াৰ চক্ৰান্ত কৰিছে এই বিজেপি চৰকাৰে ৷

আনহাতে, ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে একপক্ষীয়ভাৱে মাধ্যমিক শিক্ষাৰ সন্দৰ্ভত লোৱা এই সিদ্ধান্তবোৰ ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 (National Education Policy 2020 ) ৰ সম্পূৰ্ণ পৰিপন্থী বুলিও উল্লেখ কৰে সাংসদগৰাকীয়ে ৷ লগতে তেওঁ কয় যে অসম চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তই ৰাজহুৱা শিক্ষা ব্যৱস্থাটো একেবাৰে ধ্বংস কৰি পেলোৱাৰ লগতে গ্ৰাম্য সমাজৰ বৃহৎ সংখ্যক ছাত্ৰ-ছাত্ৰীক শিক্ষাৰ পৰা বঞ্চিতও কৰিব ৷

উক্ত সংবাদমেলতে সাংসদ অজিত কুমাৰ ভূঞাই কয়, বিজেপিৰ মূল শত্ৰু হিমন্ত বিশ্ব শৰ্মা । মোগলৰ কথা কৈ ভাষা মাধ্যমৰ কথাটো তল পেলাব বিচাৰিছে মন্ত্ৰী শৰ্মাই ।

লগতে পঢ়ক : চিকিৎসালয় ব্যক্তিগতকৰণৰ বিৰোধিতা মানিক সৰকাৰৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.