ETV Bharat / state

অগপলৈ লং জাম্প মাৰিবলৈ আগ্ৰহী এআইইউডিএফ-ৰ কোন বিধায়ক ! - Abdul Aziz Khan

চৰ্চালৈ আহিছে দক্ষিণ কৰিমগঞ্জ সমষ্টিৰ বৰ্তমানৰ এআইইউডিএফৰ বিধায়ক আব্দুল আজিজ খানৰ নাম । বৰাক উপত্যকাৰ দায়িত্বত থকা এগৰাকী অগপৰ বিধায়কৰ সৈতে কেইবাবাৰো আলোচনাত বহিছে আব্দুল আজিজ খান । উদ্দেশ্যে এআইইউডিএফ ত্যাগ কৰি অগপত যোগদান কৰা ৷

AIUDF mla wants to join AGP guwahati assam etv bharat news
আব্দুল আজিজ খান
author img

By

Published : Oct 18, 2020, 2:29 PM IST

গুৱাহাটী,18 অক্টোবৰ: ৰাজনীতিত ক্ষমতাই শেষ কথা, নীতি-আদৰ্শৰ কথা আজিৰ ৰাজনীতিত গৌণ-সেই কথা পুনৰবাৰ প্ৰমাণিত কৰিবলৈ ওলাইছে এগৰাকী বিধায়কে । কংগ্ৰেছ-এআইইউডিএফৰ মিত্ৰতাৰ ফলত 2021 ৰ অসম বিধানসভাৰ নিৰ্বাচনত নিজৰ আসন হেৰুওৱাৰ আশংকাত ভূগি এইবাৰ দলকেই সলাই ল’ব বিচাৰিছে বৰাক উপত্যকাৰ এগৰাকী এআইইউডিএফৰ বিধায়কে । অতি গোপনভাৱে চলি থকা এই ৰাজনৈতিক হিচাপ-নিকাচৰ খবৰ আহি পৰিছে ইটিভি ভাৰতৰ হাতত ৷

সেই সূত্ৰে চৰ্চালৈ আহিছে দক্ষিণ কৰিমগঞ্জ সমষ্টিৰ বৰ্তমানৰ এআইইউডিএফৰ বিধায়ক আব্দুল আজিজ খানৰ নাম । কিন্তু কংগ্ৰেছ-এআইইউডিএফৰ মিত্ৰতাৰ ফলত এই আসন এআইইউডিএফ-ক এইবাৰ কোনো কাৰণতে কংগ্ৰেছে এৰি নিদিয়াৰ সম্ভাৱনা অধিক প্ৰকট হৈ পৰিছে । কিয়নো সমষ্টিটোত কংগ্ৰেছৰ অন্যতম শক্তিশালী দাবীদাৰ প্ৰাৰ্থী হৈছে প্ৰাক্তন মন্ত্ৰী চিদ্দিক আহমেদ । এই আশংকা কৰিয়েই দক্ষিণ কৰিমগঞ্জৰ বৰ্তমানৰ বিধায়ক আব্দুল আজিজ খানে দল সলনি কৰাৰ প্ৰস্তুতিৰে যোগ দিবলৈ আগ্ৰহী হৈছে অগপত ।

ইফালে, অগপৰ এক শীৰ্ষ সূত্ৰই ইটিভি ভাৰতৰ আগত এই কথা প্ৰকাশ কৰি কয় যে, ইতিমধ্যে বৰাক উপত্যকাৰ দায়িত্বত থকা অগপৰ বিধায়কগৰাকীৰ সৈতে কেইবাবাৰো আলোচনাত বহিছে আব্দুল আজিজ খান । অগপৰ সভাপতি অতুল বৰাৰ নিৰ্দেশতে দলৰ এইগৰাকী বিধায়কে আব্দুল আজিজ খানৰ যোগদানৰ বিষয়টো আগবঢ়াই নিছে আৰু পূজাৰ পিছতেই অগপত আনুষ্ঠানিকভাবে যোগ দিয়াটো প্ৰায় নিশ্চিত হৈছে ।

লগতে চাওকঃ অসমৰ সংৰক্ষিত বনাঞ্চলত চকু মিজো আগ্ৰাসনকাৰীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.