গুৱাহাটী, ৫ ফেব্ৰুৱাৰী: বিজেপিক প্ৰতিহত কৰিবলৈ নিজৰ নাক কাটি হ'লেও সতিনীৰ যাত্ৰা ভংগ কৰাৰ কৌশল লৈছে বদৰুদ্দিন আজমল নেতৃত্বাধীন এ আই ইউ ডি এফে । ইতিমধ্যে ১ ফেব্ৰুৱাৰীত দিছপুৰৰ বিধায়ক আবাসত সকলোৰে অগোচৰে দলৰ সভাপতি বদৰুদ্দিন আজমলৰ অধ্যক্ষতাত অনুষ্ঠিত এখন গুৰুত্বপূৰ্ণ সভাত এই সিদ্ধান্ত লোৱা হৈছে । এই বৈঠক আৰু বৈঠকৰ সিদ্ধান্তৰ বিষয়ে ই টিভি ভাৰতক অৱগত কৰিছে দলৰে এজন শীৰ্ষ নেতাই ।
কিন্তু এতিয়াই আনুষ্ঠানিকভাৱে মুখ খোলাত দলৰ প্ৰতিগৰাকী নেতাক বাধা আৰোপ কৰা হৈছে । প্ৰাপ্ত খবৰ অনুসৰি,উক্ত বৈঠকত সিদ্ধান্ত লোৱা হয় যে, যিবিলাক সমষ্টি বৰ্তমান এ আই ইউ ডি এফৰ দখলত আছে কিন্তু আগন্তুক নিৰ্বাচনত পুনৰ দখললৈ অহাটো অনিশ্চিত তেনে সমষ্টিসমূহ বিজেপিক প্ৰতিহত কৰাৰ স্বাৰ্থতে কংগ্ৰেছক এৰি দিয়া হ'ব। সমষ্টিক লৈ আকোৰগোজ স্থিতিত নাথাকে এ আই ইউ ডি এফ ।
২০১৬ৰ বিধানসভা নিৰ্বাচনত দলটোৱে ৭৪খন আসনত প্ৰতিদ্বন্দিতা কৰিছিল যদিও এইবাৰ সৰ্বাধিক ৪০ খন আসনত প্ৰতিদ্বন্দিতা কৰিব এ আই ইউ ডি এফে । আসন ভাগ-বাটোৱাৰাৰ বিষয়টো আলোচনা কৰিবলৈ কংগ্ৰেছ হাইকমাণ্ডে ইতিমধ্যে গঠন কৰি দিয়া কংগ্ৰেছৰ তিনিজনীয়া সমিতিখনে খুব সোনকালেই এই বিষয়ে এ আই ইউ ডি এফৰ লগত আলোচনাত বহিব বুলিও দলীয় নেতাগৰাকীয়ে জানিবলৈ দিয়ে ।
লগতে পঢ়ক:ধেমাজিত পৰিত্যক্ত গৃহলৈ ৰূপান্তৰ হৈছে আন্তঃজিলা বাছ আস্থান