ETV Bharat / state

মুখ্যমন্ত্রীক কিয় বজাৰ পৰিদৰ্শন কৰাৰ আহ্বান জনালে আজমলে ?

author img

By

Published : Mar 24, 2022, 9:16 PM IST

মূল্যবৃদ্ধিৰ প্ৰসংগত এক বিবৃতিযোগে মৌলানা বদৰুদ্দিন আজমলৰ প্ৰতিক্ৰিয়া প্ৰকাশ (Ajmal's reaction on price rise) ৷ অসমত শাক-পাচলিৰ তথা খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধিৰ আঁৰত কোন আছে তথা কিয় বৃদ্ধি হৈছে সেই বিষয়ে চৰকাৰে আজিলৈকে কোনাে ধৰণৰ অনুসন্ধানৰ ব্যৱস্থা গ্ৰহণ কৰা ন'হল । মূল্যবৃদ্ধিৰ ফলত সাধাৰণ জনতা জুৰুলা হৈ পৰাৰ কথা এইখন চৰকাৰে উপলব্ধি কৰিব পৰা নাই ৷

Ajmal calls on CM to visit Assam market
মুখ্যমন্ত্রীক কিয় বজাৰ পৰিদৰ্শন কৰাৰ আহ্বান জনালে আজমলে ?

গুৱাহাটী, 24 মাৰ্চ : এইবাৰ মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শর্মাক বজাৰ পৰিদর্শন কৰিবলৈ আহ্বান জনালে এআইইউডিএফৰ সভাপতি তথা ধুবুৰীৰ সাংসদ মৌলানা বদৰুদ্দিন আজমলে (AIUDF chief Ajmal request CM to visit market) । মূল্যবৃদ্ধিৰ প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এক বিবৃতিযোগে সাংসদগৰাকীয়ে কয় যে, "শেহতীয়াকৈ পেট্ৰল, ডিজেল আৰু ৰন্ধন গেছৰ মূল্যবৃদ্ধিৰ সমান্তৰালভাৱে অত্যাৱশ্যকীয় সামগ্ৰীৰাে অস্বাভাৱিকভাৱে দাম বৃদ্ধি পাইছে (Ajmal's reaction on price rise)।"

বিশেষকৈ মিঠাতেল, ৰিফাইন, দাইল আদিকে ধৰি শাক-পাচলিৰ পৰা নেমুটেঙালৈকে খাদ্য সামগ্ৰীৰ দাম বৃদ্ধি পাইছে । মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ ক্ষেত্রত চৰকাৰ সম্পূৰ্ণৰূপে ব্যর্থ হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে, চাৰিখনকৈ ৰাজ্যৰ নিৰ্বাচনৰ প্রাকমূহুৰ্তত কেন্দ্ৰ চৰকাৰে কোনাে ধৰণৰ ইন্ধনৰ মূল্য বৃদ্ধি কৰাৰ পৰা বিৰত আছিল আৰু ৰাজ্যকেইখনৰ নির্বাচন শেষ হােৱাৰ পিছত এতিয়া ইন্ধন আৰু গেছৰ মূল্য বৃদ্ধি কৰিছে । যাৰ বাবে সাধাৰণ জনগণ সমস্যাৰ সন্মুখীন হ'বলগা হৈছে।

লগতে তেওঁ কয় যে, অসমত শাক-পাচলিৰ বা খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধিৰ আঁৰত কোন আছে তথা কিয় বৃদ্ধি হৈছে সেই বিষয়ে চৰকাৰে আজিলৈকে কোনাে ধৰণৰ অনুসন্ধানৰ ব্যৱস্থা নকৰিলে । অসমত প্ৰচুৰ পৰিমাণে শাক-পাচলি, শস্য উৎপাদন হয় যদিও ইয়াৰ উচিত মূল্য কিন্তু কৃষকে আজিকোপতি লাভ কৰা নাই । কৃষি পথাৰত নিম্ন দামত বিক্ৰী হােৱা বস্তু চহৰ অঞ্চলত কেনেকৈ উচ্চ হাৰত বিক্ৰী হৈ আছে বুলি তেওঁ প্ৰশ্ন উত্থাপন কৰে ।

ইফালে, মূল্যবৃদ্ধিৰ ফলত যে সাধাৰণ জনতা জুৰুলা হৈ পৰিছে সেই কথা এইখন চৰকাৰে উপলব্ধি কৰিব পৰা নাই বুলি সদৰি কৰি তেওঁ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাক বজাৰ পৰিদৰ্শন কৰিবলৈ আহ্বান জনায় । লগতে বজাৰ পৰিদৰ্শন কৰি সংশ্লিষ্ট জিলা প্রশাসন, বিভাগীয় মন্ত্রীক ব্যৱস্থা গ্ৰহণৰ ক্ষেত্রত নিৰ্দেশ দিয়াৰ বাবেও তেওঁ মুখ্যমন্ত্রীক আহ্বান জনায় ।

লগতে পঢ়ক : অসম চুক্তি, NRC প্ৰসংগ : আছুৰে বৈঠক কেবিনেট উপ-সমিতিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.