নিউজ ডেস্ক, 17 আগষ্ট: বিগত কিছুদিন ধৰি ৰাজ্যত হোৱা উৎকট গৰমে দহি-পুৰি মাৰিছে ৰাজ্যবাসীক ৷ ইফালে প্ৰচণ্ড গৰমৰ বাবে অসম ৰাজ্যিক চিৰিয়াখানা তথা উদ্যানৰ জীৱ-জন্তুবোৰৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ ৷
চিৰিয়াখানাৰ জীৱ-জন্তুবোৰে এই উৎকট গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ চিৰিয়াখানাৰ গড়ালসমূহত শীতলীকৃত যন্ত্ৰৰ ব্যৱস্থা কৰিছে চিৰিয়াখানা কৰ্তৃপক্ষই ৷ ইয়াৰ লগতে জীৱ-জন্তুৰ সুবিধাৰ্থে ফেন, পুল আৰু বিভিন্ন ধৰণে শীতলীকৰণৰ ব্যৱস্থা কৰা হৈছে ৷ চিৰিয়াখানাৰ বনকৰ্মীয়ে এই কথা জানিবলৈ দিয়ে ৷