ETV Bharat / state

২০২১ ৰ নিৰ্বাচন: বিজেপিৰ নৱঘোষিত ৰাজ্যিক সমিতিৰ লক্ষ্য

ৰাজ্যিক বিজেপিৰ আভ্যন্তৰত লবীকেন্দ্ৰীক ৰাজনীতি চলি থকাৰ অভিযোগ খণ্ডন নৱ-নিৰ্বচিত উপসভাপতি জয়ন্ত দাসৰ ৷ 2021 ৰ বিধানসভা নিৰ্বাচন পৰিচালনা কৰাৰ গুৰু দায়িত্বভাৰ থাকিব নৱ নিৰ্বাচিত এই সমিটি খনৰ ওপৰত ৷

বিজেপিৰ নৱঘোষিত ৰাজ্যিক সমিতিৰ লক্ষ্য
বিজেপিৰ নৱঘোষিত ৰাজ্যিক সমিতিৰ লক্ষ্য
author img

By

Published : Aug 6, 2020, 6:26 PM IST

গুৱাহাটী, ৬ আগষ্টঃ বহু সমীকৰণ আৰু ৰাজনৈতিক হিচাপ নিকাচৰ অন্তত বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই অনুমোদন জনোৱাৰ পিছত অলপতে ঘোষণা কৰা হৈছে দলটোৰ নতুন ৰাজ্যিক কাৰ্যনিৰ্বাহক সমিতিখন ৷ এইখন সমিতিৰ গুৰুত্ব এইবাবেই অধিক, কিয়নো 2021 ৰ বিধানসভা নিৰ্বাচন পৰিচালনা কৰাৰ গুৰু দায়িত্বভাৰ থাকিব এই সমিতিৰ ওপৰতে ৷ দলৰ কেন্দ্ৰীয় নেতৃত্বই পূৰ্বতেই স্পষ্ট কৰি দিছিল যে ৰাজ্যিক কাৰ্যনিৰ্বাহকত এইবাৰ সাধাৰণ সম্পাদক পদত অধিষ্ঠিত হোৱাসকলে কোনো কাৰণতে আগন্তুক বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হ’ব নোৱাৰিব ৷ সেই সূত্ৰ আগত ৰাখিয়েই সাধাৰণ সম্পাদক পদত নিযুক্তি দিয়া হৈছে দলটোৰ তিনিগৰাকীকৈ সাংসদক ৷ তেওঁলোক হৈছে ডাঃ ৰাজদ্বীপ ৰায়, তপন কুমাৰ গগৈ আৰু পল্লৱলোচন দাস ৷

নৱ-নিৰ্বচিত উপসভাপতি জয়ন্ত দাসৰ সাক্ষাৎকাৰ

বহু ৰাজনৈতিক অংক আগত ৰাখি গঠন কৰা এই নতুন সমিতিখনে আগন্তুক বিধানসভা নিৰ্বাচন অতি কৌশলপূৰ্ণ আৰু নিখুঁতভাবে পৰিচালনা কৰিবলৈ সক্ষম হ’ব বুলি মন্তব্য কৰিছে দলটোৰ নৱনিযুক্ত উপ-সভাপতি জয়ন্ত দাসে ৷ বিগত সুদীৰ্ঘ সময়জুৰি দিছপুৰ সমষ্টিৰ দাবীদাৰ হিচাপে থিয় হোৱা জয়ন্ত দাসে একে সময়তে ৰাজ্যিক বিজেপিৰ আভ্যন্তৰত লবীকেন্দ্ৰীক ৰাজনীতি চলি থকাৰ অভিযোগো একে আষাৰে খণ্ডন কৰে ৷

লবীকেন্দ্ৰীক ৰাজনীতি চলি থকাৰ অভিযোগ খণ্ডন জয়ন্ত দাসৰ

2021 চনত পুনৰ দিছপুৰত চৰকাৰ গঠন কৰাৰ লক্ষ্য আগত ৰাখিয়েই নতুন আৰু পুৰণি উভয় মুখক লৈ এই ৰাজ্যিক সমিতিখন দলৰ শীৰ্ষ নেতৃত্বই গঠন কৰি দিছে আৰু বিজেপি নিশ্চিতভাবে 2021 ত পুনৰ সেই লক্ষ্যত উপনীত হ’ব বুলিও মন্তব্য কৰে নৱনিযুক্ত উপ-সভাপতি গৰাকীয়ে ৷ মনকৰিবলগীয়া যে, সদ্যঘোষিত ৰাজ্যিক কাৰ্যনিৰ্বাহক সমিতিখনত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্তবিশ্ব শৰ্মাৰ শিবিৰৰ বুলি পৰিচিত কেইবাজনো নেতাক সন্তুলন ৰক্ষা কৰি অন্তৰ্ভুক্ত কৰা হৈছে ৷

লগতে পঢ়কঃ ভাৰতত কৰ’ণা ভাইৰাছত এদিনতে আক্ৰান্ত সৰ্বাধিক 56,282 গৰাকী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.