ETV Bharat / state

AICC GS Jitendra Singh in Guwahati; বিজেপিৰ দিনত দেশৰ সুৰক্ষা ব্যৱস্থাৰ ওপৰত আক্ৰমণ হৈছে : জীতেন্দ্ৰ সিং - বিজেপি চৰকাৰৰ দিনত দেশে সংকটৰ সন্মুখীন হৈছে

শুকুৰবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক তথা প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়ক জীতেন্দ্ৰ সিঙে গুৱাহাটীত আয়োজন কৰে এক সংবাদমেল ৷ এই সংবাদমেলতে তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে কেতবোৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰে (AICC GS Jitendra Singh criticized PM Modi) ৷

AICC GS Jitendra Singh criticized PM Modi
বিজেপিৰ দিনত দেশে সংকটৰ সন্মুখীন হৈছে : জীতেন্দ্ৰ সিং
author img

By

Published : Apr 28, 2023, 8:33 PM IST

এ আই চি চিৰ সাধাৰণ সম্পাদক জীতেন্দ্ৰ সিঙৰ সংবাদমেল

গুৱাহাটী, ২৮ এপ্ৰিল : জম্মু-কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে উত্থাপন কৰা কেতবোৰ বিস্ফোৰক অভিযোগক কেন্দ্ৰ কৰি দেশৰ ৰাজনীতি উত্তাল হৈ আছে । বিশেষকৈ বিৰোধী দল কংগ্ৰেছ এই ঘটনাকলৈ বিশেষভাৱে সৰৱ হৈ পৰিছে । শুকুৰবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰি নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক তথা প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়ক জীতেন্দ্ৰ সিঙে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক আক্ৰমণৰ লক্ষ্য কৰি লয় (AICC GS Jitendra Singh in Guwahati) ।

তেওঁ কয় যে, বিজেপি চৰকাৰৰ দিনত দেশে সংকটৰ সন্মুখীন হৈছে । দেশৰ সুৰক্ষা ব্যৱস্থাৰ ওপৰত আক্ৰমণ হৈছে । তিনিখন ৰাজ্যৰ প্ৰাক্তন ৰাজ্যপাল তথা বিজেপিৰ উপ-সভাপতি সত্যপাল মালিকে উদঙাই দিছে মোডী চৰকাৰৰ প্ৰকৃত স্বৰূপ । সত্যপাল মালিকৰ শেহতীয়া বিস্ফোৰক সাক্ষাৎকাৰে এই কথাকে প্ৰতিপন্ন কৰে যে প্ৰধানমন্ত্ৰীয়ে দুর্নীতিক ঘৃণা নকৰে (AICC GS Jitendra Singh criticized PM Modi) ।

তেওঁ কয় যে, প্ৰধানমন্ত্ৰীক দুৰ্নীতিৰ কেইবাটাও গুৰুতৰ অভিযোগ দৃষ্টিগোচৰ কৰাৰ পিচত ২০২০ চনৰ আগষ্ট মাহত সত্যপাল মালিকক গোৱাৰ ৰাজ্যপাল পদৰ পৰা আঁতৰাই মেঘালয়লৈ প্ৰেৰণ কৰা হ’ল । তেওঁ লগতে কয় যে, জম্মু-কাশ্মীৰত অনুচ্ছেদ ৩৭০ বাতিল কৰাৰ সন্দৰ্ভত প্ৰাক্তন ৰাজ্যপাল মালিকে মত পোষণ কৰিছে যে, এইটো এটা ততাতৈয়াকৈ লোৱা পৰিকল্পনাবিহীন হঠকাৰী সিদ্ধান্ত আছিল । তাৰ পিচত কাশ্মীৰত নিৰন্তৰ কাশ্মীৰী পণ্ডিতসকলক হত্যা কৰা হৈছে ।

পুলৱামা কাণ্ডৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে, পুলৱামা কাণ্ড সন্দৰ্ভত ঘটনাৰ পিচতে প্ৰধানমন্ত্ৰী মোডীয়ে সেই সময়ৰ জম্মু-কাশ্মীৰৰ ৰাজ্যপাল সত্যপাল মালিকক মনে মনে থাকিব কৈছিল । সত্যপাল মালিকে সদৰী কৰিছিল যে, পুলৱামাত চি আৰ পি এফৰ কনভয়ৰ ওপৰত হোৱা আক্ৰমণ গৃহ মন্ত্ৰালয়ৰ ‘বিফলতা’ আৰু ‘গাফিলতি’ৰ ফল । মালিকে বিতংভাৱে কৈছিল কেনেকৈ চি আৰ পি এফে তেওঁলোকৰ জোৱানসকলক কঢ়িয়াই নিয়াৰ বাবে ৫ খন বিমান বিচাৰিছিল আৰু কেনেকৈ কিন্তু গৃহ মন্ত্ৰালয়ে সেয়া দিবলৈ অস্বীকাৰ কৰিছিল ।

আনহাতে, পুলৱামা আক্ৰমণৰ পিচতে সত্যপাল মালিকে প্ৰধানমন্ত্ৰীক ফোন কৰাত প্ৰধানমন্ত্ৰী ফটো চেছনত ব্যস্ত আছিল আৰু মালিকক মনে মনে থাকিব কৈছিল । তেওঁৰ সৈতে টেলিফোনত কথা পতাৰ সময়ত তেওঁ এই ত্ৰুটীবোৰ উত্থাপন কৰিছিল । আনকি অজিৎ ডোভালেও সত্যপাল মালিকক মনে মনে থাকিবলৈ আৰু এই বিষয়ে একো প্ৰকাশ নকৰিবলৈ সতর্কবাণী শুনাইছিল ।

সত্যপাল মালিকে তেওঁৰ সাক্ষাৎকাৰত কৈছিল যে, তেতিয়াই তেওঁ উপলব্ধি কৰিছিল যে এই ঘটনাটোক বিজেপিয়ে এটা নিৰ্বাচনী সুবিধা লাভ কৰা আহিলা হিচাবে ব্যৱহাৰ কৰিছে । তেওঁ অভিযোগ কৰি কয় যে ৰাজনৈতিক মুনাফা লাভৰ বাবে ৪০ জন জোৱানক হত্যা কৰা হ'ল । পুলৱামা ঘটনাৰ কোনো তদন্ত নহ’ল । এই ঘটনাত গৃহমন্ত্ৰী ৰাজনাথ সিং আৰু অজিৎ দোভালৰ দায়িত্ব আৰু গাফিলতিৰ কোনো বিচাৰ নহ'ল ।

সিঙে লগতে কয় যে সত্যপাল মালিকৰ অতি গুৰুতৰ অভিযোগ সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোডীয়ে কিয় কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই । তাৰ অৰ্থ এইটো যে প্ৰতিটো অভিযোগেই সত্য । পুলৱামা ঘটনা সন্দৰ্ভত দেশৰ ১৪০ কোটি লোকে মোডীৰ পৰা স্পষ্টিকৰণ দাবী কৰিছে বুলি তেওঁ কয় । উত্তৰ নিদিয়া পৰ্যন্ত কংগ্ৰেছ দলে এই বিষয়টো গাঁৱে গাঁৱে লৈ যাব । দেশৰ নিৰাপত্তাৰ কথা জড়িত থকা এই বিষয়ত মোডীয়ে মৌনব্ৰত ভংগ কৰিবই লাগিব বুলি তেওঁ কয় ।

তেওঁ লগতে কয় যে, কংগ্ৰেছৰ উদ্যোগত বৃহস্পতিবাৰে গুৱাহাটীত অনুষ্ঠিত হোৱা ১১ টা বিৰোধী ৰাজনৈতিক দলৰ বৈঠকতো এই বিষয়টো গুৰুত্ব সহকাৰে আলোচনা কৰা হয় । এই ঘটনাৰ উচ্চতম ন্যায়ালয় ন্যায়াধীশৰ তত্বাৱধানত তদন্ত কৰাৰ দাবী জনোৱা হৈছে বুলি তেওঁ কয় ।

চি বি আই, ইডি আদি এজেন্সীৰ ওপৰত এতিয়া জনতাৰ আস্থা আৰু বিশ্বাস নাই বুলি তেওঁ লগতে কয় । ইফালে গুৱাহাটীত অনুষ্ঠিত হোৱা দুদিনীয়া কাৰ্যসূচী সন্দৰ্ভত তেওঁ কয় যে বৃহস্পতিবাৰে ৫ টা আৰু শুকুৰবাৰে ৬ টাসহ মুঠ ১১ টা লোকসভা সমষ্টিৰ দলীয় নেতাৰে পৃথকে পৃথকে আলোচনা হয় ।

আগন্তুক পঞ্চায়ত আৰু লোকসভা নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত বৈঠকত বিশদভাৱে আলোচনা কৰা হয় । পৰৱৰ্তী সময়ত আন তিনিটা সমষ্টিকলৈ আলোচনা কৰা হ’ব বুলি তেওঁ কয় । সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সম্পাদক পৃথ্বীৰাজ সাথে, সাংসদ আব্দুল খালেক আৰু প্ৰদ্যুৎ বৰদলৈ, বিৰোধী দলপতি দেৱব্ৰত শইকীয়াকে ধৰি কেইবাগৰাকী বিধায়ক আৰু প্ৰদেশ কংগ্ৰেছৰ নেতা উপস্থিত আছিল ।

লগতে পঢ়ক : CMs Vigilance Notice : সাংসদ অজিত ভূঞালৈ মুখ্যমন্ত্রীৰ তদাৰকী কোষৰ জাননী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.