ETV Bharat / state

নাবাৰ্ডৰ সৈতে কৃষিমন্ত্রী অতুল বৰাৰ বৈঠক

author img

By

Published : Jun 29, 2021, 9:40 PM IST

মঙলবাৰে জনতা ভৱনত নাবাৰ্ডৰ মহা প্ৰৱন্ধক (NABARD General Secretary) আৰু বিভাগীয় উচ্চপদস্থ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হয় কৃষিমন্ত্রী অতুল বৰা ৷ কৃষি আন্তঃগাঁথনি পুঁজি তথা গ্ৰাম্য আন্তঃগাঁথনি উন্নয়ন পুঁজিৰ অধীনত কৃষি, উদ্যান শস্য আৰু খাদ্য সংসাধন, পশুপালন, দুগ্ধ উন্নয়ন, কৃষি বিপণন আদি বিভিন্ন ক্ষেত্ৰসমূহত নাবাৰ্ডৰ সহযোগিতা সন্দৰ্ভত আলোচনা কৰে ৰাজ্যৰ কৃষি মন্ত্ৰী গৰাকীয়ে ৷

Agricultural minister Atul Bora meets NABARD general secretary and top officials
নাবাৰ্ডৰ সৈতে কৃষিমন্ত্রী অতুল বৰাৰ বৈঠক

গুৱাহাটী, ২৯ জুন : ৰাজ্যখনৰ কৃষি আৰু আনুষংগিক খণ্ডসমূহৰ আন্তঃগাঁথনিৰ বিকাশত নাবাৰ্ড(NABARD)ৰ অংশগ্ৰহণ সন্দৰ্ভত মঙলবাৰে জনতা ভৱনত নাবাৰ্ডৰ মহা প্ৰৱন্ধক (NABARD General Secretary) আৰু বিভাগীয় উচ্চপদস্থ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয় ৰাজ্যৰ কৃষিমন্ত্রী অতুল বৰা(Agricultural minister Atul Bora)। বৈঠকত কৃষি আন্তঃগাঁথনি পুঁজি(Agricultural infrastructure fund) তথা গ্ৰাম্য আন্তঃগাঁথনি উন্নয়ন পুঁজি(Rural Infrastructure Development Fund)ৰ অধীনৰ বিষয়সমূহৰ সন্দৰ্ভত আলোচনা হয় ৷ এই বৈঠকত বিশেষকৈ, কৃষি, উদ্যান শস্য আৰু খাদ্য সংসাধন, পশুপালন, দুগ্ধ উন্নয়ন, কৃষি বিপণন আদি বিভিন্ন ক্ষেত্ৰসমূহত নাবাৰ্ডৰ সহযোগিতা সন্দৰ্ভত বিতং আলোচনা কৰা হয় ।

ইয়াৰোপৰি, কৃষক উৎপাদক গোট(Farmer Producing Unit) সমূহক শক্তিশালীকৰণ, গ্ৰাম্য ন'লেজ চেণ্টাৰ স্থাপন(Establishment of rural knowledge center), শীতল ভঁৰাল (cold storage) আৰু শীতল শৃংখল (Cold Chain Development), ধান ক্ৰয় কেন্দ্ৰসমূহৰ আন্তঃগাঁথনিৰ উন্নয়ন ইত্যাদি বিষয় সন্দৰ্ভত আলোচনা কৰে মন্ত্রী বৰাই । বৈঠকত অতিৰিক্ত মুখ্য সচিব তথা কৃষি উৎপাদন আয়ুক্ত ৰবিশংকৰ প্ৰসাদ, কৃষি সচিব অনন্তলাল জ্ঞানী, পশুপালন আৰু পশু চিকিৎসা বিভাগৰ সচিব তথা সঞ্চালক ইন্দিৰা কলিতা, উদ্যান শস্য বিভাগৰ সঞ্চালক ত্ৰিৰংগ ভাৰতীয় বৰা, দুগ্ধ উন্নয়ন বিভাগৰ সঞ্চালক উৎপল শৰ্মা, নাবাৰ্ডৰ মুখ্য মহাপ্ৰবন্ধক এছ এছ সাহা, মহাপ্ৰবন্ধক বাইজু এন কুৰুপ প্ৰমুখ্যে নাবাৰ্ড আৰু নেবকনছ তথা বিভাগৰ আন বিষয়াসকল উপস্থিত আছিল ৷

লগতে পঢ়ক : প্ৰসংগ APSC কেলেংকাৰী: প্ৰাক্তন DIGৰ পুত্ৰ, সাংবাদিকৰ আত্মীয়ক তলব

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.