ETV Bharat / state

Lok Sabha Polls 2024: লক্ষ্য লোকসভা নিৰ্বাচন; গুৱাহাটীত শুকুৰবাৰে অগপৰ বিশাল কৰ্মকৰ্তা সন্মিলন - AGP workers meet in Guwahati

মিত্রদল বিজেপিয়ে কেইটা সমষ্টি এৰি দিব সেয়া নিশ্চিত নহ'লেও অগপই সমাগত নির্বাচনক কেন্দ্ৰ কৰি ব্যাপক সাংগঠনিক তৎপৰতা বৃদ্ধি কৰিছে (AGP preparation for Lok Sabha polls 2024) । অগপই ইতিমধ্যে মঙলদৈ, তেজপুৰ, কলিয়াবৰ আৰু নগাঁৱত লোকসভা সমষ্টি ভিত্তিত একোখনকৈ বৃহৎ কর্মকর্তা সন্মিলন অনুষ্ঠিত কৰিছে । শুকুৰবাৰে অগপই গুৱাহাটীৰ মাছখোৱাস্থিত প্রাগজ্যোতি সাংস্কৃতিক প্ৰকল্পত অনুষ্ঠিত কৰিব আন এখন বিশাল কর্মকর্তা সন্মিলন ।

AGP meeting
AGP meeting
author img

By

Published : Apr 27, 2023, 4:37 PM IST

গুৱাহাটী, ২৭ এপ্রিল: আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে নিজা নিজা ৰণকৌশলেৰে সাজু হৈছে ৰাজনৈতিক দলসমূহ (Lok Sabha Election 2024) । নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে শাসক-বিৰোধী উভয়েৰে মাজত বৃদ্ধি পাইছে তৎপৰতা । ইফালে থমকি ৰোৱা নাই বিজেপি মিত্ৰজোঁটৰ অংশীদাৰ অগপ দলো (AGP preparation for Lok Sabha polls 2024) । মিত্রদল বিজেপিয়ে কেইটা সমষ্টি এৰি দিব সেয়া এতিয়াও নিশ্চিত হোৱা নাই যদিও অগপই সমাগত নির্বাচনক কেন্দ্ৰ কৰি ব্যাপক সাংগঠনিক তৎপৰতা বৃদ্ধি কৰিছে (AGP BJP alliance for Lok Sabha polls) ।

লক্ষ্যণীয় বিষয় যে, অগপই ইতিমধ্যে মিত্ৰদল বিজেপিৰ লগতে বিৰোধী কংগ্ৰেছৰ দখলত থকা মঙলদৈ, তেজপুৰ, কলিয়াবৰ আৰু নগাঁৱত লোকসভা সমষ্টি ভিত্তিত একোখনকৈ বৃহৎ কর্মকর্তা সন্মিলন অনুষ্ঠিত কৰিছে । এইবাৰ গুৱাহাটী লোকসভা সমষ্টিৰ বাবে অগপই ৰণকৌশল প্ৰস্তুত কৰিব । ২৮ এপ্ৰিল অৰ্থাৎ শুকুৰবাৰে অগপই গুৱাহাটীৰ মাছখোৱাস্থিত প্রাগজ্যোতি সাংস্কৃতিক প্ৰকল্পত আন এখন বিশাল কর্মকর্তা সন্মিলনৰ প্ৰস্তুতি চলাইছে (AGP workers meet in Guwahati) ।

ইফালে দখলত নথকা ১১ টা সমষ্টিক লৈ ৰণকৌশল যুগুত কৰিবলৈ আজিৰে পৰা বিৰোধী কংগ্ৰেছে দুদিনীয়াকৈ পর্যালোচনা বৈঠক অনুষ্ঠিত কৰিছে । এই বৈঠকত নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক তথা অসমৰ তত্ত্বাৱধায়ক জীতেন্দ্র সিঙে অংশগ্রহণ কৰিছে । সিঙে কংগ্ৰেছৰ আহ্বানত ৰাজ্যৰ দহটা বিৰোধী ৰাজনৈতিক দলৰ সৈতেও বৈঠকত মিলিত হ’ব । কংগ্ৰেছৰ এনে তৎপৰতাৰ বিপৰীতে বিজেপি মিত্ৰজোঁটৰ অংশীদাৰ দল অগপই লোকসভা সমষ্টিৰ নিৰ্বাচনক লৈ চলোৱা তৎপৰতাৰ অংশ হিচাপে শুকুৰবাৰে কর্মকর্তা সন্মিলন অনুষ্ঠিত কৰিব ।

দলৰ সাধাৰণ সম্পাদক তথা বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই জনোৱা মতে দলে পঞ্চায়ত আৰু লোকসভাৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে বিভিন্ন সাংগঠনিক স্তৰত সভা-সমিতি অনুষ্ঠিত কৰাৰ লগতে বিশেষ জনসংযোগ কার্যসূচী অব্যাহত ৰাখিছে । এই উদ্দেশ্যে ২৮ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া কর্মকর্তা সন্মিলনত চাৰি হাজাৰৰো অধিক বিভিন্ন পৰ্যায়ৰ বিষয়ববীয়া আৰু সদস্যসকল উপস্থিত থাকিব । সন্মিলনত দলৰ সভাপতি তথা মন্ত্ৰী অতুল বৰা, কাৰ্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্ত আৰু দলৰ সকলো জ্যেষ্ঠ নেতাৰ লগতে প্ৰতিটো বিধান পৰিষদ, জিলা পৰিষদ আৰু ভাতৃ-ভগ্নী সংগঠনসমূহৰ বিষয়ববীয়াসকলে অংশগ্রহণ কৰিব (Lok Sabha polls 2024)।

উল্লেখ্য যে, লোকসভাত শূন্য প্ৰতিনিধি থকা অগপই এইবাৰ লোকসভাত নিজৰ স্থিতি প্ৰতিপন্ন কৰাৰ বাবে লক্ষ্য নিৰ্ধাৰণ কৰিছে । ইয়াৰ বাবে অগপই জয়ী হ'ব পৰা এটা সমষ্টি মিত্রদল বিজেপিৰ পৰা বিচাৰিব । উল্লেখ্য যে, বিগত লোকসভা নিৰ্বাচনত বিজেপিয়ে মিত্রদল অগপক তিনিটা সমষ্টি এৰি দিছিল যদিও এটাতো জয়ী হ'ব নোৱাৰিলে । এইবাৰ বিজেপিয়ে মিত্রদল অগপক কেইটা সমষ্টি এৰি দিব সেয়া সময়েহে ক'ব ।

লগতে পঢ়ক :FIR against Rana Goswami: মহিলা বিজেপি কৰ্মীৰ বিৰুদ্ধে নিকৃষ্ট মন্তব্য কৰি বিপদত কংগ্ৰেছৰ ৰাণা গোস্বামী; ৰুজু হ’ল গোচৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.