নিউজ ডেস্ক, ৩ জুনঃ বৃহস্পতিবাৰৰ দুপৰীয়াৰ পৰাই একপ্ৰকাৰে হৃদস্পন্দন, উৎকন্ঠা, টেনশ্ব'ন সকলো উৰ্দ্ধমুখী হৈছে মন্ত্ৰিত্ব লাভৰ আশাত যোৱা প্ৰায় এটা বছৰে অপেক্ষা কৰি ৰোৱা একাংশ বিধায়কৰ । মুখ্যমন্ত্ৰী ডঃ হিমন্তবিশ্ব শৰ্মাই বৃহস্পতিবাৰে কাৰ্বি আংলঙত তেওঁৰ মন্ত্ৰীসভাৰ আসন্ন সম্প্ৰসাৰণৰ কথা ঘোষণা কৰাৰ পিছৰে পৰাই বিজেপিকে ধৰি কেউটা শাসকীয় দলৰ আভ্যন্তৰত আৰম্ভ হৈছে প্ৰৱল উৎকন্ঠা ।
![ফণীভুষন চৌধুৰী](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-01-ministry-expansion-agp-uppl-7206058_03062022144539_0306f_1654247739_1059.jpeg)
যদিহে মুখ্যমন্ত্ৰীয়ে তেওঁৰ মন্ত্ৰীসভাখন পূৰ্ণাংগ ৰূপত গঠন কৰে তেন্তে তেওঁক প্ৰয়োজন হব আৰু ছগৰাকী নতুন মন্ত্ৰীৰ । কিয়নো মন্ত্ৰীসভাখন ১৯ জনীয়া (মুখ্যমন্ত্ৰীসহ) হব লাগে যদিও বৰ্তমান মন্ত্ৰীসভাৰ আকাৰ হৈ আছে ১৩ জনীয়া । অৰ্থাৎ আৰু ছখন আসন এতিয়াও খালি হৈ আছে ডঃ শৰ্মা মন্ত্ৰীসভাত ।
![ৰমেন্দ্ৰ নাৰায়ণ কলিতা](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-01-ministry-expansion-agp-uppl-7206058_03062022144539_0306f_1654247739_163.jpeg)
স্বাভাৱিকতে এতিয়া প্ৰশ্ন উঠিছে কোন কোন সৌভাগ্যবানৰ কপাল ফুলিব ৯ জুনত । বিগত বিধানসভা নিৰ্বাচনৰ পিছত যেতিয়া ডঃ শৰ্মাৰ নেতৃত্বত ৰাজ্যত বিজেপিয়ে চৰকাৰ গঠন কৰিছিল তেতিয়াই দুই মিত্ৰদল অসম গণ পৰিষদ আৰু ইউ পি পি এলৰ সৈতে বুজাবুজি হৈছিল যে মন্ত্ৰীসভাত অগপৰ তিনিগৰাকী আৰু ইউ পি পি এলৰ দুগৰাকী প্ৰতিনিধি থাকিব ।
![গোবিন্দ বসুমতাৰী](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-01-ministry-expansion-agp-uppl-7206058_03062022144539_0306f_1654247739_853.jpeg)
বৰ্তমান মন্ত্ৰীসভাত মিত্ৰদল অগপৰ মন্ত্ৰী আছে দুগৰাকী আৰু ইউ পি পি এলৰ আছে এগৰাকী । সেয়েহে ৯ জুনৰ সম্প্ৰসাৰণত দুয়োটা মিত্ৰদলৰ ফালৰ পৰা যদিহে একোখনকৈ নতুন মুখ মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হয় তেন্তে কোন হব পাৰে সেই দুই সৌভাগ্যবান । এই সময়ত পুণৰ চৰ্চালৈ আহিছে ইউ পি পি এলৰ দুই বিধায়ক ক্ৰমে গোবিন্দ বসুমতাৰী আৰু ল'ৰেঞ্চ ইছলাৰীৰ নাম । এই দুই বিধায়কৰ মাজৰ পৰাই এজনে হয়তো মন্ত্ৰীসভাত স্থান পোৱাৰ সম্ভাৱনা আছে ।
![ল'ৰেঞ্চ ইছলাৰী](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-01-ministry-expansion-agp-uppl-7206058_03062022144539_0306f_1654247739_88.jpeg)
ইপিনে আনটো মিত্ৰদল অগপৰ ফালৰ পৰা দলটোৰ দুই জ্যেষ্ঠ বিধায়ক ক্ৰমে ফণীভুষন চৌধুৰী আৰু ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ ভিতৰত কোনোবা এজনে মন্ত্ৰীসভাত স্থান পাব পাৰে । অৱশ্যে অগপৰ আভ্যন্তৰত আন দুই বিধায়ক ক্ৰমে আমগুৰিৰ প্ৰদীপ হাজৰিকা আৰু তেজপুৰৰ পৃথ্বীৰাজ ৰাভাৰ নামো চৰ্চিত হৈছে যদিও শেষ মুহূৰ্তত ৰমেন্দ্ৰ নাৰায়ণ কলিতা বা ফণীভুষন চৌধুৰীৰ মাজৰ পৰাই কোনোবা এজনৰ ভাগ্যচক্ৰ সলনি হোৱাৰ সম্ভাৱনাই অধিক ।
লগতে পঢ়ক: পুনৰ গড়মূৰ থানাত জেৰা জোনমনিক