ETV Bharat / state

অনিশ্চয়তাৰ মাজতে নতুন বছৰৰ আৰম্ভণীৰ পৰা অগপৰ নিৰ্বাচনী প্ৰচাৰ অভিযান - AGP election campaign

Lok Sabha election 2024: লক্ষ্য- লোকসভা নিৰ্বাচন । সমষ্টি ঠিক নহ'লেও অগপই ৮ জানুৱাৰীত বৰপেটাৰ পৰা আৰম্ভ কৰিব প্ৰচাৰ অভিযান । কেন্দ্ৰীয় নেতৃত্বই অংশ ল'ব বৃহৎ বুথ সন্মিলনত । পৰৱৰ্তী অভিযান কাজিৰঙাত । ভোগালী বিহুৰ পাছত পর্যায়ক্ৰমে যোৰহাট, শোণিতপুৰ, কৰিমগঞ্জ, লখিমপুৰ আৰু গুৱাহাটী লোকসভা সমষ্টিত হ'ব বুথ সন্মিলন ।

Lok Sabha election 2024
AGPs campaign will start from new year
author img

By ETV Bharat Assamese Team

Published : Dec 26, 2023, 4:48 PM IST

গুৱাহাটী, ২৬ ডিচেম্বৰ: আসনৰ হিচাপ-নিকাচ এতিয়াও চূড়ান্ত হোৱা নাই যদিও লোকসভা নিৰ্বাচনৰ বাবে শাসকীয় দল বিজেপিৰ মিত্ৰদল অগপই ইতিমধ্যে কুচকাৱাজ আৰম্ভ কৰিছে । বিগ ব্ৰাদাৰ বিজেপিয়ে মিত্ৰদল অগপক কেইখন আসন এৰি দিব সেয়া এতিয়াও নিশ্চিত হোৱা নাই । সেই অনিশ্চয়তাৰ মাজতে নিৰ্দিষ্ট কেতবোৰ সমষ্টিত বুথ কৰ্মী সন্মিলনৰ জৰিয়তে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ সাজু হৈছে আঞ্চলিক দল অগপ ।

নতুন বছৰৰ আৰম্ভণীৰ পৰাই ৰণত নামিব অগপ । ৮ জানুৱাৰীৰ পৰাই বুথ কৰ্মী সন্মিলনৰ জৰিয়তে অগপই নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিব । ৮ জানুৱাৰীত দলটোৱে বৰপেটা লোকসভাত অনুষ্ঠিত কৰিব বৃহৎ বুথ সন্মিলন । সমষ্টিটোৰ সকলো বুথ কমিটীৰ প্ৰতিনিধিৰ উপস্থিতিত অনুষ্ঠিত হ’ব লগা সন্মিলনত কেন্দ্ৰীয় নেতৃত্বই অংশ গ্ৰহণ কৰি জনতাক সম্বোধন কৰিব ।

বৰপেটা সন্মিলনৰ পাছতেই ১০ জানুৱাৰীত দলটোৰ কেন্দ্ৰীয় নেতৃত্ব উপস্থিত হ’ব কাজিৰঙাত । কাজিৰঙা লোকসভা সমষ্টিত অনুষ্ঠিত কৰিব লোকসভাৰ নিৰ্বাচন-কেন্দ্ৰিক দ্বিতীয়খন বুথ সন্মিলন । ইয়াৰ পাছত অর্থাৎ ভোগালী বিহুৰ পাছত পর্যায়ক্ৰমে যোৰহাট, শোণিতপুৰ, কৰিমগঞ্জ, লখিমপুৰ আৰু গুৱাহাটী লোকসভা সমষ্টিত বুথ সন্মিলন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছে অগপই ।

উল্লেখ্য যে জয়ী হ’ব পৰা সমষ্টি বিচাৰি আঞ্চলিক দলটোৱে দীৰ্ঘদিন ধৰি মিত্ৰদল বিজেপিৰ ওপৰত হেঁচা প্ৰয়োগ কৰি আহিছে । তেজপুৰ আৰু কাজিৰঙা সমষ্টি বিচাৰি বিভিন্ন ধৰণে হেঁচা প্ৰয়োগ কৰি অহাৰ পাছতো এই পর্যন্ত অগপৰ দাবীৰ প্ৰতি কোনো ধৰণৰ সঁহাৰি জনোৱা নাই বিজেপিয়ে । বিজেপিৰ এনে স্থিতিত এতিয়া অস্বস্তিত পৰিছে আঞ্চলিক দলটো ।

অগপই কোনকেইটা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰাৰ সুযোগ পাব সেয়া কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ওপৰত নিৰ্ভৰ কৰিব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যৰ পাছতেই আঞ্চলিক দলটোৰ অভ্যন্তৰত ক্ষোভৰ সৃষ্টি হৈছে । কিন্তু ক্ষোভৰ বহিঃপ্ৰকাশ কৰা নাই দলটোৰ নেতৃত্বই । বিভিন্ন কাৰণত নীৰৱতা অৱলম্বন কৰিবলৈ বাধ্য হৈছে দলটোৰ নেতৃত্ব ।

ইফালে সমষ্টিক লৈ কৌশলগত মন্তব্য কৰি দলীয় কৰ্মীক সন্তুষ্ট কৰাৰ চেষ্টা কৰি আহিছে সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্তই । শাসকীয় দলটোৱে ইতিমধ্যে ব্যাপক ৰণকৌশল অৱলম্বন কৰি লোকসভা নিৰ্বাচনৰ বাবে সাজু হৈছে । কিন্তু মিত্ৰদল অগপ আৰু ইউ পি পি এলক আসন এৰি দিয়াক কোনো ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা নাই বিগ ব্ৰাদাৰ বিজেপিয়ে ।

ইফালে বিজেপিৰ সিদ্ধান্তলৈ অপেক্ষা নকৰি এইবাৰ নিৰ্দিষ্ট কেতবোৰ সমষ্টিত আগতীয়াকৈ শক্তি প্ৰদৰ্শন কৰিবলৈ সাজু হৈছে অগপ । বৰপেটা আৰু কাজিৰঙাত প্ৰতিদ্বন্দ্বিতা কৰাৰ লক্ষ্য লৈ এতিয়া অগপই অগ্ৰাধিকাৰ ভিত্তিত এই সমষ্টি দুটাত আগতীয়াকৈ বুথ সন্মিলন অনুষ্ঠিত কৰিবলৈ সাজু হৈছে । কিন্তু অগপৰ এই স্থিতিৰ বিপৰীতে বিজেপিয়ে কি ভূমিকা লয় সেয়া লক্ষণীয় হ’ব ।

কিয়নো জয়ৰ সহজ সম্ভাৱনা থকা কাজিৰঙা সমষ্টি বিজেপিয়ে কোনো কাৰণতে অগপক এৰি দিবলৈ বিচৰা নাই । ইফালে বৰপেটা সমষ্টিও এৰি দিবলৈ বিজেপি এই পর্যন্ত এশ শতাংশ ইচ্ছুক হোৱা নাই । তেনেস্থলত অনিশ্চয়তাৰ মাজতে লোকসভা নিৰ্বাচনৰ বাবে সাজু হৈছে অগপ ।

লগতে পঢ়ক: জটিল সমীকৰণ: কোন সমষ্টিৰ পৰা গৌৰৱ গগৈয়ে খেলিব 2024 ৰ নিৰ্বাচন ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.