ETV Bharat / state

Upcoming Lok Sabha election: অনিশ্চয়তাৰ মাজতে লোকসভা নিৰ্বাচনক লৈ তৎপৰ অগপ - অগপক বিগ ব্ৰাদাৰ বিজেপিয়ে কেইটা সমষ্টি এৰি দিব

মিত্ৰদল বিজেপিয়ে দিয়া-নিদিয়াৰ মাজতে ছটা সমষ্টিত সাংগঠনিক সভা আৰম্ভ কৰিছে অগপই (AGP prepared for Lok Sabha election 2024) । বৰপেটা, কলিয়াবৰ, নগাঁও, মঙলদৈ, তেজপুৰ আৰু গুৱাহাটীত তৎপৰতা অগপৰ । ২০১৯ ৰ নিৰ্বাচনত বিজেপিয়ে মিত্ৰদল অগপক দিছিল কলিয়াবৰ, বৰপেটা আৰু ধুবুৰী । এইবাৰ বিজেপিয়ে কংগ্ৰেছৰ দখলত থকা তিনিটা সমষ্টি উদ্ধাৰৰ বাবে হৈছে তৎপৰ (Upcoming Lok Sabha election) ।

Upcoming Lok Sabha election
ছটা সমষ্টিত সাংগঠনিক সভা আৰম্ভ কৰিছে অগপই
author img

By

Published : Mar 2, 2023, 1:33 PM IST

গুৱাহাটী, ২ মাৰ্চ : আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে শাসকীয় দল বিজেপিয়ে ১২ প্লাছৰ লক্ষ্যৰে ইতিমধ্যে বিশেষ তৎপৰতা আৰম্ভ কৰিছে (Upcoming Lok Sabha election) । বিশেষকৈ কংগ্ৰেছৰ দখলত থকা নগাঁও, কলিয়াবৰ আৰু বৰপেটা সমষ্টি দখলৰ বাবে ৰণকৌশল প্ৰস্তুত কৰি হাতেকামে লাগি গৈছে । মাৰ্চ মাহত আহিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা । কংগ্ৰেছৰ দখলত থকা সমষ্টি কেইটাত উপস্থিত হ’ব দলটোৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা ।

বিজেপিয়ে যিকোনো উপায়ে কংগ্ৰেছৰ দখলত থকা সমষ্টিকেইটা নিজৰ কৰাৰ বাবে ইতিমধ্যেই প্ৰস্তুতি চলাইছে । শাসকীয় দল বিজেপিৰ এনে তৎপৰতাৰ বিপৰীতে থমকি ৰোৱা নাই মিত্ৰদল অগপ । মিত্ৰদল অগপক ‘‘বিগ ব্ৰাদাৰ’’ বিজেপিয়ে কেইটা সমষ্টি এৰি দিব সেয়া এতিয়াও নিশ্চিত হোৱা নাই ।

Upcoming Lok Sabha election
ছটা সমষ্টিত সাংগঠনিক সভা আৰম্ভ কৰিছে অগপই

উল্লেখ্য যে, ২০১৯ ৰ লোকসভা নিৰ্বাচনত (Lok Sabha election 2019) আস্থা আৰু বিশ্বাসত লৈ বিজেপিয়ে মিত্ৰদল অগপক বৰপেটা, কলিয়াবৰ আৰু ধুবুৰী লোকসভা সমষ্টি এৰি দিছিল । কিন্তু অগপই এখনো আসনত জয়ী হ’ব নোৱাৰিলে । আচলতে অগপই নিৰাশ কৰিলে মিত্ৰদল বিজেপিক । সেয়েহে এইবাৰ বিজেপিয়ে অগপক মুঠেও ৰিক্সত ল’ব খোজা নাই ।

কার্যতঃ লোকসভা নিৰ্বাচনলৈ মাজত এটা বছৰ থকাৰ সময়তে কৌশলেৰে অগপক কাষৰীয়া কৰি ৰাখিছে বিজেপিয়ে । কিন্তু মিত্ৰদল বিজেপিৰ এনে স্থিতিৰ বিপৰীতে অগপই ছটা সংসদীয় সমষ্টিত সাংগঠনিক সভা অনুষ্ঠিত কৰা আৰম্ভ কৰিছে (AGP begins 2024 Lok Sabha poll preparations)। মাৰ্চৰ শেষ সপ্তাহলৈ নিৰ্ ষ্ট সমষ্টিকেইটাৰ জিলা কমিটী আৰু বিধানসভা কমিটীসমূহৰ অধীনত সাংগঠনিক সভা অনুষ্ঠিত কৰাৰ বাবে দলটোৱে যাৱতীয় প্ৰস্তুতি চলাইছে ।

Upcoming Lok Sabha election
আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে তৎপৰ ৰাজনৈতিক দলসমূহ

ইতিমধ্যে কেইটামান সমষ্টিত সাংগঠনিক সভা অনুষ্ঠিত হৈছে । দলীয় সূত্ৰই জানিবলৈ দিয়া অনুসৰি বৰপেটা, কলিয়াবৰ, নগাঁও, মঙলদৈ, তেজপুৰ, কলিয়াবৰ আৰু গুৱাহাটী লোকসভা সমষ্টিৰ জিলা আৰু বিধান পৰিষদসমূহত প্ৰথম পর্যায়ত সাংগঠনিক সভা অনুষ্ঠিত কৰা আৰম্ভ কৰিছে । এই সমষ্টিকেইটাত সাংগঠনিক সভা অনুষ্ঠিত কৰাৰ অন্তত ধুবুৰীকে ধৰি আন সমষ্টিকেইটাত সাংগঠনিক সভা অনুষ্ঠিত কৰিব ।

উল্লেখ্য যে, এইবাৰ বিজেপিয়ে অগপক কোনকেইটা সমষ্টি এৰি দিব সেয়া এতিয়াও সম্পূৰ্ণ অস্পষ্ট । ইফালে অগপই ২০১৯ ত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা বৰপেটা আৰু কলিয়াবৰত এইবাৰ বিজেপিয়ে প্ৰার্থী দিয়াটো প্ৰায় নিশ্চিত (AGP prepared for Lok Sabha election 2024)। ইয়াৰ বাবে ইতিমধ্যেই বিজেপিয়ে যো-জা আৰম্ভ কৰিছে । যদি বিজেপিয়ে এইবাৰ কলিয়াবৰ আৰু বৰপেটাত প্ৰাৰ্থী প্ৰক্ষেপ কৰে ৷ তেন্তে অগপৰ বাবে থাকিব মাত্ৰ ধুবুৰী সমষ্টি । কিন্তু এটা সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াই সন্তুষ্ট থাকিবনে আঞ্চলিক দলটো ।

Upcoming Lok Sabha election
আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে বিজেপিৰ ১২ প্লাছৰ লক্ষ্য

দলীয় সূত্ৰটোৱে জানিবলৈ দিয়া অনুসৰি যদি এইবাৰ বিজেপিয়ে কলিয়াবৰ আৰু বৰপেটাত প্ৰতিদ্বন্দ্বিতা আগবঢ়ায়, তেন্তে অগপই ধুবুৰীৰ উপৰি নগাঁও আৰু মঙলদৈ দাবী কৰিব । অৱশ্যে অগপৰ আশা-আকাংক্ষাক বিজেপিয়ে কিমান গুৰুত্ব দিব সেয়া সময়েহে ক’ব ।

ইফালে মিত্ৰদল অগপক বিজেপিয়ে কেইটা সমষ্টি এৰি দিব সেয়া এতিয়াও নিশ্চিত হোৱা নাই যদিও শাসকীয় দলটোৰ বহু নেতা ইতিমধ্যে প্ৰতিটো সমষ্টিতে দাবীদাৰ হৈ উঠিছে । অৱশ্যে পোৱা-নোপোৱাৰ মাজতে অগপই কলিয়াবৰৰ লগতে নগাঁও, গুৱাহাটী, মঙলদৈ, তেজপুৰ, বৰপেটা আদিত সাংগঠনিক ভেঁটি সুদৃঢ় কৰাত নামি পৰিছে । অগপৰ এনে তৎপৰতাৰ বিপৰীতে মিত্ৰদল বিজেপিয়ে কি স্থিতি গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব ।

লগতে পঢ়ক : Himanta Biswa Sarma meets Conrad Sangma: মুখ্যমন্ত্ৰী শৰ্মাক গুৱাহাটীত গোপনে সাক্ষাৎ মেঘালয়ৰ কনৰাড চাংমাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.