ETV Bharat / state

Prafulla Mahanta to move out of Dispur MLA hostel: সপৰিয়ালে চৰকাৰী বিধায়ক আৱাস এৰিলে প্ৰফুল্ল কুমাৰ মহন্তই - প্ৰফুল্ল কুমাৰ মহন্তৰ চৰকাৰী আৱাস

দিছপুৰৰ পুৰণি চৰকাৰী বিধায়ক আৱাসৰ 54 নম্বৰ কোৱাৰ্টাৰ ৷ ইয়াৰ পৰাই ৰাজনৈতিক জীৱনৰ পাতনি মেলিছিল 1985 আৰু 1996 ত দুবাৰকৈ মুখ্যমন্ত্ৰী হোৱা প্ৰফুল্ল কুমাৰ মহন্তই ৷ ইয়াৰ পৰাই ড৹ জয়শ্ৰী গোস্বামীৰে বৈবাহিক জীৱনৰো পাতনি মেলিছিল মহন্তই ৷ এই আৱাসটোৰ পৰাই 1996 চনত অসমৰ মুখ্যমন্ত্ৰী হিচাবে নিৰ্বাচিত হৈছিল মহন্ত ৷ বহু স্মৃতি বিজড়িত এই আৱাসটো অৱশেষত এৰিবলৈ বাধ্য হ’ল প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী ৷

Ex cm Prafulla Kumar Mahanta
দিছপুৰৰ পুৰণি চৰকাৰী বিধায়ক আবাস এৰিলে প্ৰফুল্ল কুমাৰ মহন্তই
author img

By

Published : Nov 2, 2022, 8:17 PM IST

গুৱাহাটী, ২ নৱেম্বৰ: অকল অসমৰেই নহয়, সমগ্ৰ দেশৰেই কনিষ্ঠতম মুখ্যমন্ত্ৰী হিচাবে প্ৰফুল্ল কুমাৰ মহন্তই প্ৰৱেশ কৰিছিল দিছপুৰৰ বিধায়ক আৱাসৰ এই বিশেষ ঘৰটোত(former Assam CM Prafulla kumar Mahanta) ৷ এই ঘৰটোৰ পৰাই মহন্তই ড৹ জয়শ্ৰী গোস্বামীৰ সৈতে আৰম্ভ কৰিছিল যুগ্ম জীৱন(Dr Joyasree Goswami Mahanta) ৷ দুটা সন্তানৰ পিতৃত্বৰ গৌৰৱো মহন্তই অৰ্জন কৰিছিল এই আৱাসটোতেই ৷ অকল সেয়াই নহয়, '85ৰ পৰৱৰ্তী সময়ত অসমৰ ৰাজনীতিত এই বিশেষ ঘৰটোৰ গুৰুত্ব অভাৱনীয়ভাৱে অপৰিসীম আছিল(Dispur MLA hostel) ৷

ড৹ জয়শ্ৰী গোস্বামী মহন্ত

সুদীৰ্ঘ 37 বছৰ ধৰি এই বিশেষ ঘৰটো সকলোৰে পৰিচিত আছিল প্ৰফুল্ল কুমাৰ মহন্তৰ চৰকাৰী আৱাস হিচাপে ৷ অসমৰ আঞ্চলিকতাবাদী ৰাজনীতিৰ বহু সৰু-বৰ ঘটনাৰ সাক্ষী এই বিশেষ ঘৰটো আজি অৰ্থাৎ বুধবাৰে এৰি দিলে প্ৰফুল্ল কুমাৰ মহন্তই ৷ 2021 চনৰ বিধানসভা নিৰ্বাচনত দলীয় প্ৰাৰ্থিত্বৰ পৰাও বঞ্চিত হোৱা প্ৰফুল্ল কুমাৰ মহন্ত 35 বছৰীয়া ৰাজনৈতিক জীৱন প্ৰায় সমাপ্ত হোৱাৰ পথত(Ex cm Prafulla Kumar Mahanta) ৷

প্ৰাক্তন মুখ্যমন্ত্ৰী হিচাপে এক চৰকাৰী আৱাসৰ অধিকাৰী মহন্তৰ 37 বছৰীয়া আৱাসটো শেহতীয়াভাৱে বিধানসভা সচিবালয়ে পুনৰ নিৰ্মাণৰ প্ৰয়োজনত খালী কৰোৱাবলৈ আবাসী মহন্তক তাগিদা দি অহাৰ পৰিপ্ৰেক্ষিততেই মহন্তই আজি বহু স্মৃতি বিজড়িত তেওঁৰ আৱাসটো খালী কৰি দিয়ে ৷

অৱশ্যে প্ৰফুল্ল মহন্তই তেওঁৰ দীৰ্ঘদিনীয়া চৰকাৰী আৱাস খালী কৰি দিয়াৰ আঁৰত আন কেতবোৰ কাৰক নিহিত হৈ আছে বুলি একাংশই ক’ব খোজে ৷ একাংশৰ মতে, প্রাক্তন মুখ্যমন্ত্রী প্রফুল্ল কুমাৰ মহন্তৰ দিছপুৰৰ পুৰণি চৰকাৰী বিধায়ক আৱাসটোৰ বিদ্যুৎ সংযোগ আৰু পানীৰ সংযোগ কৰ্তন কৰি দিয়া হয় । যাৰ বাবে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে সপৰিয়ালে আবাসটো এৰি দিবলৈ বাধ্য হয়(Prafulla Mahanta to move out of Dispur MLA hostel) ৷

জানিব পৰা মতে, নতুন বিধায়ক আৱাসগৃহৰ ৫ আৰু ৬ নং গৃহলৈ স্থানান্তৰ হৈছে প্ৰফুল্ল কুমাৰ মহন্তৰ পৰিয়াল । ইতিমধ্যে প্ৰায় সংখ্যকেই বিধায়কৰ ঘৰ খালী কৰি ভঙা-গঢ়াৰ কাম আৰম্ভ হৈছে । পুৰণি বিধায়ক আৱাসৰ স্থানত এতিয়া নতুনকৈ অট্টালিকা নিৰ্মাণৰ কাম আৰম্ভ হৈছে ।

লগতে পঢ়ক : Money laundering case: ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনলৈ ইডিৰ চমন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.