ETV Bharat / state

বৃহস্পতিবাৰে ৰাজ্যজুৰি অধিবক্তাসকল এঘন্টীয়া ধৰ্মঘট

author img

By

Published : Aug 12, 2020, 10:03 PM IST

আদালতৰ নিয়মাৱলী অনুসৰি কামকাজ আৰম্ভ কৰা, পূৰ্বৰ আদালতৰ পৰম্পৰা অটুট ৰখা, বন্ধ ৰখা উকীল সন্থাৰ কাৰ্যালয় আৰু পুথিভঁৰাল খুলি দিয়াৰ দাবীৰে এই ধৰ্মঘটত বহিব অধিবক্তা সমাজ।

advocates pressmeet at guwahati
বৃহস্পতিবাৰে ৰাজ্যজুৰি অধিবক্তাসকল বহিব এক ঘন্টীয়া প্ৰতীক ধৰ্মঘট কাৰ্যসূচীত

গুৱাহাটী,12আগষ্টঃ বুধবাৰে উত্তৰ-পূৱ বাৰ কাউন্সিল আৰু সদৌ অসম উকীল সন্থাই যৌথভাৱে এখন সংবাদমেল সম্বোধন কৰে। এই সংবাদমেলত পৰৱৰ্তী প্ৰতিবাদী কাৰ্যসূচীৰ কথা ঘোষণা কৰে সংগঠন দুটাই । বৃহস্পতিবাৰে উত্তৰ-পূৰ্বাঞ্চলজুৰি প্ৰতিবাদ সাব্যস্ত কৰিব অধিবক্তাসকলে । প্ৰতিখন আদালতৰ সন্মূখত এক ঘন্টীয়া প্ৰতীক ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিব বাৰ কাউন্সিল আৰু সদৌ অসম উকীল সন্থাই।

মূলত আদালতৰ নিয়মাৱলী অনুসৰি কামকাজ আৰম্ভ কৰা, পূৰ্বৰ আদালতৰ পৰম্পৰা অটুট ৰখা, বন্ধ ৰখা উকীল সন্থাৰ কাৰ্যালয় আৰু পুথিভঁৰাল খুলি দিয়াৰ দাবীৰে এই ধৰ্মঘটত বহিব অধিবক্তা সমাজ । এই প্ৰতিবাদী কাৰ্যসূচীৰ পিছত দেশৰ মুখ্য ন্যায়াধীশলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিব প্ৰতিবাদকাৰীসকলে । সম্পূৰ্ণ ক'ভিড পটকল অনুসৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব বুলি জানিবলৈ দিয়ে বাৰ কাউন্সিলৰ অধ্যক্ষ এইছ আৰ এ চৌধুৰীয়ে।

উল্লেখযোগ্য যে, লক্ ডাউনৰ বাবে বৰ্তমানো বন্ধ হৈ আছে আদালত । যাৰবাবে জীৱনলৈ অন্ধকাৰ নামি আহিছে ৰাজ্যৰ অধিবক্তাসকল আৰু আদালতৰ লগত জড়িত লোকসকলৰ । ৰাজ্যত আনলক্ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ পিছত কঠোৰ নীতি নিয়মৰ মাজেদি আদালত খোলাৰ দাবী জনাই আহিছে যদিও এতিয়ালৈ কোনো ব্যৱস্থা লোৱা নাই চৰকাৰে । যাৰ বাবে প্ৰতিবাদত বহিবলৈ বাধ্য হৈছে অধিবক্তাসকল ।

লগতে পঢ়কঃ স্বাধীনতা দিৱসৰ প্ৰস্তুতিৰ বাবে মহানগৰ জিলা প্ৰশাসনৰ তৎপৰতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.