গুৱাহাটী,২৬ জুন: ৰাজ্যৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাৰ বিৰুদ্ধে ৰাজ্যজুৰি অব্যাহত আছে তীব্ৰ প্ৰতিবাদ । ইয়াৰ মাজতে আদিবাসীসকলৰ প্ৰতি ট্ৰাইবেল সংঘৰ সম্পাদক আদিত্য খাকলাৰীয়ে কৰা বিৰূপ মন্তব্যক লৈ জাঙুৰ খাই উঠিছে আদিবাসী দল-সংগঠনৰ লগতে সৰ্বাসাধাৰণ ৰাইজ । সোমবাৰে, সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰোধিতাৰ লগতে আদিত্য খাকলাৰীয়ে আদিবাসীসকলৰ প্ৰতি কৰা বিৰূপ মন্তব্যৰ বিৰুদ্ধে অসম প্ৰদেশ আদিবাসী চাহ মজদুৰ কংগ্ৰেছেও গুৱাহাটী ৰাজীৱ ভৱনত ৰপায়ণ কৰে এক প্ৰতিবাদী কাৰ্যসূচী ।
প্ৰতিবাদী কাৰ্যসূচীত কংগ্ৰেছ দলৰ সকলো নেতা-কৰ্মীসকলে অংশগ্ৰহণ কৰে । কাৰ্যসূচীত অংশ গ্ৰহণ কৰি অসম প্ৰদেশ আদিবাসী চাহ মজদুৰ কংগ্ৰেছৰ অধ্যক্ষ এতোৱা মুণ্ডাই কয় যে দেশৰ নিৰ্বাচনী আয়োগে প্ৰকাশ কৰা সমষ্টি পুনৰীক্ষণৰ খচৰাৰ অসম প্ৰদেশ আদিবাসী চাহ মজদুৰ কংগ্ৰেছে তীব্ৰ বিৰোধিতা কৰিছে । এই খচৰাখন পক্ষপাতিত্বমূলকভাৱে প্ৰস্তুত কৰা হৈছে বুলি অভিযোগ উত্থাপন কৰে এতোৱা মুণ্ডাই ।
অসমৰ চাহ-জনগোষ্ঠী আদিবাসী প্ৰধান ৩৫ টা বিধানসভা সমষ্টি আছে । এইবোৰ খচৰাত ভাগ ভাগ কৰা হৈছে বুলি মুণ্ডাই অভিযোগ উত্থাপন কৰে । ইয়াৰ জৰিয়তে অসমৰ চাহ মজদুৰ আদিবাসীসকলক ৰাজনৈতিকভাৱে হত্যা কৰাৰ চক্ৰান্ত কৰা হৈছে বুলিও উল্লেখ কৰি তেওঁ কয় যে, আজিবাসীসকলক এই খচৰাৰ বিৰোধিতা কৰে । খচৰাখন পুনৰ বিবেচনাৰ বাবে দাবী কৰে । ইপিন আদিত্য খাকলাৰীয়ে আদিবাসীসকলৰ প্ৰতি কৰা বিৰূপ মন্তব্যৰ সন্দৰ্ভত অসম প্ৰদেশ আদিবাসী চাহ মজদুৰ কংগ্ৰেছৰ অধ্যক্ষ এতোৱা মুণ্ডাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ।
তেওঁ কয় যে, কয় যে যোৱা ১৫ জুনত অসম ট্ৰাইবেল সংঘৰ সাধাৰণ সম্পাদক আদিত্য খাকলাৰীয়ে সংবাদ মাধামত আদিবাসী চাহ জনগোষ্ঠী লোকসকল অসমৰ লোক নহয় আৰু এই প্ৰব্ৰজনকাৰীসকল অসম এৰি যাব লাগিব বুলি মন্তব্য কৰিছিল । তেওঁ কয় যে আদিবাসী চাহ জনগোষ্ঠীসকল অসমৰ খিলঞ্জীয়া । আদিত্য খাকলাৰীয়ে আদিবাসী চাহ জনগোষ্ঠীসকলক অপমান কৰিছে । আদিত্য খাকলাৰীক এই বিৰূপ মন্তব্য উঠাই লোৱাৰ বাবে এতোৱা মুণ্ডাই দাবী জনায় । লগতে আদিত্য খাকলাৰীক ক্ষমা খোজাৰ দাবী জনায় । অন্যথা অসম প্ৰদেশ আদিবাসী চাহ মজদুৰ কংগ্ৰেছে আদিত্য খাকলাৰীৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱাৰ হুংকাৰ দিয়ে ।