ETV Bharat / state

অসম চুক্তিৰ ৬নং দফা কাৰ্যকৰী কৰিবলৈ আহৰি নাই গৃহমন্ত্ৰীৰ!

author img

By

Published : Feb 20, 2020, 5:21 AM IST

Updated : Feb 20, 2020, 11:52 AM IST

গৃহমন্ত্ৰীয়ে অসম চুক্তি ৬নং দফা কাৰ্যকৰীকৰণৰ বাবে উচ্চস্তৰীয় সমিতিক সাক্ষাৎ নকৰাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ অসম সংগ্ৰামী মঞ্চৰ সভাপতি অদীপ কুমাৰ ফুকনৰ ৷ CAA আন্দোলনটো দুৰ্বল কৰাৰ বাবে অসম চুক্তি ৬নং দফা কাৰ্যকৰীকৰণৰ প্ৰতিশ্ৰুতি দিছিল কিন্তু এতিয়া বিষয়টোৰ পৰা আতৰি তাক গুৰুত্বহীন কৰিব বিচাৰিছে বুলি মন্তব্য অদীপ কুমাৰ ফুকনৰ ৷

অসম চুক্তিৰ ৬নং দফা
অসম চুক্তিৰ ৬নং দফা কাৰ্যকৰী কৰিবলৈ আহৰি নাই গৃহমন্ত্ৰীৰ!

গুৱাহাটী, 19 ফেব্ৰুৱাৰীঃ CAA আন্দোলন দুৰ্বল কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে অসম চুক্তি ৬নং দফা কাৰ্যকৰীকৰণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল বুলি মন্তব্য অসম সংগ্ৰামী মঞ্চৰ সভাপতি অদীপ কুমাৰ ফুকনৰ ৷ বুধবাৰে গৃহমন্ত্ৰীয়ে অসম চুক্তি ৬নং দফা কাৰ্যকৰীকৰণৰ উচ্চস্তৰীয় সমিতিক সাক্ষাৎ নকৰাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ফুকনে কয়,' সম্পূৰ্ণ বিষয়টো কেন্দ্ৰীয় চৰকাৰখনে ৰাজনৈতিক মুনাফা আদায়ৰ বাবে ব্যৱহাৰ কৰিলে । CAA আন্দোলনটো দুৰ্বল কৰাৰ বাবে অসম চুক্তি ৬নং দফা কাৰ্যকৰী কৰণৰ প্ৰতিশ্ৰুতি দিছিল কিন্তু এতিয়া বিষয়টোৰ আতৰি তাক গুৰুত্বহীন কৰিব বিছাৰিছে ।'

উল্লেখ্য যে, বিগত ১০ ফেব্ৰুৱাৰীত অসম চুক্তি ৬নং দফা কাৰ্যকৰীকৰণ সমিতিয়ে চূড়ান্ত প্ৰতিবেদন প্ৰস্তুত কৰি উলিয়াইছিল। তাৰ পাচতে সমিতিয়ে চূড়ান্ত প্ৰতিবেদনখন দাখিল কৰিবৰ বাবে কাষ চাপিছিল গৃহমন্ত্ৰীৰ । কিন্তু চূড়ান্ত প্ৰতিবেদন পোৱাৰ লগে লগে আখৰে আখৰে পালন কৰিম বুলি প্ৰতিশ্ৰুতি দিয়া গৃহমন্ত্ৰীৰ যেন এতিয়া আহৰি নাই প্ৰতিবেদন সন্দৰ্ভত চকু দিবলৈ। এসপ্তাহ পাৰ হৈ যোৱাৰ পাছতো গৃহমন্ত্ৰীয়ে সাক্ষাৎ কৰা নাই অসম চুক্তি ৬নং দফা কাৰ্যকৰীকৰণৰ উচ্চস্তৰীয় সমিতিক । যাৰ বাবে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ভিন্নজনে ৷

অসম চুক্তিৰ ৬নং দফা কাৰ্যকৰীকৰণলৈ আহৰি নাই গৃহমন্ত্ৰীৰ!

আৰু পঢ়কঃ দুই কন্যা সন্তানসহ দিখৌ নদীত জাঁপ এগৰাকী মাতৃৰ

Last Updated : Feb 20, 2020, 11:52 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.