ETV Bharat / state

Act East Through Northeast: গুৱাহাটীত অনুষ্ঠিত Act East সম্মিলন

author img

By

Published : May 27, 2022, 6:46 PM IST

ৰাজ্য চৰকাৰে অসমত Skill Development University স্থাপনৰ বাবে প্ৰস্তুতি গ্ৰহণ কৰিছে । ৰাজ্যত অহা পাঁচ বছৰত Green energy ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত আগবাঢ়ি যোৱাৰ বাবে গুৰুত্ব সহকাৰে কাম কৰি আছে । অহা পাঁচ বছৰৰ ভিতৰত গুৱাহাটীত electric বাহনৰ ব্যৱহাৰ সম্প্ৰসাৰিত কৰিব ।

act-east-conclave-at-guwahati
গুৱাহাটীত অনুষ্ঠিত Act East সম্মিলন

গুৱাহাটী, 27 মে': "অসম তথা উত্তৰ-পূৰ্বাঞ্চলত বহুত সম্ভাৱনা লুকাই আছে । এই সম্ভাৱনাক সঠিক ৰূপত কামত খটুৱাবৰ বাবে চৰকাৰে প্ৰচেষ্টা অব্যাহত ৰাখিছে । যোৱা ৬-৭ বছৰত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ যোগাযোগ ব্যৱস্থা যথেষ্ট উন্নত হৈছে । ক'ভিড মহামাৰীৰ পিছতো অসমৰ অৰ্থনৈতিক উন্নয়ন অব্যাহত আছে ।" এই মন্তব্য মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৷

Act East Policy Affairs Department ৰ উদ্যোগত 'Act East through Northeast' শীৰ্ষক Act East সম্মিলন শুকুৰবাৰে গুৱাহাটীৰ ৰেডিছন ব্লু হোটেলত অনুষ্ঠিত হয় (Act East Conclave held in Guwahati ) । অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড৹ শৰ্মাই কয় যে গুৱাহাটী মহানগৰীৰ আন্তঃগাথঁনিৰ উন্নয়ন সাধন কৰি থকা হৈছে ।

গুৱাহাটীত অনুষ্ঠিত Act East সম্মিলন

ৰাজ্য চৰকাৰে অসমত Skill Development University স্থাপনৰ বাবে প্ৰস্তুতি গ্ৰহণ কৰিছে । তেওঁ কয় যে ৰাজ্যত অহা পাঁচ বছৰত Green energy ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত আগবাঢ়ি যোৱাৰ বাবে গুৰুত্ব সহকাৰে কাম কৰি আছে । অহা পাঁচ বছৰৰ ভিতৰত গুৱাহাটীত electric বাহনৰ ব্যৱহাৰ সম্প্ৰসাৰিত কৰিব ।

অনুষ্ঠানত ভাষণ দি উদ্যোগ আৰু পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী কয় যে চৰকাৰে পথ পৰিবহণ ব্যৱস্থা উন্নত কৰাৰ বাবে যথেষ্ট মনোযোগ দি আহিছে । দক্ষিণ-পূব এছিয়াৰ লগত পৰিবহণ যোগাযোগ উন্নত কৰাৰ বাবে কাম কৰি থকা হৈছে । তেওঁ উত্তৰ পূৰ্বাঞ্চলৰ লগত ASEAN দেশসমূহৰ লগত সম্পৰ্ক অধিক তৰাম্বিত কৰাৰ সম্পৰ্কত আলোচনা আগবঢ়ায় ।

অনুষ্ঠানত ভাষণ দি ছিংগাপুৰৰ উচ্চ আয়ুক্ত (High Commissioner of Singapore) ছিমন ৱঙে কয় "অসমত বিনিয়োগ কৰাৰ বাবে আমি ক্ষেত্ৰ গৱেষণা কৰিছো । এই গৱেষণাৰ দ্বাৰা এটা কথা জানিব পৰা গৈছে যে অসমত Act East Policy ৰূপায়ণ কৰাৰ বাবে যথেষ্ট সম্ভাৱনা আছে । অসমত ছিংগাপুৰে Skill University নিৰ্মাণৰ ক্ষেত্ৰত সহায় কৰিব । গুৱাহাটীত বিনিয়োগ কৰাৰ বাবে ছিংগাপুৰে মাষ্টাৰ প্লেন তৈয়াৰ কৰিব।"

তেওঁ কয় যে অসমত পৰ্যটন আৰু মেডিকেল পৰ্যটনৰ ক্ষেত্ৰত সম্ভাবনা আছে । অনুষ্ঠানত FICCI উত্তৰ-পূৰ্বাঞ্চল পৰিষদৰ অধ্যক্ষ ৰঞ্জিত বৰঠাকুৰ, মুখ্য সচিব জিষ্ণু বৰুৱা, প্ৰধানমন্ত্ৰীৰ অৰ্থনীতি উপদেষ্টা পৰিষদৰ সদস্য সঞ্জীৱ সান্যাল আদিয়ে ভাষণ দিয়ে । সম্মিলনত ASEAN দেশৰ আঠগৰাকী ৰাষ্ট্ৰদূত উপস্থিত আছিল ।

লগতে পঢ়ক: ছয় কিলোমিটাৰ দৌৰাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে বটদ্ৰৱা কাণ্ডৰ মূল অভিযুক্তক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.