ETV Bharat / state

GMC Scam: বোকা নিষ্কাশন কেলেংকাৰীৰ ৯ অভিযুক্তক জে'ললৈ - GMC crores scam

গুৱাহাটী পৌৰ নিগমৰ বোকা নিষ্কাশনৰ কেলেংকাৰীৰ (GMC fooling disposal scam) ৯ অভিয়ুক্তক ন্যায়িক জিম্মালৈ প্ৰেৰণ । পূৰ্বতে জেললৈ প্ৰেৰণ কৰা অভিমন্যু মেধীকো আদালতত হাজিৰ কৰি ১৪ দিনৰ বাবে পুনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে ।

GMC Scam
বোকা নিষ্কাশনৰ কেলেংকাৰীৰ ৯ অভিযুক্তক ন্যায়িক জিম্মালৈ প্ৰেৰণ
author img

By

Published : Oct 26, 2022, 7:20 PM IST

Updated : Oct 26, 2022, 7:37 PM IST

গুৱাহাটী, ২৬ অক্টোবৰ: গুৱাহাটী পৌৰ নিগমৰ বোকা নিষ্কাশনৰ কেলেংকাৰীত (GMC fooling disposal scam) গ্ৰেপ্তাৰ হোৱা ৯ অভিয়ুক্তক ন্যায়িক জিম্মালৈ প্ৰেৰণ (9 accused of GMC Sent to judicial custody) কৰা হৈছে । ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে অভিযুক্ত কেইজনক । গুৱাহাটী পৌৰ নিগমৰৰ বোকা নিষ্কাশন কেলেংকাৰীৰে নাম সাঙোৰ খাই গ্ৰেপ্তাৰ হৈছিল ৯ গৰাকী বিষয়া আৰু ঠিকাদাৰ । বুধবাৰে বাবুলাল শৰ্মা, আছিফ আহমেদ, এলিন বেগম, শংকৰ মেধি, হিৰণ্য বৰ্মন,দিনেশ জয়ছোৱাল, ৰমাকান্ত শইকীয়া, চিত্তৰঞ্জন দত্তক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে । পূৰ্বতে জেললৈ প্ৰেৰণ কৰা অভিমন্যু মেধীকো আদালতত হাজিৰ কৰি ১৪ দিনৰ বাবে পুনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে (Guwahati Municipal Corporation scam) ।

বোকা নিষ্কাশনৰ কেলেংকাৰীৰ ৯ অভিযুক্তক ন্যায়িক জিম্মালৈ প্ৰেৰণ

উল্লেখ্য যে চলিত বৰ্ষত বোকা আঁতৰোৱা কামৰ প্ৰায় ২ কোটি ২১ লাখ ৬৪ হাজাৰ টকাৰ আন এখন বিলৰ ধন মোকলাই দিবলৈ পৌৰ নিগমৰ আয়ুক্তলৈ এইগৰাকী ঘোচখোৰ বিষয়াই নথি-পত্ৰ প্ৰেৰণ কৰে (GMC crores scam) । এই নথি-পত্ৰ পুনৰীক্ষণ কৰি অন্তিমটো মোহৰ মাৰিছিল পৌৰ নিগমৰ বিশেষ কৰ্তব্যৰত বিষয়া বাবুলাল শর্মাই । পিছে নথি-পত্ৰ চাই পৌৰ নিগমৰ তদানীন্তন আয়ুক্ত দেৱাশিস শৰ্মাৰ সন্দেহ ওপজাত লগে লগে তেওঁ ২ কোটি ২১ লাখ ৬৪ হাজাৰ টকাৰ কাম-কাজৰ তদন্ত কৰিবলৈ পৌৰ নিগমৰ যুটীয়া আয়ুক্ত পংকজ চক্ৰৱৰ্তীক নিৰ্দেশ দিয়ে (GMC Commissioner) ।

এই নিৰ্দেশৰ ভিত্তিতে পংকজ চক্ৰৱৰ্তীয়ে তদন্ত আৰম্ভ কৰে । যুটীয়া আয়ুক্ত পংকজ চক্ৰৱৰ্তীৰ তদন্ত প্ৰতিবেদনত পোহৰলৈ আহে ভুৱা বিল দি গুৱাহাটী পৌৰ নিগমৰ বিষয়াকেইজনে কোটি কোটি টকা আত্মসাত কৰাৰ ঘটনা (GMC Joint Commissioner) । পৰৱৰ্তী সময়ত পৌৰ নিগমৰ আয়ুক্ত দেৱাশিস শৰ্মাই গুৱাহাটী পৌৰ নিগমৰ যুটীয়া আয়ুক্ত পংকজ চক্ৰৱৰ্তীৰ তদন্ত প্ৰতিবেদনৰ ভিত্তিত মুখ্যমন্ত্ৰীৰ তদাৰকী কোষত এজাহাৰ দিয়ে ।

উক্ত এজাহাৰৰ ভিত্তিত মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে ৪/২০২২ নম্বৰত গোচৰ ৰুজু কৰি ৯ জন লোকক গ্ৰেপ্তাৰ কৰে । ৫ দিন মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ জিন্মাত থকাৰ পিছত আজি বিশেষ আদালত হাজিৰ কৰোৱা হয় । পিছত আদালতে অভিযুক্ত কেইজনক ন্যায়িক জিন্মালৈ প্ৰেৰণ কৰে ।

লগতে পঢ়ক:GMC scam: বোকা নিষ্কাশন কেলেংকাৰীৰ তদন্ত অভিযান অব্যাহত

Last Updated : Oct 26, 2022, 7:37 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.