ETV Bharat / state

ABSU Protest : বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক অপসাৰণৰ দাবী; পুত্তলিকা দাহ এবছুৰ

author img

By ETV Bharat Assamese Team

Published : Sep 30, 2023, 7:20 PM IST

বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য লাইশ্ৰাম লাড্ডু সিঙক অপসাৰণৰ দাবীত শনিবাৰে বিশ্ববিদ্যালয়ৰ মুখ্যদ্বাৰৰ সন্মুখত পুত্তলিকা দাহ ৷ বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অনিয়ম সন্দৰ্ভত তদন্ত কৰিবলৈ ৰাজ্যপালে গঠন কৰি দিয়া তদন্ত সমিতিৰ বিৰুদ্ধেও এবছুৱে ক্ষোভ উজাৰে ৷

ABSU Stages Protest
পুত্তলিকা দাহ
বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক অপসাৰণৰ দাবী

কোকৰাঝাৰ, ৩০ ছেপ্টেম্বৰ : বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য লাইশ্ৰাম লাড্ডু সিঙক অপসাৰণৰ দাবীত শনিবাৰে বিশ্ববিদ্যালয়ৰ মুখ্যদ্বাৰৰ সন্মুখত পুত্তলিকা দাহৰে প্ৰতিবাদ সাব্যস্ত কৰে এবছুৱে ৷ উপাচাৰ্য লাইশ্ৰাম লাড্ডু সিঙক অপসাৰণৰ দাবীত এবছুৱে দীৰ্ঘদিনৰ পৰা আন্দোলনৰ কাৰ্যসূচী চলাই আহিছে যদিও ৰাজভৱন তথা চৰকাৰে কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাত শনিবাৰে এবছুৱে উপাচাৰ্য লাইশ্ৰাম লাড্ডু সিঙ, ৰাজভৱনৰ শৈক্ষিক উপদেষ্টা মিহিৰকান্তি চৌধুৰী, অসম চৰকাৰৰ উচ্চশিক্ষা বিভাগৰ অতিৰিক্ত মুখ্য সচিব বিশ্বৰঞ্জন সামাল, আইআইটি গুৱাহাটীৰ চিভিল ইঞ্জিনিয়াৰিং বিভাগৰ অধ্যাপক এচ কে দেৱ আৰু তেজপুৰ বিশ্ববিদ্যালয়ৰ বিত্ত বিষয়া বি বি মিশ্ৰৰ পুত্তলিকা দাহ কৰে ৷

কোকৰাঝাৰস্থিত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ মুখ্যদ্বাৰৰ সন্মুখত এবছুৱে পুত্তলিকা দাহ কাৰ্যসূচীৰ সময়ত প্ৰতিবাদকাৰীৰ সতে আৰক্ষীৰে ঠেলা-হেঁচা পৰিস্থিতিৰ সৃষ্টি হয় ৷ পুত্তলিকা দাহ কৰি এবছুৱে বিভিন্ন শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্য়স্ত কৰে ৷ উল্লেখ্য যে প্ৰতিবাদস্থলীত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অনিয়ম সন্দৰ্ভত তদন্ত কৰিবলৈ ৰাজ্যপালে গঠন কৰি দিয়া তদন্ত সমিতিৰ বিৰুদ্ধেও এবছুৱে ক্ষোভ উজাৰে ৷

তদন্ত সমিতিয়ে বিগত ২২ আগষ্টত বিশ্ববিদ্যালয় ভ্ৰমণ কৰি চৰজমিন তদন্ত কৰি প্ৰতিবেদন দাখিল কৰিছিল ৷ এবছুৰ অভিযোগ, মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাই দোষী সাব্যস্ত কৰা উপাচাৰ্যক নিৰ্দোষী প্ৰমাণ কৰিবলৈ তদন্ত সমিতিয়ে কাম কৰিছে ৷ বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য লাইশ্ৰাম লাড্ডু সিঙক ৰাজভৱনে সুৰক্ষা দিয়াৰ অভিযোগ তুলি ছাত্ৰ -ছাত্ৰীৰ ভৱিষ্যতৰ স্বাৰ্থত এবছুৱে আন্দোলন চলাই যাব বুলি উল্লেখ কৰে এবছুৰ সহ সাধাৰণ সম্পাদক দীনেশ ব্ৰহ্মই ৷

উল্লেখ্য যে শুকুৰবাৰে এবছুৰ সভাপতি দ্বীপেন বড়োৱে ৰাজভৱনৰ শৈক্ষিক উপদেষ্টা মিহিৰকান্ত চৌধুৰী, অসম চৰকাৰৰ উচ্চশিক্ষা বিভাগৰ অতিৰিক্ত মুখ্য সচিব বিশ্বৰঞ্জন সামাল, আইআইটি গুৱাহাটীৰ চিভিল ইঞ্জিনিয়াৰিং বিভাগৰ অধ্যাপক এচ কে দেৱ আৰু তেজপুৰ বিশ্ববিদ্যালয়ৰ বিত্ত বিষয়া বি বি মিশ্ৰই বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য লাইশ্ৰাম লাড্ডু সিঙক সুৰক্ষা দি আছে বুলি তীব্ৰ ক্ষোভ প্ৰকাশ কৰি শীঘ্ৰে উপাচাৰ্যগৰাকীৰ অপসাৰণৰ দাবী উত্থাপন কৰিছিল ৷

লগতে পঢ়ক : Joining Programme of BPF : বিটিচিৰ অফিছটো সংগঠন চলোৱাৰ দৰে চলাই আছে; হাগ্ৰামা মহিলাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.