ETV Bharat / state

চৰকাৰী চাকৰি বিমুখ পৰীক্ষাৰ মূল্যায়ণ পদ্ধতিৰ বিৰুদ্ধে সৰৱ আছু

author img

By

Published : Jul 2, 2021, 9:42 PM IST

ক'ভিড পৰিস্থিতিৰ বাবে ৰাজ্য চৰকাৰে চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত (HSLC EXAM) আৰু হাইমাদ্ৰাছা পৰীক্ষাৰ লগতে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা বাতিল কৰি মূল্যায়ন পদ্ধতি নিৰ্ণয় কৰিছিল ৷ কিন্তু, শেহতীয়াকৈ চৰকাৰী চাকৰি (GOVT JOB) লাভৰ ক্ষেত্ৰত এই মূল্যায়ন পদ্ধতিত উত্তীৰ্ণক মান্যতা প্ৰদান কৰা নহ'ব বুলি চৰকাৰে কৰা মন্তব্যৰ বিৰুদ্ধে সৰৱ স্থিতি লৈছে সদৌ অসম ছাত্ৰ সন্থা(AASU)ই ৷

aasu-takes-stand-against-exam-evaluation-process-without-job-eligibility
চৰকাৰী চাকৰি বিমুখ পৰীক্ষাৰ মূল্যায়ণ পদ্ধতিৰ বিৰুদ্ধে সৰৱ আছু

গুৱাহাটী, ২ জুলাই : ৰাজ্যৰ সাত লাখ শিক্ষাৰ্থীৰ লগতে অভিভাৱক সকলৰ দীৰ্ঘদিনীয়া উৎকণ্ঠাৰ অৱসান ঘটাই বৃহস্পতিবাৰে অসম মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ ছেবা (SEBA)ৰ কাৰ্যালয়ত আয়োজন কৰা এখন সংবাদমেলত পৰীক্ষাৰ ফলাফল ঘোষণাৰ মূল্যায়ন পদ্ধতি ৰাজহুৱা কৰে ৷ উল্লেখ্য যে, ক'ভিড পৰিস্থিতিৰ বাবে ৰাজ্য চৰকাৰে বাতিল কৰিছিল চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত (HSLC EXAM) আৰু হাইমাদ্ৰাছা পৰীক্ষাৰ লগতে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা (AHSEC EXAM) ৷ পৰীক্ষা বাতিল কৰাৰ লগে লগে পৰীক্ষাৰ ফলাফল ঘোষণাৰ মূল্যায়ন পদ্ধতিৰ বাবে চৰকাৰে দুখন উচ্চস্তৰীয় কমিটি গঠন কৰি দিছিল ।

কেতবোৰ গুৰুত্বপূৰ্ণ নিয়মাৱলীৰ লগতে মেট্ৰিক নাইবা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ নম্বৰক আধাৰ হিচাপে লোৱা চৰকাৰী চাকৰি (GOVT JOB) লাভৰ ক্ষেত্ৰত এই মূল্যায়ন পদ্ধতিত উত্তীৰ্ণক মান্যতা প্ৰদান কৰা নহ'ব বুলি ঘোষণা কৰে চৰকাৰ পক্ষই ৷ ভৱিষ্যতে অসম চৰকাৰৰ চাকৰিত নিযুক্তি পাবলৈ হ'লে এই বৰ্ষৰ মূল্যায়নত উত্তীৰ্ণ শিক্ষাৰ্থীয়ে অনুষ্ঠিত হ'বলগীয়া বিশেষ পৰীক্ষাত বহিব লাগিব বুলি চৰকাৰে কোৱা বক্তব্যৰ পাছতে ইতিমধ্যে সৰৱ হৈ পৰিছে বিভিন্ন দল-সংগঠন । শুকুৰবাৰে, মহানগৰীৰ স্বহীদ ন্যাসত সদৌ অসম ছাত্ৰ সন্থা(AASU)ই এক সংবাদমেল সম্বােধন কৰি শিক্ষা বিভাগৰ এনে ফৰ্মূলাৰ বিৰুদ্ধে একপ্ৰকাৰ গৰজি উঠে ছাত্ৰ নেতাসকল ।

ছাত্ৰ সন্থাই কমিটি দুখনে প্ৰস্তুত কৰা ফৰ্মূলাত অলপো সন্তুষ্ট নহয় বুলি কৈ চাকৰিৰ ক্ষেত্ৰত প্ৰতিবেদনৰ পাঁচ নম্বৰ দফা বাতিল কৰিবলৈ দাবী জনায়।

সংবাদমেলত সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা(AASU General Secretary Sankor Jyoti Baruah)ই কয় যে, পৰীক্ষা দিবলৈ ছাত্র-ছাত্ৰীসকল প্ৰস্তুত আছিল, কিন্তু ক’ভিডৰ বাবেহে দিয়া নহ'ল । তেনেক্ষেত্ৰত বিভিন্ন পৰামৰ্শ দিয়া হৈছিল শিক্ষা বিভাগক । কিন্তু, এতিয়া এনে সিদ্ধান্তই ছাত্ৰ-ছাত্ৰীসকলক মানসিকভাৱে ক্ষতি কৰিব । সেয়ে এই সিদ্ধান্ত অতি শীঘ্ৰে বাতিল কৰিবলৈ দাবী জনায় ছাত্ৰ নেতাগৰাকীয়ে ।

একেখন সংবাদমেলতে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড° সমুজ্জল ভট্টাচাৰ্য(Chief advisor of AASU Dr Samujjal Bhattacharjya)ই ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগ(education department)ৰ এই সিদ্ধান্তৰ বিৰুদ্ধে সৰব হৈ পৰে । তেওঁ কয় যে, পৰীক্ষা ফেব্ৰুৱাৰীতে হ'ব লাগিছিল । কিন্তু, চৰকাৰে পৰীক্ষা নাপাতিলে । মূল্যায়ন কমিটিয়ে দাখিল কৰা প্ৰতিবেদনত পাঁচ নম্বৰ দফাৰ বাদে উল্লেখ কৰা প্ৰতিটো দফা কাৰ্যকৰী কৰাটো ছেৱা, কাউঞ্চিল আৰু চৰকাৰৰ দ্বায়িত্ব ।

নম্বৰ পালেটো ষ্টাৰ মাৰ্ক পাবই, ডিষ্টিংচন পাব । কিন্তু কিয় এই ব্যৱস্থা দিয়া নহ'ল বুলি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু(Education minister Dr Ranoj Pegu )লৈ প্ৰশ্ন উত্থাপন কৰি ড° ভট্টাচাৰ্যই কয় যে, পৰীক্ষাত পাঁচ, চাকৰিত ফেইল এইবোৰ বাৰেবাংকৰা কথা সহ্য কৰা নহ'ব । মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা সন্দৰ্ভত এই সিদ্ধান্ত বাতিল কৰিবই লাগিব । সম্পূৰ্ণ লকডাউন দি পৰীক্ষাৰ্থীৰ বাবে পৰীক্ষা পাতিব পাৰিলেহেঁতেন । এতিয়া এই সিদ্ধান্তৰ বাবে ছাত্র-ছাত্রী, অভিভাৱকসকলৰ চকুত টোপনি নাইকিয়া হৈছে গতিকে, ছাত্র-ছাত্ৰীৰ স্বাৰ্থ ৰক্ষা কৰিবই লাগিব বুলিও দাবী জনায় ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা গৰাকীয়ে ৷

লগতে পঢ়ক : APSC-ৰ মৌখিক পৰীক্ষাৰ বিতং তথ্য বিচাৰিছে ন্যায়াধীশ শৰ্মা আয়োগে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.