ETV Bharat / state

AASU Protest in Guwahati : বিশুদ্ধ খোৱাপানী যোগানৰ দাবীত মহানগৰীত আছুৰ প্ৰতিবাদ

author img

By

Published : Mar 26, 2022, 2:12 PM IST

Updated : Mar 26, 2022, 2:52 PM IST

দীৰ্ঘদিন ধৰি গুৱাহাটীবাসীয়ে বিশুদ্ধ খোৱাপানীৰ সমস্যাত (Pure drinking water problem in Guwahati) ভূগি আহিছে । বিশুদ্ধ খোৱাপানী যোগানৰ দাবীত মহানগৰীৰ চানমাৰিত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ সদৌ অসম ছাত্ৰ সন্থাৰ (AASU Protest in Guwahati) । স্থানীয় ৰাইজৰ প্ৰতিবাদত অংশগ্ৰহণ ।

Guwahati
মহানগৰীত বিশুদ্ধ খোৱাপানীৰ অভাৱ

গুৱাহাটী,২৬ মাৰ্চ : বিশুদ্ধ খোৱাপানীৰ নাটনি গুৱাহাটী মহানগৰীৰ অন্যতম প্ৰধান সমস্যা (Pure drinking water problem in Guwahati) । বছৰ বছৰ ধৰি ৰাইজে এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে । চৰকাৰ সলনি হৈছে যদিও ৰাইজৰ এই সমস্যা সমাধান হোৱা নাই । যাৰ বাবে বিভিন্ন সময়ত গুৱাহাটীৰ ৰাইজ তথা দল-সংগঠনসমূহে খোৱাপানীৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হৈছে ।

AASU Protest in Guwahati : বিশুদ্ধ খোৱাপানী যোগানৰ দাবীত মহানগৰীত আছুৰ প্ৰতিবাদ

বিশুদ্ধ খোৱাপানী যোগানৰ দাবীত শনিবাৰৰ দিনটোত মহানগৰীৰ চানমাৰিত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিলে সদৌ অসম ছাত্ৰ সন্থাই (AASU Protest in Guwahati) । গুৱাহাটীবাসীক বিশুদ্ধ খোৱাপানী যোগানত ব্যৰ্থ চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিলে আছু নেতা, কৰ্মকৰ্তাৰ লগতে একাংশ স্থানীয় ৰাইজে । ব্যতিক্ৰমী কাৰ্যৰে হাতে হাতে প্লাষ্টিকৰ বাল্টি, মগ আদি লৈ প্ৰতিবাদকাৰীসকলে বিভিন্ন শ্ল'গানেৰে উত্তাল কৰি তোলে মহানগৰীৰ ৰাজপথ ।

পূৱ গুৱাহাটী ছাত্ৰ সন্থাৰ কেইবাগৰাকীও নেতা-কৰ্মীয়ে অংশ লয় এই প্ৰতিবাদী কাৰ্যসূচীত । প্ৰতিবাদকাৰীসকলৰ অভিযোগ উন্নয়নৰ শ্ল'গান দি বিজেপি শাসনলৈ আহিছিল যদিও, আজিলৈ ৰাইজৰ এই প্ৰধান সমস্যা সমাধানত ব্যৰ্থ হৈছে চৰকাৰ ।

ৰাইজৰ পৰা চৰকাৰে বিভিন্ন ধৰণৰ কৰ সংগ্ৰহ কৰিছে যদিও খোৱাপানীৰ সমস্যা আজিলৈ সমাধান নহ'ল । সেয়ে অতি শীঘ্ৰে গুৱাহাটীবাসীৰ এই সমস্যা সমাধান কৰিবলৈ চৰকাৰক দাবী জনায় প্ৰতিবাদকাৰীসকলে (AASU protest demanding pure drinking water in Guwahati) । অন্যথা ইয়াতকৈও ভয়াৱহ আন্দোলনৰ হুংকাৰ দিয়ে আছুৰ লগতে স্থানীয় ৰাইজে ।

লগতে পঢ়ক : ভূমি পট্টা প্ৰদানৰ দাবীত আদিবাসী জাতীয় মহাসভাৰ প্ৰতিবাদ

Last Updated : Mar 26, 2022, 2:52 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.