ETV Bharat / state

দেৱ বাদ্য বজাই CAA নমনাৰ হুংকাৰ আছুৰ - হত্যাকাৰী চৰকাৰ

সংশোধিত নাগৰিকত্ব আইন বাতিলৰ দাবীত ৰাজ্য জুৰি হোৱা গণ আন্দোলনৰ নেতৃত্ব বহন কৰা সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিবাদী কাৰ্যসূচীত অংশ লৈ ঘৰমুৱা হোৱাৰ পথত অসম আৰক্ষীৰ গুলীত প্ৰাণ হেৰুৱাইছিল হাতীগাঁৱৰ চেম ষ্টেফৰ্ডৰ লগতে আন তিনি গৰাকী ছাত্ৰই ৷ জাতিৰ স্বাভিমান ৰক্ষাৰ বাবে ৰূপায়িত হোৱা গণ আন্দোলনত অংশ লৈ নিহত হোৱা আটাইকেইগৰাকীকে শ্বহীদ ঘোষণা কৰি শনিবাৰে তেওঁলোকৰ প্ৰথম মৃত্যু বাৰ্ষিকীত গুৱাহাটী মহানগৰ ছাত্ৰ সন্থাৰ উদ্যোগত হাতীগাঁও হাইস্কুলৰ প্ৰাংগণত আয়োজন কৰে সমজুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৷

দেৱ বাদ্য বজাই CAA নমনাৰ হুংকাৰ আছুৰ
দেৱ বাদ্য বজাই CAA নমনাৰ হুংকাৰ আছুৰ
author img

By

Published : Dec 12, 2020, 8:05 PM IST

গুৱাহাটী,12 ডিচেম্বৰ : ২০১৯ ৰ CAA আন্দোলনৰ শ্বহীদ চেম ষ্টেফৰ্ড, শ্বহীদ দীপাঞ্জল দাস, ঈশ্বৰ নায়ক, আব্দুল আলিম আৰু দ্বীজেন্দ্ৰ পাংগিঙৰ প্ৰথম মৃত্যু বাৰ্ষিকীত গুৱাহাটী মহানগৰ ছাত্ৰ সন্থাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৷ শ্বহীদৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই দেৱ বাদ্য বজায় তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিলে আছু নেতৃত্বই ৷ শনিবাৰে পঞ্চ শ্বহীদৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জনালে আছুৰ উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, আছু সভাপতি দীপাংক কুমাৰ নাথৰ লগতে আছুৰ নেতৃবৃন্দ আৰু শিল্পী সমাজ আৰু নাগৰিক সমাজে ৷

উল্লেখ্য যে, সংশোধিত নাগৰিকত্ব আইন বাতিলৰ দাবীত ৰাজ্য জুৰি হোৱা গণ আন্দোলনৰ নেতৃত্ব বহন কৰিছিল সদৌ অসম ছাত্ৰ সন্থাই ৷ এই প্ৰতিবাদী কাৰ্যসূচীত অংশ লৈ ঘৰমুৱা হোৱাৰ পথত অসম আৰক্ষীৰ গুলীত প্ৰাণ হেৰুৱাইছিল হাতীগাঁৱৰ চেম ষ্টেফৰ্ডৰ লগতে আন তিনি গৰাকী ছাত্ৰই ৷ জাতিৰ স্বাভিমান ৰক্ষাৰ বাবে ৰূপায়িত হোৱা গণ আন্দোলনত অংশ লৈ নিহত হোৱা আটাইকেইগৰাকীকে শ্বহীদ ঘোষণা কৰি শনিবাৰে তেওঁলোকৰ প্ৰথম মৃত্যু বাৰ্ষিকীত গুৱাহাটী মহানগৰ ছাত্ৰ সন্থাৰ উদ্যোগত হাতীগাঁও হাইস্কুলৰ প্ৰাংগণত আয়োজন কৰে সমজুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৷

দেৱ বাদ্য বজাই CAA নমনাৰ হুংকাৰ আছুৰ
সৰ্বধৰ্মৰ প্ৰাৰ্থনাৰে আৰম্ভ হোৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটোত উপস্থিত থাকে সমুজ্জ্বল ভট্টাচাৰ্য, আছুৰ সভাপতি দীপাংক কুমাৰ নাথ, সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা, অভিনেত্ৰী বৰষাৰাণী বিষয়া, শিল্পী জুবিন গাৰ্গ, মনিষা হাজৰিকা, গৰিমা শইকীয়া গাৰ্গৰ লগতে শতাধিক ছাত্ৰ-ছাত্ৰী ৷ শনিবাৰৰ প্ৰতিবাদস্থলীত উপস্থিত থাকি আছুৰ উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ মন্তব্য-“CAA আমি নুশুনো, CAA আমি নামানো ৷ এইখন চৰকাৰ হত্যাকাৰী চৰকাৰ ৷ সংখ্যা বৃদ্ধি থকাৰ বাবেই মোদী চৰকাৰে সংসদত আইনখন পাছ কৰিলে ৷ সেইটো আমি কেতিয়াও নামানো এয়া কেন্দ্ৰীয় চৰকাৰলৈ আমাৰ স্পষ্ট সকীয়নি ৷” আঞ্চলিক দল অগপৰ স্থিতি সন্দৰ্ভতো মন্তব্য ভট্টাচাৰ্যৰ-“অগপই বিজেপিৰ লগত মিতিৰালি কৰি ভোটৰ অংক কৰিছে ৷”

আনহাতে জুবিন গাৰ্গে মন্তব্য কৰে -“ CAA বাতিল নহ’লে অসমত আকৌ হুলস্থূল হ’ব ৷ CAA আমি কেতিয়াও নামানো ৷ ক’ৰনাৰ কাৰণে CAA আন্দোলন অলপ স্তিমিত হৈছিল যদিও এতিয়া পুনৰ আৰম্ভ হ’ব ৷”

লগতে পঢ়কঃ বিটিআৰ নিৰ্বাচনৰ ভোটগণনা: শালবৰীৰ সমষ্টিত কোন প্ৰাৰ্থী আগবাঢ়ি আছে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.