ETV Bharat / state

ক'ভিড পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰিব হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছা পৰীক্ষা - হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছা পৰীক্ষা

ক'ভিড পৰিস্থিতি উন্নত হ’লেই ১৫ দিনৰ ভিতৰতেই অনুষ্ঠিত হ’ব হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছা পৰীক্ষা । ইয়াৰ বাবে সাজু আছে অসম মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ ছেবা । হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সন্দৰ্ভত ছেবা কৰ্তৃপক্ষৰে আছু নেতৃত্বৰ বৈঠক ।

covid
ক'ভিড পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ হাইস্কুল শিক্ষান্ত হাইমাদ্ৰাছা পৰীক্ষা
author img

By

Published : May 22, 2021, 6:06 PM IST

গুৱাহাটী, ২২ মে': ক'ভিডৰ ভয়াৱহ পৰিস্থিতিক লৈ শংকিত ৰাজ্যবাসী । ইফালে ক'ভিড পৰিস্থিতিৰ বাবে অনুষ্ঠিত কৰিব পৰা নাই হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছা পৰীক্ষা । যাক লৈ অনিশ্চয়তাৰ মাজত থাকিবলগীয়া হৈছে পৰীক্ষাৰ্থীসকলৰ লগতে তেওঁলোকৰ অভিভাৱকসকল ।

ৰাজ্যৰ সাম্প্ৰতিক ক'ভিড পৰিস্থিতিৰ মাজত ৰাজ্যৰ লাখ লাখ শিক্ষাৰ্থীৰ শৈক্ষিক ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি শনিবাৰে সদৌ অসম ছাত্র সন্থাৰ এটা সঁজাতি দলে অসম মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ ছেবা কৰ্তৃপক্ষৰে এক আলোচনাত মিলিত হয় । বৈঠকত আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, সভাপতি দীপাংক নাথ আৰু সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ নেতৃত্বত এটা দল উপস্থিত আছিল ।

ক'ভিড পৰিস্থিতিত কি দৰে অনুষ্ঠিত কৰা হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষা তাক লৈ ছেবাৰ কৰ্তৃপক্ষৰে আলোচনা কৰে আছুৰ নেতৃত্বই । ছেবাৰ ফালৰ পৰা জনোৱা অনুসৰি, ক'ভিড মহামাৰীৰ সংক্ৰমণ শাম কটাৰ লগে লগে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সময় নিৰ্ধাৰণ কৰা হ'ব । আনহাতে, এই সন্দৰ্ভত পাঁচদিনৰ পিছত পুনৰ ছেবাৰ কৰ্তৃপক্ষৰ লগত আছুৰ নেতৃত্ব আলোচনাত মিলিত হ'ব ।

ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক বৰ্ষ নষ্ট নোহোৱাকৈ আৰু স্বাস্থ্যৰ কথা লক্ষ্য ৰাখি কিদৰে পৰীক্ষা অনুষ্ঠিত কৰিব পাৰি সেই সন্দৰ্ভত ছেবা কৰ্তৃপক্ষৰে আলোচনা কৰে আছু নেতৃত্বই । বৰ্তমানলৈ তিনিটা বিষয়ৰ ক্ষেত্ৰত কোনো আনুষ্ঠানিক সিদ্ধান্ত লোৱা নাই ছেবাই ।

বৈঠকত ছেবাৰ অধ্যক্ষ ৰমেশ চান্দ জৈনকে ধৰি আন বিষয়ববীয়াসকল উপস্থিত আছিল । আছুৰ নেতৃত্বই কয় যে ক'ভিড পৰিস্থিতি শাম কটাৰ লগে লগে পৰীক্ষা অনুষ্ঠিত কৰাৰ বিষয়ে সবিশেষ ছেবাই শিক্ষাৰ্থীসকলক লগে লগে অবগত কৰিব ।

পৰীক্ষা অনুষ্ঠিত হ'ব আৰু ইয়াৰ বাহিৰে ছেবাৰ হাতত আন কোনো উপাই নাই । শিক্ষাৰ্থীসকল পৰীক্ষাক লৈ শংকাত থকাৰ প্ৰয়োজন নাই । শিক্ষাৰ্থীসকলক পৰীক্ষাৰ বাবে সাজু হৈ থকাৰ বাবে আছুৰ নেতৃত্বই আহ্বান জনায় ।

উল্লেখ্য যে, শিক্ষাৰ্থীসকলৰ শৈক্ষিক ভৱিষ্যত আৰু স্বাস্থ্যৰ কথা চিন্তা কৰি কিদৰে পৰীক্ষা অনুষ্ঠিত কৰিব পাৰি এই সন্দৰ্ভত দিশ নিৰ্ণয়ৰ বাবে পাঁচদিন পাছত ছেবা কৰ্তৃপক্ষৰে পুনৰ আলোচনাত মিলিত হ'ব আছু নেতৃত্ব ।

লগতে পঢ়ক: মঙলদৈত উপস্থিত হোৱা স্বাস্থ্যমন্ত্ৰীৰ কিয় উঠিল খং ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.