গুৱাহাটী,3 নৱেম্বৰঃ সদৌ অসম ছাত্ৰ সন্থাৰ গুৱাহাটী বিশ্ববিদ্যালয়স্থিত মুখ্য কাৰ্যালয়ত অনুষ্ঠিত অন্তিমখন কাৰ্যনিৰ্বাহক বৈঠক। আগন্তুক দুলীয়াজান অধিৱেশনত অন্ত পৰিব সভাপতি দীপাংকৰ নাথ আৰু সাধাৰণ সম্পাদক লুৰিনজ্যোতি গগৈ নেতৃত্বাধীন কাৰ্যকৰী সমিতিৰ কাৰ্যকাল। তাৰ পূৰ্বে আছুৰ পৰৱৰ্তী কাৰ্যপন্থা সন্দৰ্ভত আলোচনা কৰা হয় এই বৈঠকত।
কাৰ্যনিবাৰ্হক বৈঠকত উপস্থিত থাকে আছুৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, সভাপতি দীপাংকৰ নাথ, সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈকে প্ৰমুখ্য কৰি কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰ সকলো সদস্য।
উল্লেখযোগ্য যে, শেষৰখন কাৰ্যনিৰ্বাহকত আছুৰ সাংগঠনিক দিশ আৰু ৰাজ্যখনৰ বিভিন্ন জলন্ত সমস্যা সন্দৰ্ভত আলোচনা কৰাৰ লগতে আছুৰ আগন্তুক দুলীয়াজান অধিৱেশনৰ বাবে ৰূপৰেখা তৈয়াৰ কৰিব বুলি আছুৰ সাধাৰণ সম্পাদক আৰু সভাপতিয়ে জানিবলৈ দিয়ে। একেদৰে ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক দিশৰ ওপৰত আছুৰ দায়িত্ব আৰু কৰ্তব্যৰ বিষয়ে আলোচনা কৰিব এই কাৰ্যনিৰ্বাহক বৈঠকত।

লগতে পঢ়কঃ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ নিৰ্বাচনী দায়িত্বত থকা বিএছএফ বিষয়াৰ মৃত্যু