গুৱাহাটী,28 জানুৱাৰী: গুৱাহাটী বিশ্ববিদ্যালয়ৰ দূৰ আৰু মুক্ত প্ৰতিষ্ঠান চমুকৈ আইডলৰ কেলেংকাৰী সন্দৰ্ভত পুনৰ সৰৱ হ'ল গুৱাহাটী বিশ্ববিদ্যালয় আছু গোট । তদন্তৰ প্ৰতিবেদনৰ এমাহৰ পিছতে দাখিল কৰাৰ কথা আছিল যদিও গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপকৰ দ্বাৰা গঠিত সাতজনীয়া কমিটিৰ প্ৰতিবেদন ৰাজহুৱা নকৰাত ক্ষোভ প্ৰকাশ কৰে আছুৱে ।

বিষয় সন্দৰ্ভত তদন্ত ক্ষীপ্ৰ গতিত কৰাৰ বাবে মংগলবাৰে আবেদন পত্ৰ দাখিল কৰে গুৱাহাটী বিশ্ববিদ্যালয় আছুৱে ৷ অৱসৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ আফটাৱ হুছেইন আয়োগৰ হাতত আবেদন পত্ৰ দাখিল কৰি আইডলৰ কেলেংকাৰী সন্দৰ্ভত এক নিৰপেক্ষ বিচাৰ কৰাৰ লগতে দোষীক কঠোৰ শাস্তি বিহাৰ বাবে আহ্বান জনাই গুৱাহাটী বিশ্ববিদ্যালয় আছুৱে ।
ইয়াৰ উপৰিও গুৱাহাটী বিশ্ববিদ্যালয়ৰ আইডলৰ তদন্তৰ আয়োগক তথ্য-প্ৰমাণ প্ৰদান কৰি তদন্ত ক্ষীপ্ৰ কৰাৰ দাবী জনায় ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ৷ বিষয় সন্দৰ্ভত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ গুৱাহাটী বিশ্ববিদ্যালয় গোটৰ সভাপতি কাশ্যপ নন্দন কলিতা, সম্পাদক আৰচদ আলী আৰু আইন মহাবিদ্যালয় গোটৰ সভাপতি সৌৰভ প্ৰতীম গগৈৰ নেতৃত্বত এটা সজাঁতী দলে এখন স্মাৰকপত্ৰ প্ৰদান কৰে তদন্ত আয়োগৰ ব্যক্তিগত সচিবৰ হাতত । ছাত্ৰ মুক্তিৰ সদস্যসকলৰ অভিযোগ, বিশ্ববিদ্যালয়ৰ আইডলৰ নিযুক্তি কেলেংকাৰী আৰু বিভিন্ন দিশ তদন্ত প্ৰক্ৰিয়াৰ আওতাত লোৱা হোৱা নাই ৷ গতিকে দস্যসকলৰ দাবী আইডল সৰ্ম্পূণৰূপে নিকা, স্বচ্ছ আৰু দুৰ্নীতিমুক্ত হ'ব লাগিব আৰু শিৰ্ক্ষাথীসকলক আশ্বস্ত কৰিব পৰা শিক্ষা আইডলে প্ৰদান কৰিব লাগিব ৷ ইয়াৰ উপৰিও এই তদন্তৰ জৰিয়তে প্ৰাক্তন উপাচাৰ্য সহিতে সকলো দুৰ্নীতিগ্ৰস্ত বিষয়াক শাস্তি প্ৰদান কৰিব লাগিব বুলি দাবী কৰে জনাই বিশ্ববিদ্যালয় ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ৷