গুৱাহাটী, ৬ নৱেম্বৰ :বজালী জিলাৰ গলিয়া টোল প্লাজাত অবৈধ কৰ সংগ্ৰহৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ (AAP protest at Golia Toll Gate) । এই টোল প্লাজাক অবৈধ আখ্যা দি আপৰ ৰাজ্যিক নেতা কমল কুমাৰ মেধিৰ নেতৃত্বত দেওবাৰে ইয়াৰ ওচৰত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে । ইয়াৰ মাজতেই আপৰ প্ৰতিবাদকাৰীসকলক গলিয়া টোল প্লাজাৰ কৰ্মচাৰীয়ে মাৰপিট কৰাৰ অভিযোগ উত্থাপিত হৈছে ।
এই প্রতিবাদত প্রতিবাদকাৰীসকলক আৰক্ষীৰ লগতে টোলগেটৰ কৰ্মচাৰীয়ে মাৰপিট কৰা কাৰ্যক আম আদমি পার্টীৰ ৰাজ্যিক কমিটীয়ে তীব্ৰ ভাষাৰে গৰিহণা দিয়ে (Golia Toll Gate employee beaten AAP Protestors) । আনহাতে, এই ঘটনাৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিককো টোলগেটৰ গুণ্ডাবাহিনীয়ে প্ৰহাৰ কৰা কাৰ্যকো নিন্দা কৰে দলটোৱে ।
এই সন্দৰ্ভত আম আদমি পার্টীয়ে স্পষ্ট কৰি দিয়ে যে কেন্দ্ৰীয় চৰকাৰে যি উদ্দেশ্যৰে ৬০ কিলোমিটাৰৰ অন্তৰে অন্তৰে টোল প্লাজা স্থাপন কৰিছে, সেই উদ্দেশ্য পূৰণৰ সলনি একাংশ লোকৰ খীৰতী গাইলৈ পর্যবসিত হৈছে এই টোলগেটসমূহ । এটা পথ নিৰ্মাণৰ ব্যয় পূৰণৰ উদ্দেশ্য টোলগেট নিৰ্মাণ কৰা হৈছে যদিও গেটসমূহ আৱণ্টনৰ সময়ত পথটোৰ ব্যয়ৰ পৰিমাণ বিবেচনা কৰা নহয় । যিসকল লেচীয়ে চৰকাৰক সৰ্বাধিক ধন দিয়াৰ প্ৰতিশ্ৰুতিৰে নিবিদা দিয়ে, সেইসকলকে টোলগেট চলাবলৈ দিয়া হয় । ফলত জনতাই ৰাজপথত গাড়ী চলোৱাৰ নামত অতিৰিক্ত কৰ ভৰিবলগীয়া হৈছে বুলি কয় আপৰ নেতাসকলে।
ৰাজ্যিক কমিটীয়ে পুনৰ দাবী কৰি কয় যে ৰাজপথটোৰ নিৰ্মাণ ব্যয় টোলগেটৰ জৰিয়তে পূৰণ হোৱাৰ পাছত এই কৰ ৪০ শতাংশ হ্রাস হ'ব লাগে । কিন্তু চৰকাৰে এনেধৰণে কৰ হ্ৰাস কৰা পৰিলক্ষিত নহয় । টোলগটৰ দ্বাৰা এনে অবৈধ কৰ সংগ্ৰহৰ বিৰুদ্ধে আদমি পার্টীয়েপ্ৰতিবাদ সাব্যস্ত কৰি থকাৰ সময়তে গুণ্ডাবাহিনীয়ে প্রতিবাদকাৰী আৰু সাংবাদিকক আক্ৰমণ কৰা কাৰ্যই বিজেপি আৰু গুণ্ডাবাহিনীয়ে ছত্ৰছায়াত যে এনে অবৈধ কৰ সংগ্ৰহ হৈ আছে সেয়া প্রতীয়মান কৰিছে ।
ইপিনে,টোলগেটৰ লগত থাকিবলগীয়া সা-সুবিধাসমূহ পূৰণ নকৰাকৈ একমাত্ৰ জোৰজোলুমকৈ ধন সংগ্ৰহত গুৰুত্ব দিয়া চৰকাৰৰ এনে কাৰ্য আদমি পার্টীয়ে কেতিয়াও হ'বলৈ নিদিয়ে বুলি স্পষ্ট কৰি দিয়ে । অসমৰ সকলো টোলগেট বন্ধ কৰিবলৈ আপে দাবী জনাইছে । এই দাবী মানি নল'লে আম আদমি পার্টীয়ে সমগ্র ৰাজ্য়তেই টোলগেট বন্ধৰ দাবীত তীব্র আন্দোলন গঢ়ি তুলিব বুলি সঁকীয়াই দিয়ে।
লগতে পঢ়ক:Drug Awareness Programme: ডিমা হাছাও জিলাত ড্ৰাগছৰ বিৰুদ্ধে সজাগতা অনাৰ প্ৰয়াস