ETV Bharat / state

AAP slams BJP: বিজেপি চৰকাৰখন ছিণ্ডিকেটৰ চৰকাৰ- আপ

author img

By

Published : Aug 1, 2023, 3:16 PM IST

বিজেপি চৰকাৰক তুলাধূনা আপৰ ৷ আপ, অসমৰ উপ সভাপতি জিতুল ডেকাই বৰ্তমানৰ বিজেপি চৰকাৰখন ছিণ্ডিকেটৰ চৰকাৰ বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ৷

AAP PRESS MEET IN GUWAHATI
বিজেপি চৰকাৰখন ছিণ্ডিকেটৰ চৰকাৰ- আপ
বিজেপি চৰকাৰখন ছিণ্ডিকেটৰ চৰকাৰ- আপ

গুৱাহাটী, 1 আগষ্ট : বৰ্তমানৰ বিজেপি চৰকাৰখন ছিণ্ডিকেটৰ চৰকাৰ বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে আপ, অসমৰ উপ সভাপতি জিতুল ডেকাই। মঙলবাৰে গুৱাহাটীত অনুষ্ঠিত এখন সংবাদমেলত জিতুল ডেকাই এই অভিযোগ কৰি কয় যে বিজেপিৰ পৰা সদ্য অপসাৰিত এগৰাকী নেতা আৰু এটা জনগোষ্ঠীয় ছাত্ৰ সংগঠনৰ নেতাৰ মাজত চলা টেলিফোনিক বাৰ্তালাপ ৰাজহুৱা হোৱাৰ পিছতে দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ শ্লোগান দিয়া মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ দিনত চলি থকা ছিণ্ডিকেটৰ কথা ফাদিল হৈছে।

এই টেলিফোনিক বাৰ্তালাপ ৰাজহুৱা হোৱাৰ পিছত ছিণ্ডিকেটৰ সৈতে জিতু দাস নামৰ ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ ব্যক্তিগত সহায়ক জড়িত থকাৰ কথা পোহৰলৈ আহিছে। ডেকাই কয় যে, চুপাৰী, কয়লা, ব্ৰইলাৰ, ম'হৰ সমান্তৰালকৈ অসমৰ মাজেৰে চলি আছে বাৰ্মিজ চেগুন কাঠৰ বৃহৎ ছিণ্ডিকেট। জনৈক গোবিন সৰকাৰ নামৰ কাঠ মাফিয়া এগৰাকীৰ নেতৃত্বত চলি আছে এই ছিণ্ডিকেট। এই সন্দৰ্ভত যোৱা ২০২২ চনৰ ১৫ নবেম্বৰত কেইজনমান ভুক্তভোগীয়ে অসম আৰক্ষীৰ সঞ্চালক প্ৰধানক দিয়া এখন অভিযোগ পত্ৰত এই ছিণ্ডিকেটৰ কথা উল্লেখ কৰিছিল। বৈধ নথি থকাৰ পিচতো কিদৰে গোবিন সৰকাৰ নামৰ কাঠৰ ছিণ্ডিকেটৰ খলনায়কজনক ধন নিদিলে আৰক্ষীৰ দ্বাৰা হাৰাশাস্তি কৰোৱা হয় সেই কথা উল্লেখ আছে অভিযোগপত্ৰখনত।

এই অভিযোগত সম্পূৰ্ণ ঘটনা বৰ্ণনা কৰাৰ পিচতো আজিলৈ কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে মুখ্যমন্ত্ৰীৰ আৰক্ষী বিভাগে। এতিয়া প্ৰশ্ন হ’ল কোন এই গোবিন সৰকাৰ? এওঁ নৰেন্দ্ৰ মোদী, অমিত শ্বাহ, নে আৰ এছ এছৰ মানুহ, যাৰ নাম আৰক্ষী সঞ্চালক প্রধানক জনোৱাৰ সাত মাহ অতিক্ৰম কৰিলে। অথচ কোনো ব্যৱস্থা লোৱা নাই।

আনহাতে এই পত্ৰখনতেই উল্লেখ আছিল আন এগৰাকী কাঠ মাফিয়া জিতু দাসৰ নাম। ৭ মাহ পূৰ্বেই ভুক্তভোগীয়ে নাম উল্লেখ কৰা এইগৰাকী জিতু দাসৰ নাম এতিয়া ৰাজহুৱা হ’ল শাসকীয় বিজেপি দলৰ নেতাৰ টেলিফোনিক বাৰ্তাত। ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ ঘনিষ্ঠ এইজন জিতু দাসৰ বিৰুদ্ধে ৭ মাহ পূৰ্বে ছিণ্ডিকেটত জড়িত থকাৰ অভিযোগ দাখিল কৰাৰ পিছতো আৰক্ষীয়ে ব্যৱস্থা লোৱা নাই। এই অভিযোগে কিয় গুৰুত্ব নাপালে।

লগতে পঢ়ক: Bajrang Dal Arms trainning: ডিজিপিৰ নিৰ্দেশৰ পিচতে বজৰং দলৰ বিৰুদ্ধে মঙলদৈত ৰুজু গোচৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.