ETV Bharat / state

নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অসমলৈ নাহে অৰবিন্দ কেজৰিৱাল - aap press meet at dispur

আম আদমী পাৰ্টিৰ ৰাষ্ট্ৰীয় সমন্বয়ক তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে শীঘ্ৰেই ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ হৈ প্ৰচাৰ চলোৱাৰ উদ্দেশ্যে অসমলৈ আহিব বুলি ব্যাপক চৰ্চা চলিছে । কিন্তু অৰবিন্দ কেজৰিৱালে অসমলৈ প্ৰচাৰ চলাবলৈ অহাৰ কোনাে সিদ্ধান্ত লােৱা নাই বুলি সংবাদমেলত স্পষ্ট কৰি দিয়ে আম আদমী পাৰ্টিৰ অসম প্ৰদেশৰ বিষয়ববীয়াসকলে ।

নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অসমলৈ নাহে অৰবিন্দ কেজৰিৱাল

author img

By

Published : Mar 3, 2021, 10:12 PM IST

গুৱাহাটী,৩মাৰ্চ: নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী । সম্প্ৰতি অসমলৈ ৰাষ্ট্ৰীয়তাবাদী বহু ৰাজনৈতিক দলৰ হাইপ্ৰ'ফাইল নেতাৰ সোঁত বৈছে। তেনে সময়তে আম আদমী পাৰ্টিৰ ৰাষ্ট্ৰীয় সমন্বয়ক তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে শীঘ্ৰেই ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ হৈ প্ৰচাৰ চলোৱাৰ উদ্দেশ্যে অসমলৈ আহিব বুলি ব্যাপক চৰ্চা চলিছে।

নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অসমলৈ নাহে অৰবিন্দ কেজৰিৱাল

বুধবাৰে দিশপুৰ প্ৰেছ ক্লাবত এক সংবাদমেল সম্বােধন কৰি আম আদমী পাৰ্টিৰ অসম প্ৰদেশৰ বিষয়ববীয়াসকলে এই কথা নাকচ কৰি কয় যে অসমৰ কেইবাটাও ৰাজনৈতিক দলে আম আদম পার্টীৰ ৰাষ্ট্ৰীয় সমন্বয়ক তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক নিমন্ত্রণ কৰি তেওঁলোকৰ হৈ নির্বাচনী প্রচাৰ চলাবলৈ আপ অসমৰ তত্ত্বাৱধায়ক ৰাজেশ শর্মাৰ লগত যােগাযােগ অব্যাহত ৰাখিছে । কিন্তু অৰবিন্দ কেজৰিৱালে অসমলৈ প্ৰচাৰ চলাবলৈ অহাৰ কোনাে সিদ্ধান্ত লােৱা নাই বুলি সংবাদমেলত স্পষ্ট কৰি দিয়ে আৰু আপ অসমৰ সমূহ কর্মকর্তা আৰু অসমৰ ৰাইজক এই ক্ষেত্ৰত বিভ্রান্ত নহ'বলৈ আহ্বান জনায়।

উল্লেখ্য যে অহা বিধানসভা নিৰ্বাচনত আম আদমী পাৰ্টিয়ে অসমত প্ৰতিদ্বন্দিতা কৰাৰ পৰা বিৰত থাকিব । বিগত ২০১৬ৰ অসম বিধানসভা নিৰ্বাচনতো প্ৰতিদ্বন্দিতা আগবঢ়োৱা নাছিল আপ দলে ।
লগতে পঢ়ক:বিশ্ব শ্ৰৱণ দিৱস উপলক্ষে বাক্সাত শ্ৰৱণ যন্ত্ৰ বিতৰণ

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.