ETV Bharat / state

সংবাদমেলযোগে অসাংবিধানিক বিধেয়কৰ বিৰোধিতা আপ অসমৰ - বিধেয়ক

গুৱাহাটী প্ৰেছ ক্লাৱত শুকুৰবাৰে এক সংবাদমেল সম্বোধন কৰি National Capital Territory of Delhi (Amendment) Act 2021ৰ বিৰোধিতা কৰে আম আদমী পাৰ্টি অসমে ৷ অসমৰ লগতে অন্যান্য ৰাজ্যসমূহকো এই বিধেয়কখনৰ বিৰোধিতা কৰিবলৈ আহ্বান দলটোৰ কাৰ্যকৰ্তাসকলৰ ।

aap-press-conference
আপ অসমৰ সংবাদমেল
author img

By

Published : Mar 19, 2021, 10:40 PM IST

গুৱাহাটী,19 মাৰ্চ : শুকুৰবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদমেল সম্বোধন কৰি আম আদমী পাৰ্টি অসমৰ বিষয়ববীয়াসকলে National Capital Territory of Delhi (Amendment) Act 2021ৰ বিৰোধিতা কৰাৰ লগতে এই বিধেয়কখন অসাংবিধানিক বুলি মন্তব্য কৰে ।

আপ অসমৰ সংবাদমেল

সংবাদমেলযোগে পাৰ্টিৰ নেতাই কয়, ‘‘দিল্লীত অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আম আদমী পাৰ্টিৰ উন্নয়নমূলক কামৰ প্ৰভাৱ সমগ্ৰ দেশতে পৰিছে । সমগ্ৰ দেশবাসীয়ে এতিয়া বিচাৰিছে দিল্লীৰ কেজৰিৱাল মডেল । যাৰ বাবে বিজেপি চৰকাৰ ভয়ত কম্পমান হৈ আছে আৰু দিল্লীৰ জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত চৰকাৰৰ অধিকাৰসমূহ এখন অসংবিধানিক বিধেয়কৰ জৰিয়তে দিল্লী চৰকাৰৰ পৰা কাঢ়ি নিব বিচাৰিছে’’ ।

লগতে তেওঁলোকে কয় যে, আজি দিল্লীৰ লগত এনেকুৱা হৈছে আৰু পৰৱৰ্তী সময়ত আন আন ৰাজ্যৰ লগতো এনেকুৱা হ’ব । ৰাজ্যৰ অধিকাৰসমূহ কেন্দ্ৰই নিজৰ আওঁতালৈ নিব বিছাৰিছে’’ ।

গতিকে অসমৰ লগতে অন্যান্য ৰাজ্যসমূহকো এই বিধেয়কখন বিৰোধিতা কৰিবলৈ আহ্বান জনায় আপ অসমৰ কাৰ্যকৰ্তাসকলে । ইয়াৰোপৰি, আম আদমি পার্টি অসমৰ তৰফৰ পৰা ৰাজ্যপালৰ জৰিয়তে ৰাষ্ট্ৰপতিলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰা হয় আৰু এই সন্দৰ্ভত ৰাষ্ট্ৰপতিৰ হস্তক্ষেপৰ দাবী জনোৱা হয় ৷

লগতে পঢ়ক : হেলিকপ্টাৰৰ চমকে সহায় কৰিব কাক ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.