ETV Bharat / state

Demand of Drinking water: গুৱাহাটীত বিশুদ্ধ খোৱাপানী যোগানৰ দাবীত আন্দোলনত নামিব আপ - Pure drinking water supply in Guwahati

গুৱাহাটীত খোৱাপানী যোগানৰ দাবীত আপৰ ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী ঘোষণা( AAP demanding pure drinking water in Guwahati) ৷

AAP Assam press meet for Pure drinking water
AAP Assam press meet: খোৱাপানী যোগানৰ দাবীত ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী ঘোষণা
author img

By

Published : Oct 31, 2022, 7:14 PM IST

গুৱাহাটী, 31 অক্টোবৰ: গুৱাহাটীবাসীক বিশুদ্ধ খোৱাপানী প্ৰদান, ষ্ট্ৰীট লাইটৰ ব্যৱস্থা, ৱাৰ্ডে ৱাৰ্ডে একোখনকৈ চৰকাৰী চিকিৎসালয় স্থাপন, প্ৰতিটো ৱাৰ্ডৰ উন্নয়নৰ বাবে ১০কোটি টকাকৈ আৱন্টন দিয়া আদি আছিল পৌৰনিগমৰ নিৰ্বাচনৰ প্ৰচাৰকালত দিয়া প্ৰতিশ্ৰুতিসমূহৰ কেইটামান উদাহৰণ । এই প্ৰতিশ্ৰুতিসমূহ কাৰ্যকৰী হৈছে নে নাই এই ক্ষেত্ৰত ৰাইজৰ মতামত বিচাৰিছে আপ, অসমে ।

আপ, অসমে এই খোৱাপানী আন্দোলনত প্ৰথম পৰ্যায়ত গুৱাহাটীৰ এক লাখ পৰিয়ালৰ সৈতে প্ৰত্যক্ষ সম্পৰ্ক কৰাৰ লগতে সামাজিক মাধ্যমৰ জৰিয়তেও মতামত গ্ৰহণ কৰাৰ উদ্যোগ লৈছে(Pure drinking water problem in Guwahati) । আপৰ মহানগৰ সমিতিৰ সহযোগত এক নৱেম্বৰৰ পৰা দলটোয়ে ঘোষণা কৰিছে আন্দোলনৰ কাৰ্যসূচী ।

সোমবাৰে গণেশগুৰিস্থিত মুখ্য কাৰ্যালয়ত আয়োজন কৰা এখন সংবাদমেলত এই কথা সদৰি কৰে আপ, অসমৰ ৰাজ্যিক সমন্বয়ক ডাঃ ভবেন চৌধুৰীয়ে (AAP Assam press meet for Pure drinking water) ।

AAP Assam press meet: খোৱাপানী যোগানৰ দাবীত ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী ঘোষণা

আপৰ উত্তৰ-পূৰ্বাঞ্চলৰ তত্ত্বাৱধায়কৰ দায়িত্বত থকা ৰাজেশ শর্মাও সংবাদ মেলখনত উপস্থিত থাকে । সংবাদমেলখনত আপ,অসমৰ যুটীয়া সমন্বয়ক জিতুল ডেকাই খোৱাপানী আন্দোলনৰ কাৰ্যসূচী বৰ্ণনা কৰি স্বাধীনতাৰ ৭৫ বছৰ পিছতো গুৱাহাটীবাসীয়ে এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ কৰিব লগা হোৱাটো অতি দুর্ভাগ্যজনক বিষয় বুলি উল্লেখ কৰে (Pure drinking water supply in Guwahati)।

গুৱাহাটীৰ কাষেৰে বৈ গৈছে মহাবাহু ব্ৰহ্মপুত্ৰ । অথচ পানী যোগান আঁচনিৰ নামত কোটি কোটি টকা ব্যয় কৰিও আজি পর্যন্ত গুৱাহাটীবাসীক বিশাল ব্ৰহ্মপুত্ৰৰ পানী পৰিশোধন কৰি খোৱাপানী হিচাপে যোগান ধৰিব নোৱাৰাটো চৰকাৰী ব্যৰ্থতা বুলি সংবাদমেলখনত উল্লেখ কৰে । বছৰৰ পিছত বছৰ ধৰি পানী যোগান আঁচনিৰ নামত শ শ কোটি টকা ব্যয় হৈছে, তথাপিও গুৱাহাটীবাসী আজি তৃষ্ণাতুৰ ৷ এটুপি বিশুদ্ধ পানীৰ নামত হাহাকাৰ কৰিবলগীয়া হৈছে গুৱাহাটীবাসীয়ে ।

কমিছনৰ অংকত কেইবাশ কোটিটকীয়া পানী যোগান আচঁনি অচল । যোৱা পৌৰনিগমৰ নিৰ্বাচনৰ প্ৰচাৰ কালত চৰকাৰৰ মন্ত্ৰী, সাংসদ, বিধায়ককে ধৰি মুখ্যমন্ত্ৰীয়েও গুৱাহাটীবাসীক দিছিল খোৱাপানী প্ৰদানৰ প্ৰতিশ্ৰুতি । জুলাই মাহৰ পৰা খোৱাপানী যোগানৰ প্ৰতিশ্ৰুতি আগবঢ়াইছিল যদিও নৱেম্বৰ মাহ সমাগত স্বত্ত্বেও প্ৰতিশ্ৰুতি অনুসৰি খোৱা পানী যোগান ধৰিব পৰা নাই চৰকাৰে । সেয়ে গুৱাহাটীবাসীক খোৱাপানী যোগানৰ দাবীত আপ, অসমে হাতত লৈছে এক বিস্তৃত ধাৰাবাহিক প্ৰতিবাদী কাৰ্যসূচী(AAP Assam protest for pure drinking water) ।

তাৰ অংশ হিচাপে প্ৰথম পৰ্যায়ত গুৱাহাটীবাসীৰ মাজত জনমত গঢ়াৰ উদ্দেশ্যেৰে এক নৱেম্বৰৰ পৰা দলটোৱে গুৱাহাটীৰ প্ৰতিটো ৱাৰ্ডে ৱাৰ্ডে গৈ প্ৰতিটো পৰিয়ালক গোহাঁৰি পত্ৰ বিতৰণ কৰিব ( AAP demanding pure drinking water in Guwahati)। এই গোহাঁৰি পত্ৰতেই মতামত গ্ৰহণ কৰাৰ বাবে ৰাইজলৈ কেইটামান প্ৰশ্ন আগবঢ়াইছে আপ অসমে । য'ত দলটোৱে যোৱা পৌৰনিগমৰ নিৰ্বাচনত চৰকাৰৰ মন্ত্ৰী, সাংসদ, বিধায়ক তথা মুখ্যমন্ত্ৰীয়ে দিয়া কিছু প্ৰতিশ্ৰুতি উল্লেখ কৰিছে ।

গুৱাহাটীবাসীক বিশুদ্ধ খোৱা পানী প্ৰদান, ষ্ট্ৰীট লাইটৰ ব্যৱস্থা, ৱাৰ্ডে ৱাৰ্ডে একোখনকৈ চৰকাৰী চিকিৎসালয় স্থাপন, প্ৰতিটো ৱাৰ্ডৰ উন্নয়নৰ বাবে ১০কোটি টকাকৈ আৱন্টন দিয়া আদি আছিল পৌৰনিগমৰ নিৰ্বাচনৰ প্ৰচাৰকালত দিয়া প্ৰতিশ্ৰুতিসমূহৰ কেইটামান উদাহৰণ । এই প্ৰতিশ্ৰুতিসমূহ কাৰ্যকৰী হৈছে নে নাই এই ক্ষেত্ৰত ৰাইজৰ মতামত বিচাৰি দলটোৱে আৰম্ভ কৰিছে এই অভিযানৰ ।

আপ, অসমে এই খোৱাপানী আন্দোলনত প্ৰথম পৰ্যায়ত গুৱাহাটীৰ এক লাখ পৰিয়ালৰ সৈতে প্ৰত্যক্ষ সম্পৰ্ক কৰাৰ লগতে সামাজিক মাধ্যমৰ জৰিয়তেও মতামত গ্ৰহণৰ বাবে বিশেষ উদ্যোগ গ্ৰহণ কৰিছে ।

লগতে পঢ়ক: National Unity day 2022: দুপৰীয়া পৰ্যন্ত ৰঙিয়াত পালন কৰা নহ’ল ৰাষ্ট্ৰীয় একতা দিৱস

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.