ETV Bharat / state

Protech Housing: প্র’টেক হাউছিঙৰ অনিয়মৰ বিৰুদ্ধে ৰাজ্যপালক আপৰ স্মাৰকপত্র প্ৰদান

author img

By

Published : May 7, 2023, 10:42 PM IST

মন্ত্ৰী অশোক সিংহলৰ পুত্ৰৰ মালিকানাধীন প্ৰ’টেক হাউছিঙৰ বিৰুদ্ধে ৰাজ্যপালৰ ওচৰত অভিযোগ দাখিল আপৰ ৷ প্ৰ’টেক হাউছিঙৰ বিৰুদ্ধে নীতিবৰ্হিভূতভাৱে কাম কৰাৰ অভিযোগ (Protech Housing irregularities) ৷

Protech Housing
Protech Housing
প্ৰ’টেক হাইছিঙৰ বিৰুদ্ধে অনিয়মৰ অভিযোগ

গুৱাহাটী, ৭ মে’ : মন্ত্ৰী অশোক সিংহলৰ বিৰুদ্ধে সৰৱ আম আদমি পাৰ্টী চমুকৈ আপ ৷ আপৰ ৰাজ্যিক উপ-সভাপতি জিতুল ডেকাৰ নেতৃত্বত দেওবাৰে এটা প্ৰতিনিধি দলে ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াক (Gulab Chand Kataria) সাক্ষাৎ কৰি গুৱাহাটীৰ অনিল নগৰত মন্ত্ৰী অশোক সিংহলৰ পুত্ৰৰ মালকানাধীন প্ৰ’টেক হাউছিঙে নিয়ম বহির্ভূতভাৱে ২২ মহলীয়া অট্টালিক নিৰ্মাণ কৰা সন্দৰ্ভত হস্তক্ষেপ বিচাৰি এক স্মাৰকপত্ৰ প্ৰদান কৰে (Allegation against Protech Housing) ৷

উল্লেখ্য যে, মহানগৰীৰৰ অনিল নগৰত মন্ত্ৰী অশোক সিংহলৰ পুত্ৰৰ প্ৰতিষ্ঠান প্ৰ’টেক হাউছিঙে অনিয়মেৰে ২২ মহলীয়া অট্টালিকা নিৰ্মাণ কৰি থকাৰ কথা আপে সংবাদমেল যোগে ৰাজহুৱা কৰিছিল ৷ এই সন্দৰ্ভত ২ মে’ত ৰাজ্যপালক স্মাৰক পত্ৰ প্ৰদান কৰা হৈছিল ৷ স্মাৰক পত্ৰৰ বিষয় সন্দৰ্ভত ৰাজ্যপালক সাক্ষাৎ কৰি আলোচনা কৰিবৰ বাবে দেওবাৰে আপৰ অসমৰ এটা সঁজাতী দলক ৰাজভৱনলৈ আমন্ত্ৰণ জনোৱা হয় ৷

সেই উদ্দেশ্যেৰে আজি আপৰ প্ৰতিনিধি দলটোৱে ৰাজ্যপালৰ লগত এক আলোচনাত মিলিত হয় ৷ দলটোৱে প্ৰ’টেক হাউচিঙৰ কেলেংকাৰীৰ লগতে ৰাজ্যৰ আন কেতবোৰ সমস্যাৰ সমাধানৰ বাবে স্মাৰক পত্ৰ প্ৰদান কৰে ৷

উল্লেখ্য যে, জি এম ডি এ আৰু গুৱাহাটী পৌৰ নিগমৰ সকলো নীতি নিয়ম জলাঞ্জলি দি গুৱাহাটী উন্নয়নৰ দায়িত্বত থকা মন্ত্ৰীগৰাকীয়ে তেওঁৰ পুত্ৰৰ মালিকানাধীন প্ৰ'টেক হাউছিং নামৰ প্ৰতিষ্ঠানটোক অনিল নগৰত ২২ মহলীয়া অট্টালিকা নিৰ্মাণৰ অনুমতি দিয়াৰ বিৰুদ্ধে ৰাজ্যপালৰ হস্তক্ষেপ বিচাৰে দলটোৱে (Protech Housing construction in Guwahati) ৷

কাৰণ নির্মীয়মান অট্টালিকাটোৰ পথৰে এখন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীৰ লগতে দুখন চাৰিচকীয়া বাহন একেলগে পাৰ হ’ব নোৱাৰে ৷ যাৰ বাবে পথটোত অইন সাধাৰণ লোকক প্ৰথম বা দ্বিতীয় মহলাতকৈ বেছি উচ্চতাৰ ঘৰ নিৰ্মাণৰ অনুমতি প্ৰদান কৰা হোৱা নাই ৷ তেনেস্থলত কেনেদৰে ২২ মহলীয়া অট্টালিকা নিৰ্মাণ কৰি থকা হৈছে (Construction of Protech Housing) ৷

আনহাতে স্মাৰকপত্ৰৰ জৰিয়তে ৰাজ্যত বৃদ্ধি পোৱা নাৰী তথা শিশু নির্যাতন, ধৰ্ষণ আদি ৰোধৰ বাবে ব্যৱস্থা লোৱা, মহানগৰীৰ বাসিন্দাৰ খোৱা পানীৰ সমস্যা, বৰ্ধিত বিদ্যুৎ মাছুল, চুবুৰীয়া ৰাজ্যৰ সৈতে সীমা সমস্যা, নিযুক্তি পৰীক্ষাৰ কেবাটাও পদত এজন প্ৰাৰ্থী বাছনি হোৱাৰ বিপৰীতে অপেক্ষাৰ তালিকাৰ ব্যৱস্থা কৰা আদি বিষয় আলোচনা কৰে ৷ ৰাজ্যপাল কাটাৰীয়াই বিষয়সমূহ পর্যবেক্ষণ কৰি পদক্ষেপ গ্ৰহণৰ আশ্বাস দিয়া বুলি সাংবাদিকৰ আগত আপৰ নেতা জিতুল ডেকাই সদৰী কৰে ৷

লগতে পঢ়ক: ADR controversy: নিযুক্তি প্ৰক্ৰিয়াকলৈ শৰ্মা চৰকাৰৰ বিৰুদ্ধে সৰৱ বিধায়ক অখিল গগৈ; তুলিলে বিস্ফোৰক অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.