গুৱাহাটী, ১৩ ফেব্ৰুৱাৰী: ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগৰ তৃতীয় বৰ্গৰ (ডি এইচ এছ) পদত নিযুক্তিৰ বাবে দেওবাৰে অনুষ্ঠিত হৈ যোৱা লিখিত পৰীক্ষাত প্ৰশ্নকাকত আৰু অ’ এম আৰ শ্বীট ভাইৰেল হোৱা ঘটনাক আম আদমি পাৰ্টীয়ে কঠোৰ ভাষাৰে গৰিহণা দিয়ে (Health department question paper leaked) । সোমবাৰে দলটোৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এখন সংবাদমেল আপৰ ৰাজ্যিক মুখপাত্র সুশান্ত কুমাৰ নাথে স্বাস্থ্য বিভাগৰ পৰীক্ষাৰ প্রশ্ন কাকত ফাদিল হোৱা ঘটনাৰ এক ন্যায়িক তদন্তৰ দাবী জনায় (AAP press meet at Guwahati) ৷
আপৰ ৰাজ্যিক মুখপাত্র সুশান্ত কুমাৰ নাথে (AAP state spokesperson Sushant Kumar Nath) কয়, "স্বাস্থ্য বিভাগৰ প্ৰায় ২২০০ পদৰ নিযুক্তিৰ বাবে ৰাজ্যজুৰি অনুষ্ঠিত লিখিত পৰীক্ষাত আৰক্ষীয়ে কঠোৰ তালাচী চলোৱাৰ পাচতহে পৰীক্ষা গৃহত প্ৰৱেশৰ অনুমতি দিছিল । য'ত ম'বাইল ফোন নিষিদ্ধ আছিল । কিন্তু পৰীক্ষা চলি থকা সময়তে পৰীক্ষা কেন্দ্ৰৰ ভিতৰৰ পৰা এগৰাকী পৰীক্ষাৰ্থীয়ে নিজৰ অ’ এম আৰ শ্বীটখন ফটো তুলি নিজৰ সামাজিক মাধ্যমত ভাইৰেল কৰাত নিযুক্তি পৰীক্ষাটোত ব্যাপক বিসংগতি আৰু দুৰ্নীতি সংঘটিত হৈছে ।"
ইতিমধ্যে অনুষ্ঠিত হৈ যোৱা এই পৰীক্ষাটোত চৰকাৰে কেনে ধৰণৰ সচেতনতা অৱলম্বন কৰিছিল আৰু এই পৰীক্ষা কিমান নিকা আৰু স্বচ্ছ আছিল তাৰ জ্বলন্ত উদাহৰণ বেগম উপাধিৰ ২০৯১৬০১২ ৰোল নম্বৰ পৰীক্ষাৰ্থীগৰাকীয়ে ভাইৰেল কৰা অ’ এম আৰ শ্বীটখনেই বুলি সংবাদমেলত তথ্য সদৰি কৰে সুশান্ত কুমাৰ নাথে । তেওঁ লগতে চৰকাৰক প্রশ্ন কৰে যে, এটা পৰীক্ষাত ইন্টাৰনেট কৰ্তন কৰি অন্য এটা পৰীক্ষাত পৰীক্ষাৰ্থীসকলক হাতত ম'বাইল ফোন লৈ পৰীক্ষা গৃহত প্ৰৱেশ কৰিবলৈ দিয়াটো চৰকাৰৰ কেনে ধৰণৰ নিয়ম ?
তেওঁ লগতে কয় যে, সকলো তথ্য প্রমাণ থকাৰ পাছতো চৰকাৰে এতিয়ালৈকে এই ঘটনাৰ সন্দৰ্ভত মৌন হৈ থকাটো এটা ডাঙৰ ৰহস্য । ইয়াত কোনো বিশেষ পক্ষৰ গোপন অভিসন্ধি নিহিত হৈ আছে নেকি বুলি সংবাদমেলত দলটোৱে প্ৰশ্ন উত্থাপন কৰে । উল্লেখ্য যে ইয়াৰ পূৰ্বেও অনুষ্ঠিত হোৱা চৰকাৰৰ প্ৰতিটো নিযুক্তিৰ পৰীক্ষা যেনে এছ আই, পি এন আৰ ডি আদিত এনে ধৰণৰ ব্যাপক দুৰ্নীতি ভ্ৰষ্টাচাৰ সংঘটিত হৈ আহিছে আৰু ইয়াৰ কোনো উচিত তদন্ত আজিলৈকে হোৱা নাই বুলি তেওঁ অভিযোগ কৰে ।
আপৰ ৰাজ্যিক মুখপাত্র সুশান্ত কুমাৰ নাথে সংবাদমেলত ইতিমধ্যে অনুষ্ঠিত হৈ যোৱা স্বাস্থ্য বিভাগৰ পৰীক্ষাৰ প্রশ্ন কাকত ফাদিল হোৱা ঘটনাৰ এক ন্যায়িক তদন্তৰ দাবী কৰে (Health department recruitment exam paper leak) । তেওঁ লগতে এই পৰীক্ষা বেআইনী বুলি ঘোষণা কৰি পুনৰ অনুষ্ঠিত কৰাৰ দাবী জনায় । সংবাদমেলত দলটোৰ মুখপাত্র আলাউদ্দিন আহমেদ আৰু হেপী গগৈও উপস্থিত থাকে ।