ETV Bharat / state

Demand of Drinking water: আপৰ ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী আৰম্ভ - আপ অসমৰ ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী আৰম্ভ

বিশুদ্ধ খোৱা পানীৰ দাবীত আপ অসমে গ্ৰহণ কৰিছে ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী ৷ আজি গুৱাহাটীৰ 25 নম্বৰ ৱাৰ্ডৰ পৰা আৰম্ভ কৰা হয় এই প্ৰতিবাদী কাৰ্যসূচীৰ (AAP demanding pure drinking water in Guwahati) ৷

AAP Assam protest started from ward no 25 of Guwahati today
Demand of Drinking water: আপ অসমৰ ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী আৰম্ভ
author img

By

Published : Nov 1, 2022, 4:10 PM IST

গুৱাহাটী, 1 নৱেম্বৰ: গুৱাহাটীবাসীক বিশুদ্ধ খোৱা পানী প্ৰদান, ষ্ট্ৰীট লাইটৰ ব্যৱস্থা কৰা আদি দাবীৰ সমৰ্থনত আম আদমী পাৰ্টীয়ে মঙলবাৰৰ পৰা গুৱাহাটীৰ ৱাৰ্ডে ৱাৰ্ডে আৰম্ভ কৰিছে আন্দোলনৰ কাৰ্যসূচী( AAP demanding pure drinking water in Guwahati) । আপৰ পূৰ্ব ঘোষিত কাৰ্যসূচী অনুযায়ী মঙলবাৰে গুৱাহাটীৰ 25 নম্বৰ ৱাৰ্ডৰ পৰা আৰম্ভ কৰা হয় প্ৰতিবাদী কাৰ্যসূচীৰ(AAP Assam protest for pure drinking water) ৷ গুৱাহাটীবাসীক বিশুদ্ধ খোৱা পানী প্ৰদান, ষ্ট্ৰীট লাইটৰ ব্যৱস্থা কৰা আদি দাবীৰ সমৰ্থনত আম আদমী পাৰ্টীয়ে গ্ৰহণ কৰে আন্দোলনৰ কাৰ্যসূচী ।

আপ অসমৰ ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী আৰম্ভ

আজি প্ৰথমদিনাৰ কাৰ্যসূচীত অংশ লৈ আপৰ উত্তৰ-পূৰ্বাঞ্চলৰ তত্ত্বাৱধায়কৰ দায়িত্বত থকা ৰাজেশ শর্মাই কয় যে গুৱাহাটীবাসীক বিশুদ্ধ খোৱা পানী প্ৰদান, ষ্ট্ৰীট লাইটৰ ব্যৱস্থা, ৱাৰ্ডে ৱাৰ্ডে একোখনকৈ চৰকাৰী চিকিৎসালয় স্থাপন, প্ৰতিটো ৱাৰ্ডৰ উন্নয়নৰ বাবে ১০কোটি টকাকৈ আৱন্টন দিয়া আদি আছিল পৌৰ নিগমৰ নিৰ্বাচনৰ প্ৰচাৰকালত দিয়া প্ৰতিশ্ৰুতি সমূহৰ কেইটামান উদাহৰণ(Pure drinking water problem in Guwahati) । এই প্ৰতিশ্ৰুতিসমূহ কাৰ্যকৰী হৈছে নে নাই এই ক্ষেত্ৰত ৰাইজৰ মতামত বিচাৰি দলটোৱে এই কাৰ্যসূচী গ্ৰহণ কৰিছে ।

ইয়াৰ অংশ হিচাপে প্ৰথম পৰ্যায়ত গুৱাহাটীবাসীৰ মাজত জনমত গঢ়াৰ উদ্দেশ্যেৰে এক নৱেম্বৰৰ পৰা দলটোৱে গ্ৰহণ কৰিছে জনজাগৰণ কাৰ্যসূচী(AAP Assam initiatives for Pure drinking water)৷ কাৰ্যসূচীৰ অংশ হিচাপে আজি দলটোৰ কৰ্মকৰ্তাসকলে গুৱাহাটীৰ ৱাৰ্ডে ৱাৰ্ডে গৈ প্ৰতিটো পৰিয়ালৰ মাজত গোহাঁৰি পত্ৰ বিতৰণ কৰে । এই গোহাঁৰি পত্ৰতেই ৰাইজৰ মতামত জনাৰ উদ্দেশ্যৰে দলটোৱে সন্নিৱিষ্ট কৰিছে কেইটামান প্ৰশ্ন ৷

য'ত দলটোৱে উল্লেখ কৰিছে বিগত পৌৰ নিগমৰ নিৰ্বাচনত চৰকাৰৰ মন্ত্ৰী, সাংসদ, বিধায়ক তথা মুখ্যমন্ত্ৰীয়ে দিয়া কিছু প্ৰতিশ্ৰুতিৰ ৷ নিৰ্বাচনকেন্দ্ৰিক প্ৰতিশ্ৰুতি পূৰণত ৰাজনৈতিক দলবোৰ কিমান দূৰ সফল হৈছে সেয়া জনাৰ উদ্দেশ্যৰে আম আদমী পাৰ্টী,অসমে আৰম্ভ কৰিছে এই অভিযানৰ ৷ খোৱাপানীৰ বাবে আৰম্ভ কৰা এই অভিযানত প্ৰথম পৰ্যায়ত গুৱাহাটীৰ এক লাখ পৰিয়ালৰ সৈতে প্ৰত্যক্ষ সম্পৰ্ক কৰাৰ লগতে সামাজিক মাধ্যমৰ জৰিয়তেও সৰ্বসাধাৰণৰ মতামত গ্ৰহণৰ বাবে উদ্যোগ গ্ৰহণ কৰিছে আপে ৷

লগতে পঢ়ক: Incomplete school building: ঠিকাদাৰৰ গাফিলতিৰ বাবে সমস্যাৰ সন্মুখীন বিদ্যালয় কৰ্তৃপক্ষ

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.