Press Meet of AAP in Guwahati: লোকসভা নিৰ্বাচনত তিনিৰ পৰা পাঁচখন আসনৰ দাবী আপৰ - লোকসভা নিৰ্বাচনত তিনিৰ পৰা পাঁচটা আসনৰ দাবী আপৰ
ডিব্ৰুগড়, গুৱাহাটী, তেজপুৰ আদিত আপৰ সবল স্থিতি বুলি দাবী । এই সন্দৰ্ভত আম আদমী পাৰ্টীৰ অসম প্ৰদেশৰ সংবাদমেল ।


Published : Oct 16, 2023, 7:50 PM IST
গুৱাহাটী, ১৬ অক্টোবৰ : আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে আম আদমী পাৰ্টীৰ অসম প্ৰদেশেও কঁকালত টঙালি বান্ধিছে । সোমবাৰে গুৱাহাটীত অনুষ্ঠিত এখন সংবাদমেলত আম আদমী পাৰ্টীৰ অসম প্ৰদেশেৰ সভাপতি ডাঃ ভবেন চৌধুৰীয়ে আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে আম আদমী পাৰ্টীৰ অসম প্ৰদেশে সাজু বুলি উল্লেখ কৰে । ডাঃ ভবেন চৌধুৰীয়ে কয় যে তেওঁলোকৰ দলটোৱে 'ইণ্ডিয়া'ৰ লগত সম্মিলিতভাৱে অসমত নিৰ্বাচনত অৱতীৰ্ণ হ'ব ।
আম আদমী পাৰ্টীৰ অসম প্ৰদেশেৰ সভাপতি ডাঃ ভবেন চৌধুৰীয়ে এই সন্দৰ্ভত কয়,"আমি অসমত লোকসভা নিৰ্বাচনত তিনিৰ পৰা পাঁচখন আসনৰ দাবী জনাম । ডিব্ৰুগড়, গুৱাহাটী, তেজপুৰ আদিত আপৰ ভেটি ভাল । কিন্তু এতিয়ালৈকে অসমত লোকসভা নিৰ্বাচনত কোনকেইটা সমষ্টি দাবী কৰিব সেয়া চূড়ান্ত কৰা হোৱা নাই । এই সন্দৰ্ভত পৰৱৰ্তী সময়ত মিত্ৰজোঁটৰ লগত বৈঠক অনুষ্ঠিত কৰা হ'ব বুলি উল্লেখ কৰে আম আদমী পাৰ্টীৰ অসম প্ৰদেশেৰ সভাপতি ডাঃ ভবেন চৌধুৰীয়ে ।
তেওঁ পুনৰ কয় যে আগন্তুক সকলো নির্বাচনতে আম আদমী পার্টীয়ে প্রতিদ্বন্দ্বিতা আগবঢ়াব ৷ দেওবাৰে দিল্লীত অনুষ্ঠিত আপৰ বৈঠকতে ২০২৪ ৰ লোকসভা নিৰ্বাচনত অসমত আপৰ অংশগ্ৰহণৰ বাবে আসন সম্পৰ্কীয় আলোচনাৰ স্বতন্ত্রতা প্ৰদান কৰিছে আম আদমী পাৰ্টীৰ অসম প্ৰদেশক ৷ উত্তৰ-পূৱ ভাৰতত আম আদমী পাৰ্টীৰ ভেটি সুদৃঢ় কৰিবলৈ পৰিকল্পনা যুগুত কৰিছে অৰবিন্দ কেজৰিৱালে ৷ নৱেম্বৰত মিজোৰাম বিধানসভা নির্বাচন, ২০২৪ ৰ মে'ত অৰুণাচল প্রদেশ বিধানসভা নির্বাচন, অসমৰ পঞ্চায়ত নির্বাচন আৰু আগন্তুক লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত আপ উত্তৰ পূৰ্বাঞ্চল সমন্বয়ৰক্ষী সমিতি গঠনৰ নিৰ্দেশ অৰবিন্দ কেজৰিৱালে দিয়া বুলি কয় পাৰ্টীৰ সভাপতি ডাঃ ভবেন চৌধুৰীয়ে ।
TAGGED:
Press Meet of AAP in Guwahat